মীখা
গ্রন্থ ৰচয়িতা
মীখা পুস্তকৰ লিখক আছিল ভাববাদী মীখা (মীখা 1:1)। মীখা এজন গাৱঁলীয়া ভাববাদী আছিল, যিজনে এখন চহৰত ঈশ্বৰৰ বার্তা দিবৰ বাবে অৱতীর্ণ হয়; আৰু তাতে তেওঁ সামাজিক আৰু আধ্যাত্মিক অবিচাৰ, আৰু ধর্মীয় আচৰণ সম্বন্ধে ঈশ্বৰৰ আসন্ন বিচাৰৰ বাণী প্রচাৰ কৰে। দেশৰ বেছি সংখ্যক লোক কৃষিকর্মৰ মাজত বসবাস কৰে, মীখাই তেওঁৰ দেশৰ চৰকাৰী ক্ষমতাৰ বাহিৰত বাস কৰিছিল, সমাজৰ হীন আৰু কম সৌভাগ্যৱান পংগু, নির্বাসিত, আৰু পীড়িত লোকক দৃঢ় কৰাৰ নেতৃত্ব লয়, (মীখা 4:6)। মীখা পুস্তক খনে পুৰণি নিয়মত যীচু খ্রীষ্টৰ জন্মৰ সম্পর্কে সকলোতকৈ গুৰুত্বপূর্ণ ভবিষ্যতবাণী প্রদান কৰিছে, খ্রীষ্টৰ জন্মৰ 700 বছৰ পূর্বে তেওঁৰ জন্মঠাই বৈৎলেহেম হ’ব বুলি নের্দেশ কৰিছিল আৰু তেওঁৰ অনন্তকলীয়া আচৰণৰ বিষয়ে কৈছিল (মীখা 5:2)।
লিখাৰ স্থান আৰু সময়
লিখাৰ সম্ভাব্য সময় প্রায় 730-650 খ্রীষ্টপূর্বৰ ভিতৰত।
মীখা পুস্তকৰ প্রথম বাক্যবোৰ ইস্রায়েলৰ উত্তৰাঞ্চলৰ সাম্রাজ্যৰ পতনৰ ঠিক আগে আগে অহা বুলি ধাৰণা কৰিব পাৰি (1:2-7)। এই মীখা পুস্তকৰ কিছুমান অংশ বেবিলনৰ নির্বাসনৰ সময়ত লিখিবলৈ উদ্ভব হোৱা বুলি ক’ব পাৰি আৰু কিছুমান নির্বাসনৰ পাছত ঘৰলৈ উভতি অহত লিখা বুলি ক’ব পাৰি।
প্রাপক
মীখা পুস্তক খন ইস্রায়েলৰ উত্তৰাঞ্চলৰ ৰাজ্য আৰু দক্ষিণাঞ্চলৰ উভয় ৰাজ্যৰ প্রতি লিখা।
উদ্দেশ্য
মীখা পুস্তক খনে দুটা গুৰুত্বপূর্ণ ভবিষ্যতবাণী কৰিছে:এটা হ’ল ইস্রায়েল আৰু যিহূদাৰ ওপৰত সোধবিচাৰ (1:1-3:12); আনটো হ’ল হাজাৰ বছৰৰ ৰাজত্বত ঈশ্বৰৰ লোকসকলক পুনঃপ্রতিষ্ঠা কৰা (4:1-5:15)। ঈশ্বৰে তেওঁলোকৰ হৈ নিজৰ পক্ষৰ পৰা তেওঁৰ ভাল কর্ম সমূহ আৰু তেওঁলোকৰ প্রতি তেওঁ কেনেকৈ তত্বাৱধান লয়, সেই বিষয়ে স্মৰণ কৰাই দিয়ে।
মূল বিষয়
স্বর্গীয় সোধবিচাৰ।
প্রান্তৰেখা
1. সোধবিচাৰৰ বাবে ঈশ্বৰ আহিব — 1:1-2:13
2. ধ্বংসৰ বার্তা — 3:1-5:15
3. নিন্দাৰ বার্তা — 6:1-7:10
4. উপসংহাৰ — 7:11-20
1 অধ্যায়
যিহূদাৰ ৰজা যোথম, আহজ, আৰু হিষ্কিয়াৰ ৰাজত্বৰ সময়ত চমৰিয়া আৰু যিৰূচালেমৰ বিষয়ে দৰ্শনত পোৱা, মোৰেষ্টিয়া মীখালৈ অহা যিহোৱাৰ বাক্য।
চমৰিয়া আৰু যিৰূচালেমৰ ভাবী দণ্ড। মীখাৰ বিলাপ।
হে লোকসকল, সকলোৱে শুনক।
হে পৃথিৱী আৰু তাত থকা সকলোৱে শুনক।
প্ৰভু যিহোৱা নিজৰ পবিত্ৰ মন্দিৰৰ পৰা
আপোনালোকৰ বিৰুদ্ধে সাক্ষী হওক;
চাওক, যিহোৱা নিজৰ স্থানৰ পৰা ওলাই আহিছে;
তেওঁ নামি আহিব আৰু
পৃথিবীত থকা মুৰ্ত্তি পূজা কৰা মন্দিৰবোৰ ধ্বংস কৰিব।
জুইৰ তাপত মম গলাৰ দৰে পৰ্ব্বতবোৰ তেওঁৰ আগত পমি যাব,
এঢলীয়া ঠাইৰ পৰা যেনেকৈ পানী ঢালিলে তললৈ বৈ আহে তেনেকৈ তেওঁৰ আগত উপত্যকাবোৰ ভাঙি ছিন্ন ভিন্ন হৈ যাব।
যাকোবৰ বিদ্ৰোহ,
আৰু ইস্ৰায়েল-বংশৰ পাপৰ কাৰণেই এই সকলো হ’ব;
যাকোবৰ বিদ্রোহৰ কাৰণ কি আছিল?
চমৰিয়া নহয়নে নে? যিহূদাৰ মন্দিৰবোৰৰ কাৰণ কি? যিৰূচালেম নহয় নে?
মই পথাৰত চমৰিয়াক দ্ৰাক্ষাবাৰীত গছ ৰোৱা ঠাইৰ দৰে,
ধ্বংস স্তূপ কৰিম।
মই তেওঁৰ গৃহৰ শিলবোৰ উপত্যকালৈ বগৰাই পেলাম,
মই তেওঁৰ ভিত্তিমূল অনাবৃত কৰিম।
তেওঁৰ সকলো কটা-মূৰ্ত্তিবোৰ ভাঙি ডোখৰ ডোখৰ কৰা হ’ব,
আৰু তেওঁৰ সকলো উপহাৰ জুইৰে পোৰা যাব।
তেওঁৰ সকলো প্ৰতিমাবোৰ মই উচ্ছন্ন কৰিম;
কাৰণ তেওঁ বেশ্যাবৃত্তিৰ পৰা সেই সকলো উপহাৰৰ গোটাইছিল,
আৰু বেশ্যাই পৰিশোধ কৰাৰ দৰে, তেওঁলোকে ঘূৰাই দিব।”
এই কাৰণে মই বিলাপ আৰু ক্রন্দন কৰি চিঞৰিম;
মই খালি ভৰি আৰু বিবস্ত্র হৈ যাম;
মই শিয়ালৰ দৰে চিঞৰিম,
আৰু ফেঁচাৰ দৰে শোক প্রকাশ কৰিম।
তেওঁৰ ঘাঁবোৰ সুস্থ হ’ব নোৱাৰাৰ কাৰণে;
সেইবোৰ যিহূদালৈকে আহিল।
সেই ঘাঁবোৰ যিৰূচালেমলৈ মোৰ লোকসকলৰ দুৱাৰলৈ আহি পালে।
10 গাত নগৰত এই বিষয়ে নকবা,
আৰু একেবাৰে নাকান্দিবা,
বৈৎলি-অফ্ৰাত মই নিজকে ধূলিত বাগৰাম।
11 বিবস্ত্ৰ আৰু লজ্জিত হৈ
চাফীৰৰ নিবাসী সকলৰ মাজেৰে যোৱা।
চাননৰ নিবাসী সকল বাহিৰলৈ ওলাই নাহিল।
তেওঁলোকৰ ৰক্ষণাবেক্ষণ বঞ্চিত কৰাৰ বাবে
বৈৎ-এচেলে বিলাপ কৰিলে।
12 কাৰণ মাৰোৎ নিবাসী সকলে শুভ সম্বাদৰ বাবে আগ্রহেৰে অপেক্ষা কৰি আছিল,
কিন্তু যিৰূচালেমৰ দুৱাৰলৈ,
যিহোৱাৰ পৰা দুৰ্যোগ নামি আহিল।
13 লাখীচ নিবাসী সকলৰ ঘোঁৰাৰ দলত ৰথ লগোৱা;
চিয়োন জীয়াৰী বাবে লাখীচেই পাপৰ আৰম্ভণ;
কিয়নো ইস্ৰায়েলৰ অধৰ্ম কাৰ্যবোৰ তোমাৰ মাজত পোৱা গল।
14 সেয়ে আপুনি মোৰেচৎ-গতক বিদায় উপহাৰ দিব;
ইস্ৰায়েলৰ ৰজাসকলক অকজীবৰ নগৰে নিৰাশ কৰিব।
15 মাৰেচা-নিবাসী সকলক মই আপোনাৰ ওচৰলৈ আনিম,
তাৰে এজনে আপোনাৰ অধিকাৰ ল’ব;
ইস্ৰায়েলৰ মূখ্য* গৌৰৱ লোকসকল অদুল্লমৰ গুহালৈকে যাব।
16 চুলি কাটক,
আৰু মূৰ খুৰাওক।
যি সন্তান সকলৰ কাৰণে আপুনি আনন্দ কৰে;
ঈগল চৰাইৰ দৰে নিজকে টপা কৰক;
কাৰণ আপোনাৰ সন্তান সকল আপোনাৰ পৰা বহিষ্কৃত হ’ব।

*1 অধ্যায়:15 গৌৰৱ