যিৰিমিয়া
গ্রন্থ ৰচয়িতা
এই পুস্তকৰ লিখক যিৰিমিয়া, তেওঁৰ লিখক বাৰুকৰ সৈতে এই পুস্তক লিখিছিল। যিৰিমিয়াই এজন পুৰোহিত আৰু ভাববাদী হিচাপে সেৱা আগবঢ়াইছিল, তেওঁ আছিল হিল্কিয়া নামেৰে এজন পুৰোহিতৰ পুত্র (তেওঁ মহা-পুৰোহিত নাছিল, 2 ৰজাৱলী 22:8, তেওঁ আছিল অনাথোৎ নামৰ এখন ক্ষুদ্র গাওঁৰ পৰা (যিৰিমিয়া 1:1-2))। বাৰুক নামেৰে এজন লিখকৰ দ্বাৰা তেওঁ পৰিচর্যাত সহায় পাইছিল, যিৰিমিয়াই তেওঁক শ্রুতলিপি দিছিল আৰু তেওঁ তাকে লিখিছিল, আৰু ভাববাদীৰ বাণীবোৰ সংকলন কৰি লিখাৰ পাছত সকলোবোৰ তেওঁৰ অধীনত আছিল (যিৰিমিয়া 36:4,32; 45:1)। যিৰিমিয়া এজন ক্রন্দন কৰা ভাববাদী হিচাপে পৰিচিত (যিৰি. 9:1; 13:17; 14:17), এটা দ্বন্দ্বৰ মাজত জীয়াই থকাৰ জীৱন আছিল তেওঁৰ, কাৰণ তেওঁ বেবিলনীয়সকলে আক্রমণ কৰাৰ দ্বাৰা সোধবিচাৰ হ’ব বুলি ভাববাণী কৰিছিল।
লিখাৰ স্থান আৰু সময়
লিখাৰ সম্ভাব্য সময় প্রায় 626-570 খ্রীষ্টপূর্বৰ ভিতৰত।
সম্ভবতঃ বেবিলনত নির্বাসনৰ কাল অলপ শেষ হোৱাৰ সময়ত যদিও কিছুমানে বিবেচনা কৰে যে, এই পুস্তকৰ সম্পাদনা পাছলৈও ধাৰাবাহিকভাবে কৰা হয়।
প্রাপক
যিহূদা আৰু যিৰূচালেমৰ লোকসকল আৰু পাছত বাইবেলৰ সকলো পাঠক।
উদ্দেশ্য
এই যিৰিমিয়া পুস্তক খনে আমাক এটা নতুন প্ৰতিজ্ঞাৰ পৰিস্কাৰ আভাস প্রদান কৰি কয় যে, ঈশ্বৰে তেওঁৰ লোকৰ সৈতে সংকল্পিত খ্রীষ্ট এবাৰ পৃথিৱীলৈ আহিব। এই নতুন চুক্তিৰ অর্থ হ’ল ঈশ্বৰৰ লোকসকলৰ কাৰণে পুনৰুদ্ধাৰ হোৱাৰ কথা কোৱা, যেনে তেওঁ তেওঁৰ লোকসকলৰ মাজত তেওঁৰ বিধান শিলৰ ফলিত লিখাতকৈ মাংসময় হৃদয়ত লিখিলে। যিৰিমিয়া পুস্তক খন যিহূদাৰ প্রতি চূড়ান্ত ভাববাণীৰ এক তথ্য, যদি জাতিৰ লোকসকলে মনপালটন নকৰে, তেনেহলে আহিবলগীয়া ধ্বংসৰ বাবে ই এটা সতর্কবাণী আছিল। যিৰিমিয়াই জাতিক ঈশ্বৰলৈ ঘূৰি আহিবৰ বাবে আহ্বান লৈ আহিছিল। একে সময়তে, যিৰিমিয়াই স্বীকৃতি দিছিল যে অনৈতিকতা আৰু ব্যাভিচাৰৰ কাৰণে যিহূদাৰ ধ্বংস অৱশ্যাম্ভাবী।
মূল বিষয়
সোধবিচাৰ।
প্রান্তৰেখা
1. ঈশ্বৰৰ দ্বাৰা যিৰিমিয়াৰ আহ্বান — 1:1-19
2. যিহূদাৰ প্রতি সতর্কবার্তা — 2:1-35:19 যিৰিমিয়াৰ দূখভোগ — 36:1-38:28
3. যিৰূচালেমৰ পতন আৰু ইয়াৰ পৰিণতি — 39:1-45:5
4. জাতি সমূহৰ সম্পর্কে ভবিষ্যত বাণী — 46:1-51:64
5. ঐতিহাসিক পৰিশিষ্ট — 52:1-34
1 অধ্যায়
এয়েই আছিল হিল্কিয়াৰ পুত্র যিৰিমিয়াৰ বাক্য, যিজনে এই পুস্তক লিখিছিল। তেওঁ বিন্যামীন ফৈদৰ প্ৰদেশত থকা অনাথোৎ নিবাসীৰ এজন পুৰোহিত আছিল। যিহূদা দেশৰ ৰজা আমোনৰ পুত্ৰ যোচিয়াৰ ৰাজত্ব কালৰ ত্ৰয়োদশ বছৰ ধৰি যিহোৱাই তেওঁৰ এই বাক্যবোৰ যিৰিমিয়ালৈ দিবলৈ আৰম্ভ কৰিছিল। যোচিয়াৰ পুত্ৰ যিহূদাৰ যিহোয়াকীম ৰজাৰ শাসন কালত আৰু যোচিয়াৰ পুত্ৰ যিহূদাৰ চিদিকিয়া ৰজাৰ ৰাজত্ব কালৰ একাদশ বছৰৰ শেষলৈকে, তেওঁৰ ওচৰলৈ যিহোৱাৰ বাক্য আহি আছিল। এয়েই বছৰৰ পঞ্চম মাহ আছিল যেতিয়া যিৰূচালেমৰ লোকসকলক বাবিলনলৈ দেশান্ততৰ কৰি নিয়া হৈছিল।
যিৰিমিয়াক আক্ৰমণ কৰা। বাদামৰ আৰু কেৰাহীৰ দৰ্শন।
এদিনাখন যিহোৱাই এই বাক্য মোলৈ দিছিল: বোলে, “তোমাৰ মাতৃৰ গৰ্ভত তোমাক নিৰ্ম্মাণ কৰাৰ আগতে মই তোমাক জানিলোঁ।
আৰু তুমি গৰ্ভৰ পৰা বাহিৰ হোৱা আগতে মোৰ গৌৰৱৰ অৰ্থেই মই তোমাক পৃথক কৰিলোঁ; আৰু মই তোমাক মোৰ ভাববাদী হবলৈ নিযুক্ত কৰিলোঁ
গোটেই জাতিবোৰৰ বাবে।” তেতিয়া মই ক’লোঁ, “হায় হায় মোৰ প্ৰভু যিহোৱা, আপুনি বুজা নাই নে, যে আপোনাৰ কাৰণে কথা কবলৈ মই যোগ্য নহওঁ? কিয়নো মই নিচেই ডেকা!”
যিহোৱাই উত্তৰ দি ক’লে, “তুমি এনে কথা নকবা, কিয়নো, মই তোমাক যিসকলৰ ওচৰলৈ পঠিয়াম, তেওঁলোকৰ প্রত্যেকজনৰ গুৰিলৈ তুমি যাবই লাগিব, আৰু তোমাক যি যি আজ্ঞা কৰিম, সেই সকলোকে তুমি তেওঁলোকক কবই লাগিব। তুমি যিসকলক কথা ক’বা, তেওঁলোকলৈ ভয় নকৰিবা, কিয়নো তেওঁলোকৰ দ্বাৰাই অনিষ্ট হোৱাৰ পৰা মই তোমাক সুৰক্ষা দিম। আৰু এইয়া নিশ্চয়কে ঘটিব, কিয়নো মই যিহোৱাই ইয়াকে ক’লো।
তেতিয়া যিহোৱাই নিজ হাত মেলি মোৰ মুখ স্পৰ্শ কৰিলে আৰু মোক ক’লে, চোৱা, মই মোৰ বাক্য তোমাৰ মুখত দিলোঁ; 10 চোৱা, উঘালিবলৈ আৰু ভাঙিবলৈ, বিনষ্ট কৰিবলৈ আৰু উৎপাত কৰিবলৈ, সাজিবলৈ আৰু ৰুবলৈ, জাতিবোৰৰ আৰু ৰজাসকলৰ ওপৰত মই আজি তোমাক নিযুক্ত কৰিলোঁ।
11 তেতিয়া যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল, বোলে, “হে যিৰিমিয়া, তুমি কি দেখিছা?” তাতে মই ক’লোঁ, “বাদাম গছৰ এডাল ডাল দেখিছোঁ।” 12 যিহোৱাই ক’লে, “ঠিকেই দেখিছা। কিয়নো ‘বাদাম’ শব্দটো ‘সজাগতা’ শব্দটোৰ লগত মিল আছে, অৰ্থাৎ যি ঘটিবলৈ আছে মই তালৈ সজাগ হৈ আছোঁ, আৰু জাতিবোৰ ধ্বংশ হোৱাৰ বাবে মোৰ বাক্য সিদ্ধ কৰিবলৈ সজাগে আছোঁ।”
13 তেতিয়া পুনৰ যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল, বোলে, “এতিয়া তুমি কি দেখিছা?” মই উত্তৰ দি ক’লোঁ, “মই এটা ঘূৰণীয়া পাত্র দেখিছোঁ য’ত উতলি থকা পানীৰে পৰিপূৰ্ণ হৈ আছে। দক্ষিণ ফালৰ পৰা তাৰ মুখ ফালে কাতি হৈ আছে।” 14 যিহোৱাই উত্তৰ দি ক’লে, “হয়! ইয়াৰ অৰ্থ হ’ল, ঘূৰণীয়া পাত্রৰ পৰা উতলা পানী ঢলাৰ দৰে, উত্তৰ দিশৰ পৰা এই আটায় দেশ-নিবাসীলৈ অমঙ্গলৰে বিয়পি পৰিব।
15 মই কি কৈ আছোঁ, তাক শুনা: যিহূদাৰ উত্তৰ দিশত থকা ৰাজ্যবোৰৰ পৰা যিৰূচালেমলৈ আহিবলৈ মাতি পঠিয়াম। তেওঁলোকৰ ৰজাসকলে আহি যিৰূচালেমৰ দুৱাৰবোৰৰ সোমোৱা ঠাইত আৰু তাৰ চাৰিওফালে থকা গড়বোৰৰ সন্মূখত, আৰু আটাই নগৰবোৰৰ সন্মূখত নিজ নিজ সিংহাসন স্থাপন কৰি, এতিয়া তেওঁলোক যিহূদাৰ ৰজা বুলি, নিৰ্দেশ দিব। 16 তেতিয়া মই তেওঁলোকৰ আটাই দুষ্টতাৰ কাৰণে মোৰ লোকসকলৰ বিৰুদ্ধে মোৰ দণ্ডাজ্ঞা প্ৰচাৰ কৰিম; কিয়নো তেওঁলোকে মোক পৰিত্যাগ কৰি ইতৰ দেৱতাবোৰৰ আগত ধূপ জ্বলাইছে। আৰু তেওঁলোকে নিজ নিজ হাতেৰে নির্মান কৰা মূর্তিৰ আগত প্ৰণিপাত কৰিছে!
17 এই হেতুকে তুমি কঁকাল বান্ধি কামলৈ বুলি সাজো হোৱা! মই তোমাক যি যি আজ্ঞা কৰোঁ, সেই সকলোকে যিহূদাৰ লোকসকলক কোৱা। তেওঁলোকৰ আগত ব্যাকুল নহ’বা, যদি হোৱা, মই তেওঁলোকৰ আগত উদাহৰণ ৰূপে তোমালৈকো দণ্ডাজ্ঞা দিম! 18 কিয়নো শুনা! মই আজি সমুদায় দেশৰ, যিহূদাৰ ৰজাসকলৰ, ইয়াৰ অধ্যক্ষসকলৰ, পুৰোহিতসকলৰ আৰু দেশৰ সাধাৰণ লোকসকলৰ বিৰুদ্ধে তোমাক দৃঢ় নগৰ, লোহাৰ স্তম্ভ আৰু পিতলৰ গড়স্বৰূপ কৰিলোঁ। 19 তেওঁলোকে তোমাৰ বিৰুদ্ধে যুদ্ধ কৰিব, কিন্তু তোমাক ঘটোৱাব নোৱাৰিব, কিয়নো মই তোমাৰ লগত থাকিম আৰু তোমালোকক উদ্ধাৰ কৰিম। আৰু ই নিশ্চয়কৈ ঘটিব কিয়নো মই, যিহোৱাই ইয়াকে ক’লো!”