হোচেয়া
গ্রন্থ ৰচয়িতা
হোচেয়া পুস্তকৰ অধিকাংশ বার্তা হোচেয়াৰ দ্বাৰা উচ্চাৰিত হোৱা। আমি নাজানো যে, এই পুস্তক তেওঁ নিজে লিখিছিল নে নাই; সম্ভৱতঃ তেওঁৰ কথাবোৰ তেওঁৰ অনুগামীসকলে সংগ্রহ কৰিছিল, যি লোকসকলে বিশ্বাস কৰিছিল যে, তেওঁ ঈশ্বৰৰ ববে কথা কৈছিল। ভাববাদীৰ নামৰ অর্থ হ’ল “পৰিত্রাণ”। আন সকলোবোৰ ভাববাদীতকৈ হোচেয়াই তেওঁৰ ব্যক্তিগত জীৱনৰ বিষয়ৰ সৈতে অতি ঘনিষ্ঠভাবে তেওঁৰ বার্তাক সংযুক্ত কৰিছে। এই মহিলা গৰাকীক বিয়া কৰোঁৱাৰ দ্বাৰা তেওঁ জানিছিল যে, অবশেষত তেওঁৰ আস্থাক সেই মহিলা গৰাকীয়ে বিশ্বাসঘাতকতা কৰিব আৰু তেওঁৰ সন্তানসকলৰ নামেৰে ইস্রায়েলৰ ওপৰত বিচাৰৰ বার্তা পঠাব; হোচেয়াৰ ভাববাণীযুক্ত বাক্য তেওঁৰ পাৰিবাৰিক জীৱনৰ পৰা প্রবাহিত হৈছিল।
লিখাৰ স্থান আৰু সময়
লিখাৰ সম্ভাব্য সময় প্রায় 750-710 খ্রীষ্টপূর্বৰ মাজভাগত।
হোচেয়াৰ বার্তাবোৰ সংগ্রহ কৰা, সম্পাদনা কৰা আৰু অনুলিপি কৰা বার্তা। এইটো স্পষ্ট নহয় যে এই প্রক্রিয়া কেতিয়া শেষ হৈছিল, তথাপিও যিৰূচালেম ধ্বংস হৈ যোৱাৰ আগতেই শেষ হোৱাৰ সম্ভাৱনাই অধিক বুলি বিবেচিত হয়।
প্রাপক
হোচেয়াৰ মৌখিক বার্তাৰ মূল দর্শকসকল আছিল ইস্রায়েলৰ উত্তৰ অঞ্চলৰ সাম্রাজ্য। তাৰ পাছত তেওঁলোকক পদদলিত কৰা হ’ল, তেতিয়া তেওঁৰ বাক্য এটা ভাববাণী হিচাপে বিচাৰৰ সতর্কবাণী হ’ল, এটা মনপালটনৰ প্রতি আহ্বান আৰু পুনৰূদ্ধাৰৰ প্রতিশ্রুতি হ’ল।
উদ্দেশ্য
হোচেয়াই এই পুস্তক খন লিখিছিল ইস্রায়েলী আৰু আমাক সোঁৱৰাই দিবলৈ যে, ঈশ্বৰত বিশ্বাসযোগ্যতাৰ প্রয়োজন আছে। যিহোৱাই হ’ল একমাত্র সত্য ঈশ্বৰ, আৰু তেওঁ অবিভক্ত বিশ্বস্ততা দাবী কৰে। পাপে বিচাৰৰ ৰায় লৈ আহে। হোচেয়াই বেদনাদায়ক পৰিণতি, আগ্রাসন আৰু দাসত্ব সম্পর্কে সতর্ক কৰিছে। ঈশ্বৰ মানুহৰ নিচিনা নহয় যে, তেওঁ বিশ্বাসযোগ্যতাৰ প্রতিশ্রুতি দি পাছত তাক ভংগ কৰিব। ইস্রায়েলে বিশ্বাসঘাতকতা কৰা সত্বেও, ঈশ্বৰে তেওঁলোকৰ প্রতি প্রেম অব্যাহত ৰাখিছে, আৰু তেওঁলোকৰ পুনৰূদ্ধাৰৰ বাবে এটা উপায় প্রদান কৰিছে। হোচেয়া আৰু গোমৰৰ বিবাহৰ উপাস্থাপনাৰ প্রতীকটোৰ যোগেদি ইস্রায়েল জাতিৰ মূর্তিপূজকসকলৰ বাবে ঈশ্বৰ প্রেমৰ এটা সবল ৰূপক হিচাপে প্রকাশিত হৈছে, য’ত পাপৰ মূল বিষয়ত সোধবিচাৰ, আৰু ক্ষমাশীল প্রেম আছে।
মূল বিষয়
অবিশ্বাসযোগ্যতা।
প্রান্তৰেখা
1. হোচেয়াৰ অবিশ্বস্ত স্ত্রী — 1:1-11
2. ইস্রায়েলৰ বিচাৰ আৰু ঈশ্বৰৰ শাস্তি — 2:1-23
3. ঈশ্বৰে তেওঁৰ লোকক উদ্ধাৰ কৰে — 3:1-5
4. শাস্তি আৰু ইস্রায়েলৰ অবিশ্বাস — 4:1-10:15
5. ঈশ্বৰৰ প্রেম আৰু ইস্রায়েলৰ পুনৰূদ্ধাৰ — 11:1-14:9
1 অধ্যায়
যিহূদা দেশৰ ৰজা উজ্জিয়া, যোথম, আহজ, আৰু হিষ্কিয়াৰ ৰাজত্বৰ সময়ত আৰু ইস্ৰায়েলৰ ৰজা যোৱাচৰ পুত্ৰ যাৰবিয়ামৰ ৰাজত্বৰ সময়ত বেৰীৰ পুত্ৰ হোচেয়াৰ ওচৰলৈ যিহোৱাৰ বাক্য আহিল।
হোচেয়াৰ পৰিয়াল
হোচেয়াৰ মাধ্যমেদি প্রথমে কথা প্রকাশ কৰাৰ সময়ত যিহোৱাই হোচেয়াক কলে, “তুমি যোৱা আৰু নিজৰ বাবে এগৰাকী বেশ্যা মহিলাক বিবাহ কৰা। বেশ্যাস্বভাৱৰ ফলত জন্ম পোৱা তাইৰ সন্তান সকলকো গ্রহণ কৰিবা; কিয়নো দেশখনে যিহোৱাৰ পৰা আঁতৰি গৈ অতি ঘৃণনীয় বেশ্যা কৰ্ম কৰিছে।”
সেইদৰে হোচেয়াই গৈ দিব্লয়িমৰ জীয়েক গোমৰক বিবাহ কৰিলে; তাৰ পাছত তাই গৰ্ভৱতী হৈ হোচেয়ালৈ এটি পুত্ৰ প্ৰসৱ কৰিলে।
তেতিয়া যিহোৱাই হোচেয়াক ক’লে, “তুমি সেই ল’ৰাৰ নাম যিজ্ৰিয়েল* অর্থ হ’ল, “ঈশ্বৰে উদ্ধাৰ কৰে।” ৰাখা; কিয়নো কিছু সময়ৰ ভিতৰত যিজ্ৰিয়েল নগৰত যেহূৱে কৰা ৰক্তপাতৰ কাৰণে মই যেহূৰ বংশক দণ্ড দিম আৰু মই ইস্ৰায়েল-বংশৰ ৰাজ্য শেষ কৰি দিম। যিজ্ৰিয়েল নগৰত যেহূৱে ইস্রায়েলৰ ৰজা আৰু ৰাজপৰিয়ালৰ সকলো সদস্যকে বধ কৰিছিল। আৰু তেওঁ নতুন নিয়ম প্রবর্তন কৰিছিল (2ৰজাৱলী অধ্যায় 1-10) সেইদিনা মই যিজ্ৰিয়েলৰ উপত্যকাত ইস্ৰায়েলৰ ধনু ভাঙিম।”
পাছত গোমৰ পুনৰায় গৰ্ভৱতী হৈ এজনী ছোৱালী প্ৰসৱ কৰিলে; তেতিয়া যিহোৱাই হোচেয়াক ক’লে, “তুমি ছোৱালীজনীৰ নাম লো-ৰুহামা অর্থ হ’ল, “দয়াৰ পাত্র নহয়।” ৰাখা; কিয়নো ইস্ৰায়েলৰ লোক সকলক মই পুনৰায় দয়া নকৰিম, তেওঁলোকক কোনোমতেই ক্ষমা নকৰিম। কিন্তু যিহূদাৰ লোকসকলক হলে মই দয়া কৰিম আৰু তেওঁলোকৰ ঈশ্বৰ যিহোৱাৰ দ্বাৰাই তেওঁলোকক উদ্ধাৰ কৰিম; সেই উদ্ধাৰ ধনু, তৰোৱাল বা যুদ্ধ অথবা ঘোঁৰা বা অশ্বাৰোহীৰ দ্বাৰা নহ’ব।”
লো-ৰুহামাক পিয়াহ এৰুউৱাৰ পাছত গোমৰ গৰ্ভৱতী হৈ পুনৰায় এটি পুত্ৰ প্ৰসৱ কৰিলে। তেতিয়া যিহোৱাই ক’লে, “তুমি তাৰ নাম লো-অম্মী§ ইয়াৰ অৰ্থ, “মোৰ লোক নহয়” ৰাখা; কিয়নো তোমালোক মোৰ প্ৰজা নোহোৱা নতুবা মইও তোমালোকৰ ঈশ্বৰ নহয়।”
ইস্রায়েলৰ পুণঃ প্রতিষ্ঠা
10 তথাপিও ইস্ৰায়েলৰ সন্তান সকলৰ সংখ্যা সাগৰৰ পাৰৰ বালিৰ নিচিনা জুখিব আৰু গণিব নোৱাৰা কৰিম; যি ঠাইত তেওঁলোকক কোৱা হৈছিল, “তোমালোক মোৰ লোক নোহোৱা,” সেই ঠাইত, তেওঁলোকক কোৱা হ’ব, “জীৱন্ত ঈশ্বৰৰ সন্তান।” 11 যিহূদা আৰু ইস্ৰায়েলৰ লোকসকল মিলিত হ’ব আৰু তেওঁলোকৰ ওপৰত এজন নেতা তেওঁলোকে নিযুক্ত কৰিব। তাৰ পাছত তেওঁলোকে সেই ঠাই অধিকাৰ কৰিব, কাৰণ যিজ্ৰিয়েলৰ সেই দিন মহৎ* ঈশ্বৰে লোকসকলৰ কাৰণে পুনৰ পৰিকল্পনা কৰিলে। হ’ব।

*1 অধ্যায়:4 অর্থ হ’ল, “ঈশ্বৰে উদ্ধাৰ কৰে।”

1 অধ্যায়:4 যিজ্ৰিয়েল নগৰত যেহূৱে ইস্রায়েলৰ ৰজা আৰু ৰাজপৰিয়ালৰ সকলো সদস্যকে বধ কৰিছিল। আৰু তেওঁ নতুন নিয়ম প্রবর্তন কৰিছিল (2ৰজাৱলী অধ্যায় 1-10)

1 অধ্যায়:6 অর্থ হ’ল, “দয়াৰ পাত্র নহয়।”

§1 অধ্যায়:9 ইয়াৰ অৰ্থ, “মোৰ লোক নহয়”

*1 অধ্যায়:11 ঈশ্বৰে লোকসকলৰ কাৰণে পুনৰ পৰিকল্পনা কৰিলে।