যিচয়া
গ্রন্থ ৰচয়িতা
যিচয়া পুস্তক নামাকৰণটো লিখক যিচয়াৰ নামৰ পৰা লোৱা হৈছে, তেওঁ এজনী ভাববাদিনীক বিয়া কৰাইছিল, তেৱেঁ তেওঁক দুজন পুত্রৰ জন্ম দিছিল (যিচয়া 7:3; 8:3)। তেওঁ যিহুদীয়াৰ উজ্জিয়া, যোথাম, আহজ, আৰু হিষ্কিয়া নামৰ চাৰিজন ৰজাৰ ৰজত্বকালত ভাববাণী প্রচাৰ কৰিছিল (1:1) আৰু তেওঁ সম্ভৱতঃ পঞ্চম ৰজাক সাক্ষাৎ কৰিছিল তেওঁৰ মৃত্যুত, সেয়া আছিল মন্দ ৰজা মনচি।
লিখাৰ স্থান আৰু সময়
সম্ভাব্য সময় প্রায় 740-680 খ্ৰীষ্টপূর্বৰ মাজভাগত।
ৰজা উজ্জিয়াৰ ৰাজত্ব কালৰ অন্তিম সময়ত আৰু ৰজা যোথম, আহজ, আৰু হিষ্কিয়াৰ ৰজত্বৰ সময়ত লিখা হৈছিল।
প্রাপক
যিচয়াই যিসকল প্রাথমিক শ্রোতাক সম্বোধন কৰিছিল, তেওঁলোক আছিল যিহুদীয়াৰ লোক; যিসকলে ঈশ্বৰৰ বিধানৰ প্রয়োজনীয়তা অনুযায়ী জীৱন যাপন কৰিবলৈ ব্যর্থ হৈছিল।
উদ্দেশ্য
যিচয়াৰ উদ্দেশ্য আছিল সমগ্র পুৰণি নিয়মত থকা যীচু খ্রীষ্টৰ এটা ব্যাপক ছবিৰ ভৱিষ্যত বাণী প্রদান কৰা। ইয়াৰ মাজত আছে তেওঁৰ জীৱনৰ সম্পূর্ণ সুযোগ: তেওঁ অহাৰ ঘোষণা (যিচয়া 40:3 - 5), কুমাৰীত তেওঁৰ জন্ম (7:14), তেওঁৰ শুভবার্তা ঘোষণা (61:1), তেওঁৰ বলিদান মৃত্যু (52:13 - 53:12), আৰু তেওঁৰ উভতি অহাৰ দাবী নিজে জনোৱা (60:2-3)। মূলতঃ ভাববাদী যিচয়াই যিহূদা ৰাজ্যৰ ওপৰত প্রাথমিকভাবে ভাববাণী প্রচাৰ কৰিছিল। যিহূদাৰ সেই সময় আছিল পুনৰুত্থান আৰু বিদ্রোহৰ সময়ৰ মাজেদি যোৱা সময়। অচূৰীয়া আৰু মিচৰৰ যোগেদি যিহূদাক ধ্বংসৰ হুমকি দিয়া হৈছিল, কিন্তু তেওঁলোকে ঈশ্বৰৰ কৰুণাৰ বাবে ৰক্ষা পাইছিল। যিচয়াই পাপৰ পৰা মনপালটন কৰাৰ বার্তা ঘোষণা কৰিছিল আৰু ভৱিষ্যতে মুক্তিৰ আশাত আশাবাদী আছিল।
মূল বিষয়
মুক্তি
প্রান্তৰেখা
1. যিহূদাৰ তিৰস্কাৰ — 1:1-12:6
2. অন্যান্য জাতিৰ বিৰুদ্ধেও তিৰস্কাৰ — 13:1-23:18
3. ভৱিষ্যতৰ ক্লেশ — 24:1-27:13
4. যিহূদা আৰু ইস্রায়েলৰ তিৰস্কাৰ — 28:1-35:10
5. ইতিহাস, হিষ্কিয়া আৰু যিচয়াৰ — 36:1-38:22
6. বেবিলনীয় প্রেক্ষাপট — 39:1-47:15
7. শান্তিৰ বাবে ঈশ্বৰৰ পৰিকল্পনা — 48:1-66:24
1 অধ্যায়
যিহূদা দেশৰ ৰজা উজ্জিয়া, যোথম, আহজ, আৰু হিষ্কিয়াৰ শাসনকালত আমোচৰ পুত্ৰ যিচয়াই যিহূদা আৰু যিৰূচালেমৰ বিষয়ে পোৱা দৰ্শন।
যিহোৱাই তেওঁৰ লোকসকলৰ মন পালটাবলৈ কোৱা।
হে আকাশ-মণ্ডল শুনা, আৰু হে পৃথিৱী কাণ পাতা; কিয়নো যিহোৱাই কৈছে,
“মই সন্তান সকলক প্ৰতিপালন কৰি ডাঙৰ দীঘল কৰিলোঁ; কিন্তু তেওঁলোকে মোৰ বিৰুদ্ধে বিদ্ৰোহ আচৰণ কৰিলে।
গৰুৱে নিজৰ গৰাকীক আৰু গাধই নিজৰ মালিকৰ দানা পাত্ৰ চিনি পায়;
কিন্তু ইস্ৰায়েলে চিনি নাপায়, আৰু বুজিও নাপায়।”
হায় হায় পাপী জাতি, আৰু অপৰাধত ভাৰাগ্ৰস্ত লোক,
কুকৰ্ম কৰাসকলৰ বংশধৰ, হে ভ্ৰষ্টতাৰে কাৰ্য কৰা সন্তান সকল!
তেওঁলোকে যিহোৱাক ত্যাগ কৰিলে, তেওঁলোক ইস্ৰায়েলৰ পবিত্ৰ ঈশ্বৰ জনাক হেয়জ্ঞান কৰিলে;
তেওঁলোক নিজকে তেওঁৰ পৰা বিছিন্ন কৰিলে।
তোমালোকে কিয় বিদ্ৰোহ আচৰণ কৰি থাকা? তোমালোক কিয় এতিয়াও প্ৰহাৰিত হ’বা?
সম্পূৰ্ণ মূৰ ৰোগাগ্রস্ত, আৰু সম্পূৰ্ণ হৃদয় দুৰ্ব্বল;
ভৰিৰ তলুৱাৰে পৰা মুৰলৈকে কোনো এটা অংশ আঘাত নোপোৱাকৈ নাই;
কেৱল ঘা, আঘাত, আৰু মুকলি ঘাঁবোৰ সতেজ;
সেইবোৰ বন্ধ কৰা নাই, চাফা কৰা নাই আৰু বন্ধা নাই, নাইবা তেলেৰে সুশ্রূষাও কৰা নাই।
তোমালোকৰ দেশ উচ্ছন্ন হৈছে; তোমালোকৰ নগৰবোৰ অগ্নিদগ্ধ হৈছে;
বিদেশীলোকে তোমালোকৰ চকুৰ আগতে সেইবোৰ ধ্বংস কৰিছে;
সেয়ে বিদেশীসকলৰ বিধ্বংসৰ দ্বাৰাই পৰিত্যক্ত কৰি উচ্ছন্ন কৰা হৈছে।
দ্ৰাক্ষাবাৰীৰ পঁজাৰ দৰে, আৰু তিয়ঁহ বাৰীৰ চাঙিৰ দৰে,
আৰু অৱৰোধ কৰা নগৰৰ দৰে, চিয়োন* যিৰূচালেম নগৰ-জীয়ৰী পৰিত্যক্ত হৈছে।
বাহিনীসকলৰ যিহোৱাই আমাৰ বাবে অলপ অৱশিষ্ট নৰখা হ’লে,
আমি চদোম আৰু ঘমোৰাৰ দৰে হলোঁহেঁতেন।
10 হে চদোমৰ শাসনকৰ্ত্তাসকল, যিহোৱাৰ বাক্য শুনা;
হে ঘমোৰাৰ লোকসকল আমাৰ ঈশ্বৰৰ বিধানলৈ মনোযোগ দিয়া।
11 যিহোৱাই কৈছে, “মোলৈ তোমালোকৰ বহু সংখ্যক বলিদান কি?”
মেৰ-ছাগ পোৱালি আৰু হৃষ্টপুষ্ট পশুৰ তেলেৰে দিয়া হোম বলি মোৰ যথেষ্ট আছে;
ভতৰা গৰু, মেৰ-ছাগ, বা ছাগলীবোৰৰ তেজত মই সন্তুষ্ট নহওঁ।
12 যেতিয়া তোমালোকে মোৰ আগত উপস্থিত হ’বলৈ আহাঁ,
আৰু মোৰ চোতালখন গচকা, তেতিয়া তোমালোকৰ পৰা এইবোৰ কোনে খুজিছিল?
13 অনৰ্থক নৈবেদ্য আৰু নানিবা; আৰু ধূপ মোলৈ ঘিণলগীয়া;
তোমালোকৰ ন-জোন, বিশ্ৰামবাৰ, আৰু মই এই দুষ্টসকলৰ সভাসমূহ সহিব নোৱাৰোঁ।
14 তোমালোকৰ ন-জোন, আৰু তোমালোকৰ নিৰূপিত উৎসৱবোৰ মোৰ আত্মাই ঘিণ কৰে;
সেইবোৰ মোলৈ ভাৰ স্বৰূপ, মই সেইবোৰ সহন কৰি ভাগৰি গলোঁ।
15 সেয়ে তোমালোকে যেতিয়া প্রাৰ্থনাৰ বাবে তোমালোকৰ হাত মেলা, তেতিয়া মই তোমালোকৰ পৰা দৃষ্টি আঁতৰাওঁ;
এনে কি, তোমালোকে প্ৰাৰ্থনা কৰি থাকিলেও মই নুশুনিম;
তোমালোকৰ হাত নির্দোষীৰ তেজেৰে পৰিপূৰ্ণ হৈছে।
16 নিজকে ধুই শুচি কৰা;
মোৰ দৃষ্টিৰ পৰা তোমালোকৰ পাপ কৰ্মবোৰ দূৰ কৰা;
পাপ কৰিবলৈ বন্ধ কৰা,
17 ভাল কৰ্ম কৰিবলৈ শিকা।
ন্যায়বিচাৰ বিচাৰা, আৰু নিপীড়িতক সহায় কৰা,
পিতৃহীনক ন্যায় দিয়া আৰু বিধৱাক সুৰক্ষা দিয়া।”
18 যিহোৱাই কৈছে, “এতিয়া আহাঁ, আমি তৰ্কবিতৰ্ক কৰোঁহক,”
তোমালোকৰ পাপবোৰ উজ্বল ৰঙা হ’লেও, হিমৰ দৰে বগা কৰা হ’ব; আৰু অগ্নিবৰ্ণৰ দৰে ৰঙা হ’লেও, ঊণৰ দৰে হৈ পৰিব।
19 তোমালোকে যদি ইচ্ছা কৰা আৰু বাধ্য হোৱা, তেনেহ’লে তোমালোকে দেশৰ উত্তম ফল ভোগ কৰিবলৈ পাবা।
20 কিন্তু যদি তোমালোক অসন্মত হৈ বিদ্ৰোহ আচৰণ কৰা, তেনেহ’লে তৰোৱালৰ দ্বাৰাই গ্ৰাস কৰা হ’ব,”
কিয়নো যিহোৱাৰ মুখে এই কথা ক’লে।
21 কিদৰে বিশ্বাসী নগৰ বেশ্যালৈ পৰিণত হ’ল!
তেওঁ ন্যায় বিচাৰেৰে আৰু ধাৰ্মিকতাৰে পৰিপূৰ্ণ আছিল;
কিন্তু এতিয়া তেওঁ হত্যাকাৰীসকলৰ দ্বাৰা পৰিপূৰ্ণ।
22 তোমালোকৰ ৰূপ বিশুদ্ধলৈ পৰিণত হ’ল, আৰু তোমালোকৰ দ্ৰাক্ষাৰস পানীৰে মিহলোৱা হ’ল।
23 তোমালোকৰ শাসনকৰ্তাসকল বিদ্ৰোহী আৰু চোৰৰ সঙ্গী হ’ল;
প্ৰতিজনে উৎকোচ ভাল পায়, আৰু পুৰস্কাৰৰ পাছত দৌৰে;
তেওঁলোকে পিতৃহীনক সুৰক্ষা নিদিয়ে, নাইবা বিধৱাৰ গোচৰ তেওঁলোকে আগলৈ নানে।
24 এই কাৰণে বাহিনীসকলৰ যিহোৱা, ইস্ৰায়েলৰ পৰাক্ৰমী জনা প্রভুৱে এই কথা কৈছে:
“তেওঁলোকৰ সন্তাপ হওক! মই মোৰ শত্ৰুসকলৰ বিৰুদ্ধে প্ৰতিশোধ ল’ম, আৰু মোৰ শত্রুসকলৰ বিৰুদ্ধে মই নিজে প্রতিশোধ সাধিম;
25 মই তোমালোকৰ বিৰুদ্ধে মোৰ হাত ঘূৰাই আনিম,
তোমালোকৰ আবৰ্জনাবোৰ আঁতৰাই শুদ্ধ কৰিম, আৰু তোমালোকৰ সকলো অসাৰ বস্তু নাইকিয়া কৰিম।
26 মই আগৰ দৰেই তোমালোকৰ বিচাৰকৰ্তাসকলক, আৰু আৰম্ভণীৰ দৰে তোমালোকৰ পৰামৰ্শদাতাসকলক পুনৰায় স্থাপন কৰিম;
তাৰ পাছতহে তোমালোকে ধাৰ্মিকতাৰ দ্বাৰাই আৰু বিশ্বাসীৰ নগৰ নামেৰে প্ৰখ্যাত হ’বা।”
27 চিয়োন ন্যায়বিচাৰৰ দ্বাৰাই, আৰু ধাৰ্মিকতাৰ দ্বাৰাই অনুতপ্ত হ’ব।
28 বিদ্ৰোহী আৰু পাপীসকল একেলগে চূৰ্ণ কৰা হ’ব, আৰু যিহোৱাক ত্যাগ কৰাসকলক তেওঁলোকৰ সৈতে নষ্ট কৰা হ’ব।
29 “কিয়নো তোমালোকে পবিত্র ওক গছবোৰত আৰাধনা কৰা দেৱতাবোৰৰ বাবে লাজ পাবা,
আৰু তোমালোকৰ মনোনীত বাগিছাবোৰৰ বাবে বিভ্রান্ত হ’বা।
30 কাৰণ তোমালোক ওক গছৰ শুকান পাতৰ দৰে,
আৰু পানী নথকা বাগিছাৰ দৰে হ’বা।
31 পৰাক্ৰমী লোক জ্বলি শেষ হৈ যোৱা পদার্থৰ দৰে, আৰু তেওঁৰ কৰ্ম ফিৰিঙতিৰ দৰে হ’ব;
সেইবোৰ দুয়ো একেলগে জ্বলিব আৰু কোনেও তাক নুমাব নোৱাৰিব।

*1 অধ্যায়:8 যিৰূচালেম নগৰ