1 পিতৰ
গ্রন্থ ৰচয়িতা
আৰম্ভণিৰ পদত পিতৰে ইংগিত কৰিছে যে, যীচু খ্রীষ্টৰ এজন পাঁচনি এই পত্ৰৰ লিখক। যি জনে নিজকে যীচু খ্রীষ্টৰ এজন পাঁচনি হিচাপে আখ্যায়িত কৰিছে (1 পিতৰ 1:1)। তেওঁৰ সঘনাই দিয়া প্রসংগবোৰত খ্রীষ্টৰ দুখ-ভোগৰ কথা আছে (2:21-24; 3:18; 4:1; 5:1) তাতে দাসৰ দুখভোগৰ প্রোফাইল (পার্শ্বচিত্র) টো তেওঁৰ স্মৃতিত গভীৰভাবে তুলি ধৰে। তেওঁ মাতিছিল মার্ক তেওঁৰ “পুত্র” (5:13), এই যুৱক আৰু তেওঁৰ পৰিয়ালৰ প্রতি থকা তেওঁৰ মৰম-স্নেহক বাৰে বাৰে উল্লেখ কৰিছে (পাঁচনিৰ কর্ম 12:12)। এই ঘটনা সমূহৰ পৰা স্বাভাৱিকবাবে অনুমান কৰিব পাৰি যে, এই পত্রৰ লিখক আছিল পিতৰ।
লিখাৰ স্থান আৰু সময়
সম্ভাব্য সময় প্রায় 60-64 খ্রীষ্টাব্দৰ ভিতৰত।
5:13 পদত লিখকে বাবিলনত থকা মণ্ডলীলৈ এটা অভিবাদন পঠায়।
প্রাপক
পিতৰে এচিয়া মাইনৰৰ উত্তৰাঞ্চলত সিচঁৰিত হৈ থকা খ্রীষ্টিয়ানসকলৰ এটা গোটৰ ওচৰলৈ এই পত্র লিখিছিল। তেওঁ এনে এটা লোকৰ গোটলৈ এই পত্র লিখিছিল, য’ত সম্ভৱতঃ ইহুদি আৰু অনা-যিহূদী লোকসকল অন্তর্ভুক্ত হৈ আছিল।
উদ্দেশ্য
পিতৰে তেওঁৰ লিখাৰ কাৰণ বর্ণনা কৰিছিল, যেনে, তেওঁৰ পাঠকসকলক উৎসাহ দিছিল, যিসকলে তেওঁলোকৰ বিশ্বাসৰ কাৰণে নির্যাতিত হৈছিল. তেওঁ তেওঁলোকক সম্পূর্ণৰূপে আশ্বস্ত হ’বলৈ বিচাৰিছিল যে, খ্রীষ্টিয়ানসকলে অনুগ্রহ পায়, আৰু বিশ্বাস ত্যাগ নকৰিবা। 1 পিতৰ 5:12 পদত উল্লেখ আছে যে, মই তোমালোকৰ ওচৰলৈ সংক্ষেপে এই উপদেশ লিখিছোঁ আৰু ঘোষণা কৰো যে, এয়াই ঈশ্বৰৰ অনুগ্রহ। ইয়াতে দৃহ হোৱা। স্পষ্টৰূপত এই তাড়না তেওঁৰ পাঠকসকলৰ মাজত ব্যাপকভাবে বিয়পি গৈছিল। 1 পিতৰে এচিয়া মাইনৰৰ উত্তৰাঞ্চলত থকা খ্রীষ্টিয়ানসকলৰ মাজত বিয়পি পৰা তাড়নাক প্রতিফলিত কৰে।
মূল বিষয়
তাড়না লৈ উত্তৰ দিয়া।
প্রান্তৰেখা
1. শুভেচ্ছা — 1:1, 2
2. ঈশ্বৰৰ অনুগ্রহৰ বাবে তেওঁৰ প্রশংসা কৰা — 1:3-12
3. জীৱনৰ পবিত্রতাৰ বিষয়ে উপদেশ — 1:13-5:12
4. চূড়ান্ত শুভেচ্ছা — 5:13, 14
1 অধ্যায়
মঙ্গলাচৰণ
মই পিতৰ, যীচু খ্ৰীষ্টৰ মনোনীত* ৰো 8:28-30; ইফি 1:4; 2 থি 2:13 পাঁচনি, যি সকল প্ৰবাসী লোক পন্ত, গালাতীয়া, কোপ্পাদকিয়া, এচিয়া আৰু বিথুনিয়া দেশত গোট গোট হৈ আছে, তেখেত সকলৰ সমীপলৈ৷
এতিয়া পিতৃ ঈশ্ৱৰৰ পূৰ্বজ্ঞান অনুসাৰে যীচু খ্ৰীষ্টৰ আজ্ঞাধীন হ’বলৈ পবিত্ৰ আত্মাৰ দ্ৱাৰাই শুচি কৰা হ’ল আৰু তেওঁৰ তেজ ছটিয়াই দিয়া হ’ল৷ আপোনালোকলৈ অনুগ্ৰহ হওক আৰু আপোনালোকৰ শান্তি বৃদ্ধি হওক৷
ঈশ্ৱৰ আৰু আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ পিতৃ ধন্য; তেওঁৰ প্ৰচুৰ দয়া অনুসাৰে মৃত লোকৰ মাজৰ পৰা যীচু খ্ৰীষ্টৰ পুনৰুত্থানৰ দ্বাৰাই জীৱনময় আশাৰ কাৰণে আৰু অক্ষয়, নিৰ্ম্মল আৰু অজৰ উত্তৰাধিকাৰৰ কাৰণে আমাক নতুন জন্ম 1 পি 1:23; যো 1:13 দিলে; সেই উত্তৰাধিকাৰ স্বৰ্গত আপোনালোকৰ কাৰণে সঞ্চিত আছে; ই চিৰস্থায়ী, কলঙ্কিত নহয়; শুদ্ধ৷ শেষৰ কালত প্ৰকাশিত হ’বলৈ যুগুত হোৱা পৰিত্রাণৰ কাৰণে, ঈশ্বৰৰ শক্তিত আপোনালোকো বিশ্বাসৰ দ্বাৰাই ৰক্ষিত হৈ আছে।
যদিও এতিয়া বিভিন্ন দুখ-কষ্টই আপোনালোকক শোকৰ অনুভৱ আনি দিছে, তথাপি এই কথা ভাবি আপোনালোকে অানন্দ কৰক৷ অাপোনালোকৰ এই বিশ্বাস পৰীক্ষাসিদ্ধ হ’ব লাগে, কিয়নো আপোনালোকৰ বিশ্ৱাস সোণতকৈও মূল্যবান। বিশ্ৱাসৰ পৰীক্ষাত যদি আপোনালোকৰ বিশ্বাস অটল দেখা যায়, তেনেহলে যীচু খ্ৰীষ্টৰ পুনৰাগমনৰ সময়ত অাপোনালোকে কিমান গৌৰৱ, প্ৰশংসা, মৰ্যদা পাব৷
তেওঁক আপোনালোকে দেখা নাই, কিন্তু আপোনালোকে তেওঁক প্ৰেম কৰিছে; এতিয়াও আপোনালোকে তেওঁক দেখা নাই কিন্তু আপোনালোকে তেওঁক বিশ্বাস কৰি আছে আৰু আপোনালোক অনির্বচনীয় উল্লাসত মহা আনন্দিত হৈ গৌৰৱময় হৈছে৷ এতিয়া আপোনালোকৰ নিজৰ বিশ্বাসৰ ফল আপোনালোকে গ্ৰহণ কৰিছে, সেয়া আপোনালোকৰ আত্মাৰ পৰিত্রাণ৷ 10 যি ভাববাদী সকলে আপোনালোকৰ কাৰণে নিৰূপিত অনুগ্ৰহৰ বিষয়ে ভাববাণী কৰিছিল, তেখেত সকলে সেই পৰিত্রাণৰ বিষয়ে যত্নেৰে বিচাৰ আৰু অনুসন্ধান কৰিছিল৷
11 কেনেকুৱা ধৰণৰ পৰিত্ৰাণ আহিবলগীয়া আছিল, সেই বিষয়ে তেখেত সকলে অনুসন্ধান কৰি জানিব বিচাৰিছিল৷ এই বিষয়ে খ্ৰীষ্টৰ আত্মাই কোৱা সেই কাল বা সময়ৰ কথাও অনুসন্ধান কৰি জানিবলৈ বিচাৰিছিল৷ খ্ৰীষ্টৰ প্ৰতি ঘটিবলগীয়া দুখভোগ আৰু পাছত তেওঁলৈ আহিবলগীয়া মহিমাবোৰৰ বিষয়ে সেই আত্মাই তেখেত সকলক আগতীয়াকৈ কৈছিল৷ লূক 24:25-27; পাঁ 10:43; প্ৰ 19:10 12 এই ভাববাদী সকললৈ প্ৰকাশিত হ’ল যে, তেখেত সকলে নিজৰ কাৰণে নহয়, কিন্তু আপোনালোকৰ কাৰণে সেই সকলো বিষয়ৰ পৰিচৰ্যা কৰিছিল; সেই সকলো সম্বাদ, স্বৰ্গৰ পৰা পঠোৱা পবিত্ৰ আত্মাৰে যি সকলে আপোনালোকৰ আগত শুভবাৰ্তা প্ৰচাৰ কৰিছিল, তেওঁলোকৰ দ্বাৰাই সম্প্ৰতি আপোনালোকক দিয়া হ’ল; এই বিষয়বোৰ স্বৰ্গৰ দূত সকলেও প্ৰকাশ হোৱাটো ইচ্ছা কৰে৷
খ্ৰীষ্টীয় স্বভাৱ
13 এতেকে মনৰ কঁকাল বান্ধক৷ আপোনাৰ চিন্তা শান্ত হওক৷ যীচু খ্ৰীষ্ট প্ৰকাশিত হোৱা কালত আপোনালোকলৈ যি অনুগ্ৰহ দিয়া হ’ব, সেই অনুগ্ৰহত সম্পূৰ্ণৰূপে ভাৰসা ৰাখক৷ 14 আজ্ঞাধীন হোৱা সন্তান সকলৰ যেনে উপযুক্ত, তেনেকৈ আপোনালোক পুৰ্ব্বৰ অজ্ঞান অৱস্থাৰ অভিলাষৰ অনুৰূপ নহব৷ 15 আপোনালোকক আমন্ত্ৰণ কৰা জন যেনে পবিত্ৰ, আপোনালোকো সকলো আচাৰ-ব্যৱহাৰত তেনে পবিত্ৰ হওক৷ 16 কিয়নো লিখা আছে§ লে 11:44, ‘তোমালোক পবিত্ৰ হোৱা, কাৰণ মই পবিত্ৰ।’ 17 আৰু যি জনে পক্ষপাত নকৰাকৈ* পাঁ 10:34; ৰো 2:22 প্ৰত্যেক জনৰ কৰ্ম অনুসাৰে সোধ-বিচাৰ কৰে, তেওঁক যদি পিতৃ বুলি মাতিছে, তেনেহলে আপোনালোকৰ জীৱন-যাপনৰ কাল ভক্তিৰে নিয়াব৷
18 আপোনালোকে জানে যে, আপোনালোকৰ পূৰ্বপুৰুষৰ পৰা চলি অহা অসাৰ আচাৰ-ব্যৱহাৰৰ পৰা, আপোনালোক সোণ, ৰূপ আদিৰ ক্ষয়ণীয় বস্তুৰ দ্বাৰাই যে মুক্ত হ’ল, এনে নহয়, 19 কিন্তু নিৰ্দোষী আৰু নিষ্কলঙ্ক মেৰ-পোৱালি স্বৰূপ যো 1:29 খ্ৰীষ্টৰ বহুমূল্য তেজৰ দ্বাৰাইহে মুক্ত হ’ল৷
20 জগত স্থাপনৰ পুৰ্ব্বৰে পৰা তেওঁ মনোনীত আছিল, কিন্তু কালৰ শেষত, তেওঁ আপোনালোকৰ কাৰণে প্ৰকাশিত হ’ল; 21 তেওঁৰ দ্বাৰাই আপোনালোক, মৃত লোকৰ মাজৰ পৰা তেওঁক তোলোঁতা আৰু গৌৰৱ দিওঁতা ঈশ্বৰৰ বিশ্বাসকাৰী লোক হ’ল; তাতে আপোনালোকৰ বিশ্বাস আৰু দৃঢ় আস্থা ঈশ্ৱৰত আছে।
22 আপোনালোকে সত্যৰ আজ্ঞাধীনতাৰ দ্ৱাৰা অকপট ভাতৃপ্ৰেমৰ অৰ্থে নিজৰ আত্মা শুচি কৰিবলৈ যো 17:17; পাঁ 15:9, পৰস্পৰক হৃদয়েৰে আন্তৰিক প্ৰেম কৰক। 23 কিয়নো আপোনালোক ক্ষয়ণীয় বীজৰ পৰা নহয়, অক্ষয় বীজৰ পৰা, ঈশ্বৰৰ জীৱনময় আৰু চিৰকাল স্থায়ী যি বাক্য, সেই বাক্যৰ দ্বাৰাই নতুন জন্ম পোৱা হৈছে।§ যো 1:13; যাক 1:18
24 কাৰণ
মৰ্ত্ত্যমাত্ৰেই তৃণ সদৃশ আৰু তাৰ সকলো গৌৰৱ তৃণৰ ফুল সদৃশ।
তৃণ শুকাই আৰু ফুলো সৰে;
25 কিন্তু প্ৰভুৰ বাক্য চিৰকাল থাকে;* যিচ 10:6-8
যি বাক্য আপোনালোকৰ আগত প্ৰচাৰ কৰা হ’ল, এয়ে সেই শুভবাৰ্তাৰ বাক্য।

*1 অধ্যায়:1 ৰো 8:28-30; ইফি 1:4; 2 থি 2:13

1 অধ্যায়:3 1 পি 1:23; যো 1:13

1 অধ্যায়:11 লূক 24:25-27; পাঁ 10:43; প্ৰ 19:10

§1 অধ্যায়:16 লে 11:44

*1 অধ্যায়:17 পাঁ 10:34; ৰো 2:22

1 অধ্যায়:19 যো 1:29

1 অধ্যায়:22 যো 17:17; পাঁ 15:9

§1 অধ্যায়:23 যো 1:13; যাক 1:18

*1 অধ্যায়:25 যিচ 10:6-8