ইজ্ৰা
গ্রন্থ ৰচয়িতা
ইব্রী ঐতিহ্যই এই পুস্তকৰ লিখক হিচাপে ইজ্রাক কৃতিত্ব দিয়ে। অপেক্ষাকৃতভাবে জনা নাযায়, ইজ্রা আছিল নির্দিষ্টভাবে প্রধান পুৰোহিত হাৰোণৰ বংশধৰ (7:1-5), সেয়ে তেওঁ পুৰোহিত আৰু লিখক হিচাপে নিজে অধিকাৰ পোৱা আছিল। ঈশ্বৰৰ বাবে তেওঁৰ গভীৰ আবেগ আছিল আৰু ঈশ্বৰৰ বিধানত উৎসাহিত কৰি ইজ্রাই পাৰস্যৰ সম্রাট অতক্ষেত্রৰ ৰাজত্বৰ পৰা ইস্রায়েললৈ ইহূদিসকলৰ এটা দলক নেতৃত্ব দি উভতাই আনিছিল।
লিখাৰ স্থান আৰু সময়
লিখাৰ সম্ভাব্য সময় প্রায় 457-440 খ্রীষ্টপূর্বৰ মাজভাগ।
এই পুস্তক যিহূদাত লিখা হৈছিল, সম্ভবত বেবিলনৰ পৰা যিৰূচালেমলৈ প্রত্যাবর্তন কৰাৰ পাছত।
প্রাপক
নির্বাসনৰ পৰা যিৰূচালেমলৈ প্রত্যাবর্তন কৰা ইস্রায়েলী লোকসকল আৰু শাস্ত্রৰ ভবিষ্যত পাঠকসকল।
উদ্দেশ্য
শাৰীৰিকভাবে তেওঁলোকক তেওঁলোকৰ গৃহভূমিলৈ উভতাই অনাৰ যোগেদি আৰু আত্মিকভাবে পাপৰ পৰা মনপালটনৰ যোগেদি ঈশ্বৰে ইজ্রাক লোকসকলক ঈশ্বৰলৈ উভতাই অনাত এক উদাহৰণ হিচাপে ব্যৱহাৰ কৰিছিল। আমি যেতিয়া অবিশ্বাসী সকলৰ পৰা বিৰোধীতা গ্রহন কৰো, আৰু আত্মিক শক্তিৰে তেতিয়া আমি ঈশ্বৰৰ কাম কৰো, যদি আমি সময়ৰ আগতে যুগুত হও, তেতিয়া আমি সুসজ্জিত বিৰোধৰ সম্মুখীন হও। বিশ্বাসৰ দ্বাৰা আমাৰ উন্নতিৰ পথত কোনো অবৰোধ বাধা হ’ব নোৱাৰে। ইজ্রা পুস্তকে আমাক সোঁৱৰাই দিয়ে যে, আমাৰ জীৱনত ঈশ্বৰৰ পৰিকল্পনা পৰিপূর্ণ হ’বৰ বাবে হতাশা আৰু ভয় হ’ল দুটা প্রধান বাধা।
মূল বিষয়
পুনৰুদ্ধাৰ
প্রান্তৰেখা
1. যৰুব্বাবিলৰ অধীনত প্রথম প্রত্যাৱর্তন — 1:1-6:22
2. ইজ্রাৰ অধীনত দ্বিতীয় প্রত্যাবর্তন — 7:1-10:44
1 অধ্যায়
কোৰচ ৰজাৰ আজ্ঞা-পত্ৰ। ঘুৰি অহা লোকসকলৰ তালিকা।
পাৰস্যৰ ৰজা কোৰচৰ ৰাজত্বৰ প্ৰথম বছৰত, যিহোৱাই যিৰিমিয়াৰ দ্বাৰা কোৱা বাক্য সিদ্ধ কৰিবৰ বাবে ৰজা কোৰচৰ মন উদগালে। তেওঁ নিজৰ ৰাজ্যৰ সকলো ফালে ঘোষণা কৰিলে, আৰু জাননী লিখি এই আজ্ঞা প্ৰচাৰ কৰিলে যে, “পাৰস্যৰ ৰজা কোৰচে, এই কথা কৈছে, স্বৰ্গৰ ঈশ্বৰ যিহোৱাই পৃথিৱীৰ সকলো ৰাজ্য মোক দিলে, আৰু তেওঁ যিহূদা দেশৰ যিৰূচালেমত তেওঁৰ অৰ্থে এটা গৃহ নিৰ্ম্মাণ কৰিবৰ বাবে মোক নিযুক্ত কৰিলে।
তেওঁৰ লোকসকলৰ পৰা অহা তোমালোকৰ মাজত যি কোনো লোক ইয়াত আছে, তেওঁৰ ঈশ্বৰ তেওঁৰ লগত থাকক, আৰু যিহূদা দেশৰ যিৰূচালেমলৈ উঠি গৈ, যি জন যিৰূচালেমৰ ঈশ্ৱৰ, সেই ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ গৃহ নিৰ্মাণ কৰিব। ৰাজ্যৰ যিকোনো ঠাইত যি সকল অৱশিষ্ট লোক বাস কৰি আছে, সেই ঠাইৰ লোকসকলে যিৰূচালেমত থকা ঈশ্বৰৰ গৃহৰ অৰ্থে ইচ্ছাকৃত ভাৱে দিয়া দানৰ উপৰিও ৰূপ, সোণ, নানা দ্ৰব্য, আৰু জীৱ-জন্তু দি তেওঁক সহায় কৰক।”
তাৰ পাছত যিহূদা আৰু বিন্যামীনৰ পূৰ্বপুৰুষসকলৰ মূল মানুহসকল, লেবীয়াসকলৰ পুৰোহিতসকল আৰু যি সকল লোকৰ আত্মা যিহোৱাৰ গৃহ নিৰ্ম্মাণৰ অৰ্থে যাবলৈ ঈশ্বৰে উদগালে, তেওঁলোক গ’ল। তেওঁলোকৰ চাৰিওফালে থকা লোকসকলে ৰূপৰ আৰু সোণৰ সামগ্রীসমূহ, দ্ৰব্যসমূহ, জীৱ-জন্তুবোৰ, বহুমূলীয়া বস্তু আৰু ইচ্ছাকৃত ভাৱে দান দি তেওঁলোকে কৰা কাৰ্যত সহায় কৰিলে।
নবূখদনেচৰে যিহোৱাৰ গৃহৰ যি সামগ্রীসমূহ যিৰূচালেমৰ পৰা আনি নিজৰ দেৱতাৰ গৃহত ৰাখিছিল, সেই সকলো সামগ্রী ৰজা কোৰচে মুকলি কৰি দিলে। এই সামগ্রী সমূহ পাৰস্যৰ ৰজা কোৰচে মিত্ৰদাৎ ভঁৰালীৰ হতত দিলে। তেওঁ এইবোৰ গণনা কৰি যিহূদাৰ নেতা চেচবচৰৰ হাতত শোধাই দিলে।
সেই সামগ্রী সমূহ সংখ্যা অনুসাৰে এনে ধৰণৰ: সোণৰ চৰিয়া ত্ৰিশখন, ৰূপৰ চৰিয়া এক হাজাৰ, অন্য চৰিয়া ঊনত্ৰিশখন, 10 সোণৰ বাটি ত্ৰিশটা, ৰূপৰ সৰু বাটি চাৰিশ দহটা, আৰু আন আন সামগ্রী এক হাজাৰ। 11 সৰ্ব্বমুঠ সোণৰ আৰু ৰূপৰ বস্তু পাঁচ হাজাৰ চাৰিশ আছিল। বন্দীত্বত থকা লোকসকলক বাবিলৰ পৰা যিৰূচালেমলৈ ওভতাই অনা সময়ত চেচবচৰে এই সামগ্রী সমূহ লগত লৈ আহিল।