1 যোহন
গ্রন্থ ৰচয়িতা
এই পত্রখনে লিখক চিনাক্ত কৰা নাই, কিন্তু শক্তিশালী, সংগতিপূর্ণ আৰু মণ্ডলীৰ নিকটতম সাক্ষ্যই দেখুৱাই দিয়ে যে এইটো শিষ্য আৰু পাঁচনি যোহনে লিখিছিল (লুক 6:13,14)। যদিও এই পত্রত যোহনৰ নাম কেতিয়াও উল্লেখ কৰা নাই, তথাপি লিখক হিচাপে তেওঁৰ ওচৰত তিনিটা আকর্ষক ইঙ্গিত আছে। প্রথম, প্ৰাৰম্ভণিতে দ্বিতীয় শতাব্দীৰ লিখকসকলে তেওঁকে লিখক হিচাপে উল্লেখ কৰে। দ্বিতীয়, এই পত্রৰ মাজত আছে যোহনে লিখা শুভবার্তাৰ অনুৰূপ শব্দভাণ্ডাৰ আৰু লিখা ধৰণ। তৃতীয়, লিখকে ইয়াত লিখিছে যে, তেওঁ যীচুৰ শৰীৰ দেখা পাইছিল আৰু স্পর্শ কৰিছিল, ইয়ে আছিল পাঁচনিৰ নিশ্চিত সত্য (1 যোহন 1:14; 4:14)।
লিখাৰ স্থান আৰু সময়
সম্ভাব্য সময় প্ৰায় 85-95 খ্ৰীষ্টাব্দ।
তেওঁৰ জীৱনৰ শেষ অংশত ইফিচত থকা সময়ত যোহনে এই পত্র লিখিছে, যেতিয়া তেওঁ তেওঁৰ বৃদ্ধ বয়সৰ বেছিভাগ সময় ব্যয় কৰিছিল।
প্রাপক
1 যোহনৰ বাবে কোনো নির্দিষ্ট দর্শকৰ নির্দেশ এই পত্রত উল্লেখ কৰা নাই। যি হওক, এই বিষয়বস্তুৱে নির্দেশ কৰে যে যোহনে বিশ্বাসীসকললৈ লিখিছিল (1 যোহন 1:34; 2:12,14). এইটো সম্ভব যে, ইয়াত বহু ঠাইত সাধু সম্বোধন কৰা হয়। সাধাৰণতে সকলো খ্রীষ্টিয়ানসকলৰ প্রতি, 2:1, “মোৰ শিশু সন্তানসকল”।
উদ্দেশ্য
যোহনে সহভাগীতা উন্নত কৰিবলৈ লিখিছিল, যাতে আমি আনন্দৰে সৈতে পৰিপূর্ণ হওঁ, আমি যাতে পাপৰ পৰা দূৰত থাকো, পৰিত্রাণৰ নিশ্চয়তা দিয়া, বিশ্বাসীসকলৰ সম্পূর্ণ মুক্তিৰ নিশ্চয়তা আৰু বিশ্বাসীসকলক খ্রীষ্টৰ সৈতে এক ব্যক্তিগত সহভাগীতালৈ অনা। যোহনে বিশেষকৈ নির্দেশ কৰিছিল, যিসকলক মণ্ডলীৰ পৰা পৃথক কৰা হৈছিল সেই ভুৱা শিক্ষকসকলৰ বিষয় সমূহ আৰু যিসকলে বিচাৰিছিল, সেই লোকসকলক সত্য শুভবার্তালৈ আনিবৰ বাবে লিখিছিল।
মূল বিষয়
ঈশ্বৰৰ সৈতে সহভাগীতা।
প্রান্তৰেখা
1. অৱতাৰ বাস্তৱতা — 1:1-4
2. সহভাগীতা — 1:5-2:17
3. প্রতাড়ণাৰ স্বীকৃতি — 2:18-27
4. বর্তমান পবিত্র জীৱন যাপনৰ বাবে প্রণোদনা — 2:28-3:10
5. নিশ্চয়তাৰ কাৰণে প্রেমৰ ভিত্তি — 3:11-24
6. মিছা আত্মাবোৰৰ বিচাৰ — 4:1-6
7. পবিত্রকৰণৰ আৱশ্যকতা — 4:7-5:21
1 অধ্যায়
ঈশ্বৰৰ সৈতে সহভাগিতাৰ শুভ ফল
যি আদিৰে পৰা আছিল* যো. 1:1, যি আমি শুনিলোঁ, যি চকুৰে দেখিলোঁ, যি আমি মনোযোগেৰে দৃষ্টি কৰি দেখিলোঁ আৰু যি আমাৰ হাতেৰে অনুভৱ কৰিলোঁ, সেই জীৱনৰ বাক্যৰ প্ৰসংগ আমি লিখিলোঁ, আৰু সেই জীৱন প্ৰকাশিত আছিল সেই জীৱন যীচু খ্ৰীষ্ট, আমি দেখিছিলোঁ, সাক্ষ্য বহন কৰিছিলোঁ আৰু আপোনালোকলৈ সেই অনন্ত জীৱন ঘোষণা কৰোঁ, যি অনন্ত জীৱন পিতৃৰ সৈতে আছিল আৰু আমাৰ আগত প্ৰকাশিত হ’ল;
সেয়া আমি দেখিলোঁ, শুনিলোঁ আৰু আপোনালোকলৈ ঘোষণাও কৰিলোঁ, গতিকে আপোনালোকেও আমাৰ সৈতে সহভাগীতা ৰাখিব। আমাৰ যি সহভাগীতা, সেয়া পিতৃৰ সৈতে আৰু তেওঁৰ পুত্র যীচু খ্রীষ্টৰ সৈতে সহভাগিতা। যো 17:21 আৰু আপোনালোকৰ আনন্দ যেন সম্পূৰ্ণ হয়, সেই কাৰণে আমি এইবোৰ কথা লিখিছোঁ।
আমি যি বাৰ্তা তেওঁৰ পৰা শুনি আপোনালোকৰ আগত ঘোষণা কৰিছোঁ, সেই বার্তাই হ’ল, ঈশ্বৰ পোহৰ আৰু তেওঁত আন্ধাৰ অকণ মানো নাই। সেয়েহে আমি যদি তেওঁৰে সৈতে সহভাগিতাত আছোঁ বুলি কওঁ আৰু আমি আন্ধাৰত চলোঁ, § যো 12:35; 1 থি 5:4 তেনেহলে আমি মিছলীয়া আৰু সত্যৰ আচৰণ আমাৰ নাই৷ কিন্তু তেওঁ যেনেকৈ পোহৰত আছে, তেনেকৈ আমিও যদি পোহৰত চলোঁ, তেনেহলে পৰস্পৰ মাজত আমাৰ সহভাগিতা আছে আৰু তেওঁৰ পুত্ৰ, যীচুৰ তেজে সকলো পাপৰ পৰা আমাক শুচি কৰে।
আমাৰ পাপ নাই বুলি যদি কওঁ, তেনেহলে আমি নিজেই নিজকে ভুলাওঁ; আৰু আমাৰ অন্তৰত সত্যতা নাই। কিন্তু আমি যদি আমাৰ পাপবোৰ স্বীকাৰ কৰোঁ, * গীত 32:5; হিতো 28:13 তেনেহলে বিশ্বাসী আৰু ধাৰ্মিক যি তেওঁ, তেওঁ আমাৰ পাপবোৰ ক্ষমা কৰে আৰু সকলো অধৰ্মৰ পৰা আমাক শুচি কৰে। 10 আমি পাপ কৰা নাই বুলি যদি কওঁ, তেনেহলে তেওঁক মিছলীয়া পাতোঁ আৰু আমাৰ অন্তৰত তেওঁৰ বাক্য নাই।

*1 অধ্যায়:1 যো. 1:1

1 অধ্যায়:2 সেই জীৱন যীচু খ্ৰীষ্ট

1 অধ্যায়:3 যো 17:21

§1 অধ্যায়:6 যো 12:35; 1 থি 5:4

*1 অধ্যায়:9 গীত 32:5; হিতো 28:13