মাৰ্কে লিখা শুভবাৰ্তা
গ্রন্থ ৰচয়িতা
প্রথম মণ্ডলীৰ নেতাসকলে সর্বসন্মতিক্রমে সন্মত যে এই তথ্যভিত্তিক লেখাটো জন মার্কৰ দ্বাৰা লেখা হৈছে। নতুন নিয়মত জন মাৰ্কৰ বিষয়ে দহ বাৰ উল্লেখ আছে পাঁচনিৰ কর্ম 12:12, 25; 13:5, 13; 15:37, 39; কলচীয়া 4:10; 2 তীমথিয় 4:11; ফিলীমন 24; 1 পিতৰ 5:13। এই তথ্যসমূহে নির্দেশ কৰে যে, মার্ক বার্ণাবাৰ ভতিজা আছিল (কলচীয়া. 4:10)। মার্কৰ মাতৃৰ নাম আছিল মৰিয়ম, তেওঁ আছিল এজনী যিৰূচালেমত থকা ধনী আৰু সভ্রান্ত মহিলা আৰু প্রথম খ্রীষ্টিয়ানসকলৰ বাবে তেওঁৰ গৃহ আছিল একোখন সভাৰ স্থান (পাঁচনিৰ কর্ম 12:12)। জন মার্ক পৌল আৰু বার্ণাবাৰ প্রথম মিছনাৰী যাত্রাৰ সংগী আছিল (পাঁচনিৰ কর্ম 12:25; 13:5)। বাইবেলৰ প্রমাণ আৰু আদি মণ্ডলীৰ পিতৃসকলে পিতৰ আৰু মার্কৰ মাজত এক ঘনিষ্ঠ সংযোগ থকা বুলি প্রদর্শন কৰে। (1 পিতৰ 5:13)। ইয়াৰ উপৰিও তেওঁ আছিল পিতৰ দোভাষী আৰু সকলো সম্ভাবনা আছে যে, পিতৰৰ প্রচাৰ আৰু চাক্ষুস সাক্ষ্যই মার্কৰ শুভবার্তাৰ প্রাথমিক উৎস হ’ব পাৰে।
লিখাৰ স্থান আৰু সময়
সম্ভাব্য সময় প্রায় 50-60 খ্রীষ্টাব্দ।
মণ্ডলীৰ নেতাসকলৰ দ্বাৰা লিখা বিভিন্ন লিখনীয়ে (ইৰনেউচ, আলেকজেণ্ড্রিয়াৰ ক্লিমেণ্ট আৰু অন্যান্যসকল) নিশ্চিত কৰি কয় যে, মার্কে লিখা এই শুভবার্তা ৰোমৰ পৰা লিখা হৈছে। আদি মণ্ডলীৰ সূত্রসমূহে জনায় যে, এই শুভবার্তা পিতৰৰ মৃত্যুৰ পাছত লিখা হয় (67-68 খ্রীষ্টাব্দ)।
প্রাপক
এই তথ্যসন্মত নথি সমূহে প্রমাণ কৰে যে, মার্কে সাধাৰনতে অনা-যিহূদী লোকসকলৰ বাবে এই শুভবার্তাটো লিখিছিল আৰু বিশেষকৈ ৰোমীয় শ্রোতাসকলৰ বাবে এই লেখাটো লিখিছিল। এই কাৰণতে হয়তো যীচু খ্রীষ্টৰ বংশতালিকা ইয়াত অন্তর্ভুক্ত কৰা হোৱা নাই, কিয়নো অনা-যিহূদী জগতে এই সম্পর্কে অতি কমকৈ বুজি পায়।
উদ্দেশ্য
মার্কৰ পাঠকসকলৰ মাজৰ যি গৰিষ্ঠসকল ৰোমান খ্রীষ্টিয়ান আছিল, তেওঁলোকে 67-68 খ্রীষ্টাব্দৰ ভিতৰত অতি নিষ্ঠুৰ নির্যাতনৰ মাজত নিজকে বিচাৰি পাইছিল, সম্রাট নিৰোৰ অধীনত অত্যাচাৰ কৰা হৈছিল আৰু বিভিন্ন জনক হত্যা কৰা হৈছিল। এনে ধৰণৰ এক দৃশ্যকল্পৰ পৰা মার্কে এই শুভবার্তা লিখিছিল, য’ত খ্রীষ্টিয়ানসকলে এনে এক কঠিন সময়ৰ মাজেৰে গৈ আছিল, এনেদৰে পীড়িত দাস যীচু অংকিত হৈছিল (যিচয়া 53)।
মূল বিষয়
যীচু- পীড়িত দাস।
প্রান্তৰেখা
1. পৰিচর্যাৰ বাবে যীচুৰ প্রস্তুতি — মৰুপ্রান্তত থকা — 1:1-13
2. গালীল আৰু ইয়াৰ আশে-পাশে যীচুৰ পৰিচর্যা — 1:14-8:30
3. যীচুৰ মিছন: যাতনা আৰু মৃত্যু — 8:31-10:52
4. যিৰুচালেমত যীচুৰ পৰিচর্যা — 11:1-13:37
5. ক্রুচবিদ্ধ হোৱাৰ বাখ্যা — 14:1-15:47
6. যীচুৰ পুনৰুত্থান আৰু সাক্ষাৎ — 16:1-20
1 অধ্যায়
যোহন বাপ্তাইজকৰ প্ৰচাৰ
ঈশ্বৰৰ পুত্র যীচু খ্রীষ্টৰ শুভবাৰ্তাৰ আৰম্ভণ।
যিচয়া ভাববাদীৰ পুস্তকত যেনেকৈ লিখা আছে,
‘চোৱা, মই মোৰ বাৰ্তাবাহকক তোমাৰ আগত পঠিয়াইছোঁ,
তেওঁ তোমাৰ বাট যুগুত কৰিব৷’
“মৰুপ্ৰান্তত এজনৰ কণ্ঠস্বৰ শুনা গৈছে, * মলা 3:1; যিচ 40:3
‘তোমালোকে প্রভুৰ পথ যুগুত কৰা,
তেওঁৰ বাট পোন কৰা৷’ ”
এইদৰে মৰুপ্ৰান্তত বাপ্তিস্ম কৰোঁতা আৰু পাপ মোচনৰ অৰ্থে মন-পালটনৰ বাপ্তিস্মৰ কথা ঘোষণা কৰোঁতা যোহন আহিল। তাতে গোটেই যিহুদীয়া আৰু যিৰূচালেমৰ সকলো লোক তেওঁৰ ওচৰ চাপিবলৈ ওলাই আহিল আৰু নিজৰ নিজৰ পাপ স্বীকাৰ কৰি, গীত 32:5; হিতো 28:13; 1 যো 8:10 তেওঁৰ দ্বাৰাই যৰ্দ্দন নদীত বাপ্তিস্ম ল’লে। সেই যোহনে উটৰ নোমৰ কাপোৰ আৰু কঁকালত চামৰাৰ টঙালি বান্ধিছিল৷ আৰু তেওঁ কচুৱা ফৰিং আৰু হাবিৰ মৌ খাইছিল।
তেওঁ ঘোষণা কৰি ক’লে, “মোতকৈ শক্তিমান এজন মোৰ পাছত আহি আছে আৰু মই, তেওঁৰ পাদুকাৰ ফিটাৰ বান্ধ তল মূৰ কৰি খুলিবৰো যোগ্য নহওঁ। মই আপোনালোকক পানীত বাপ্তিস্ম দিলোঁ; কিন্তু তেওঁ পবিত্ৰ আত্মাত বাপ্তিস্ম দিব।” পাঁ 1:5, 8; 2:1-4
যীচুৰ বাপ্তিস্ম আৰু পৰীক্ষা
সেই সময়ত যীচু গালীল দেশৰ নাচৰতৰ পৰা আহি, যোহনৰ দ্বাৰাই যৰ্দ্দন নদীত বাপ্তিস্ম ল’লে। 10 তেওঁ পানীৰ পৰা উঠি আহোতেই আকাশ দুফাল হৈ যোৱা আৰু কপৌৰ নিচিনা তেওঁৰ ওপৰলৈ আত্মাক নমা দেখিলে। 11 আৰু এইদৰে আকাশ-বাণী হ’ল যে, “তুমি মোৰ প্রিয় পুত্র৷ তোমাত মই পৰম সন্তুষ্ট।”§ মলা 3:1; যিচ 40:3
12 তেতিয়া পবিত্র আত্মাই তেওঁক মৰুপ্ৰান্তলৈ চালিত কৰি লৈ গ’ল। 13 সেই মৰুপ্ৰান্তত তেওঁ চল্লিশ দিনলৈকে বনৰীয়া জন্তুৰ লগত থাকোতে চয়তানৰ দ্বাৰাই পৰীক্ষিত হ’ল; আৰু স্বৰ্গৰ দূত সকলে তেওঁৰ শুশ্রূষা কৰিলে।
যীচুৱে প্রকাশকৈ কাৰ্য কৰিবলৈ আৰম্ভ কৰা; প্রথম চাৰি জন শিষ্য
14 যোহনক বন্দীশালত থোৱাৰ পাছত যীচু গালীল দেশলৈ গ’ল আৰু ঈশ্বৰৰ শুভবাৰ্তা ঘোষণা কৰিলে৷ 15 যীচুৱে প্ৰচাৰ কৰিলে আৰু ক’লে, “কাল সম্পূৰ্ণ হ’ল,* গীত 32:5; হিতো 28:13; 1 যো 8:10আৰু ঈশ্বৰৰ ৰাজ্য ওচৰ হ’ল৷ তোমালোকে মন-পালটন কৰা আৰু শুভবাৰ্তাত বিশ্বাস কৰা”।
16 পাছত তেওঁ গালীল সাগৰৰ তীৰেদি গৈ থাকোতে, পাঁ 1:5, 8; 2:1-4 চিমোন আৰু চিমোনৰ ভায়েক আন্দ্রিয়ক সাগৰত জাল বাই থকা দেখিলে; কিয়নো তেওঁলোক জালোৱা আছিল। 17 তেতিয়া যীচুৱে তেওঁলোকক ক’লে, “মোৰ পাছত আহা; মই তোমালোকক মানুহ ধৰা জালোৱা কৰিম”। 18 তেতিয়াই তেওঁলোকে জালবোৰ এৰি যীচুৰ পাছে পাছে গ’ল।
19 পাছত যীচুৱে অলপ দূৰ আগুৱাই গৈ থাকোতে, চিবদিয়ৰ পুতেক যাকোব আৰু তেওঁৰ ভায়েক যোহনক দেখিলে; তেওঁলোকেও নাৱত জাল মেৰামতি কৰি আছিল। 20 তেওঁ তেতিয়াই তেওঁলোকক মাতিলে; লগে লগে তেওঁলোকে নিজৰ বাপেক চিবদিয় ও কাম কৰা বনুৱাৰ সকলে সৈতে নাও এৰি যীচুৰ পাছে পাছে গ’ল।
21 পাছত তেওঁলোকে কফৰনাহূমলৈ গ’ল আৰু বিশ্ৰামবাৰ আহিলত নাম-ঘৰত সোমাই উপদেশ দিলে। 22 তেওঁৰ উপদেশত লোক সকলে বিস্ময় মানিলে, কিয়নো তেওঁ বিধানৰ অধ্যাপক সকলে উপদেশ দিয়াৰ নিচিনাকৈ নিদি ক্ষমতাপন্ন ব্যক্তিৰ দৰে তেওঁলোকক উপদেশ দিলে।
23 সেই সময়ত তেওঁলোকৰ সেই নাম-ঘৰতে অশুচি আত্মাই লূক 4:33-37 ধৰা এজন মানুহ আছিল। তেওঁ আটাহ পাৰি ক’লে, 24 “হে নাচৰতীয়া যীচু, আপোনাৰ লগত আমাৰ কি কাম? আপুনি আমাক নষ্ট কৰিবৰ বাবে আহিলে নে? আপুনি কোন, মই জানো৷ আপুনি ঈশ্বৰৰ পবিত্ৰ জন”। 25 কিন্তু যীচুৱে তাক ডবিয়াই ক’লে, “মনে মনে থাক আৰু ইয়াৰ পৰা বাহিৰ ওলা!” 26 তেতিয়া সেই অশুচি আত্মাই এক ডাঙৰ মাতেৰে চিঞৰি মানুহ জনক তলত পেলাই মুচৰি তেওঁৰ পৰা বাহিৰ ওলাই গ’ল।
27 তাতে সকলোৱে বিস্ময় মানি, ইজনে সিজনে সোধা-সুধি কৰি কলে, “এইয়া কি? ক্ষমতাপন্ন জনৰ দৰে এক নতুন উপদেশ! এওঁ অশুচি আত্মাকো আজ্ঞা দিয়াত, সিহঁতেও দেখোন এওঁক মানে”। 28 তেতিয়া তেওঁৰ খ্যাতি গালীল প্ৰদেশৰ চৌদিশে আৰু সেই অঞ্চলৰ সকলো ঠাইলৈ বিয়পি গ’ল।
29 পাছত তেওঁলোকে নাম-ঘৰৰ পৰা ওলাই আহি চিমোন আৰু আন্দ্রিয়ৰ ঘৰত সোমাল। তেওঁলোকৰ লগত যাকোব আৰু যোহনো আছিল। 30 তাতে চিমোনৰ শাহুৱেক জ্বৰত অসুস্থ হৈ বিচনাত পৰি আছিল৷ তেতিয়াই তেওঁলোকে তেওঁৰ বিষয়ে যীচুক জনালে। 31 তাতে তেওঁ ওচৰলৈ আহি তেওঁৰ হাতত ধৰিলে আৰু তেওঁক তুলিলে৷ তেতিয়া সেই জ্বৰে তেওঁক এৰিলে, আৰু তেওঁ তেওঁলোকৰ সেৱা-শুশ্রূষা কৰিবলৈ ধৰিলে।
32 সেই দিনা সন্ধিয়া বেলি মাৰ গলত, লোক সকলে সকলো ৰোগীক আৰু ভূতে পোৱা লোক সকলক তেওঁৰ ওচৰলৈ আনিলে; 33 আৰু নগৰৰ লোক সকল আহি দুৱাৰ-মুখতে গোট খালে। 34 তাতে তেওঁ নানা বিধ ৰোগত কষ্ট পাই থকা অনেক ৰোগীক সুস্থ কৰিলে আৰু ভূতে পোৱা বহু লোকৰ পৰা ভূত খেদালে৷ কিন্তু ভূতবোৰক একো কথা কবলৈ নিদিলে; কিয়নো সিহঁতে তেওঁক জানিছিল৷
35 অতি ৰাতিপুৱা প্ৰায় আন্ধাৰ হৈ থাকোতেই তেওঁ উঠি, বাহিৰলৈ ওলাই গৈ নির্জন ঠাইত প্ৰাৰ্থনা কৰি আছিল। 36 পাছত চিমোন আৰু লগৰবোৰে তেওঁক বিচাৰি গ’ল৷ 37 পাছত তেওঁক পাই কলে, “সকলোৱে আপোনাক বিচাৰি আছে”।
38 তাতে তেওঁ তেওঁলোকক ক’লে, “ব’লা, আমি ওচৰৰ আন ঠাইবোৰলৈ যাওঁ, সেই ঠাইবোৰতো মই বাক্য ঘোষণা কৰিব লাগে; মই এই বাবেই ওলাই আহিলোঁ”।§ গীত 40:7-9; যিচ 61:1 39 পাছত তেওঁ গৈ, গালীল প্ৰদেশৰ সকলো ঠাইতে, তেওঁলোকৰ নাম-ঘৰবোৰতো প্রচাৰ কৰিলে আৰু ভূতবোৰক খেদালে।
40 তাতে* মথি 8:2-4; লূক 5:12-15 এজন কুষ্ঠ ৰোগী তেওঁৰ ওচৰলৈ আহিল; আৰু সবিনয়েৰে তেওঁৰ সন্মুখত আঁঠু লৈ ক’লে, “আপুনি যদি ইচ্ছা কৰে, তেনেহলে মোক শুচি কৰিব পাৰে”। 41 তেতিয়া তেওঁৰ মৰম লাগিল আৰু হাত মেলি তেওঁক চুই ক’লে, “মই ইচ্ছা কৰিছোঁ৷ শুচি হোৱা”42 তেতিয়া তেওঁৰ শৰীৰৰ পৰা কুষ্ঠৰোগ আতৰিল আৰু তেওঁ শুচি হ’ল।
43 যীচুৱে তেওঁক কঠোৰ আজ্ঞা দি বিদায় দিলে। 44 যীচুৱে তেওঁক ক’লে, “সাৱধান হোৱা; কোনো ব্যক্তিক একো নকবা; কিন্তু যোৱা, পুৰোহিতৰ ওচৰত গৈ নিজকে দেখুওৱা আৰু তুমি শুচি হবৰ অৰ্থে মোচিয়ে যি যি উ‌‌ৎসৰ্গ কৰিবলৈ আজ্ঞা দিলে, তেওঁলোকক সাক্ষ্য দিবৰ বাবে সেইবোৰ উ‌‌ৎসৰ্গ কৰাগৈ”।
45 কিন্তু তেওঁ ওলাই গৈ সকলোৰে আগত ঘোষণা কৰিবলৈ ধৰিলে৷ আৰু এই কথা এনে ধৰণে প্রকাশ হবলৈ ধৰিলে যে, যীচুৱে প্রকাশ্যৰূপে কোনো নগৰত সোমাব নোৱাৰা হ’ল৷ তেওঁ গৈ বাহিৰত নিৰ্জন ঠাইবোৰত থাকিবলগীয়া হ’ল যাতে চাৰিওফালৰ পৰা লোক সকলে তেওঁৰ ওচৰলৈ আহিব পাৰে।

*1 অধ্যায়:3 মলা 3:1; যিচ 40:3

1 অধ্যায়:5 গীত 32:5; হিতো 28:13; 1 যো 8:10

1 অধ্যায়:8 পাঁ 1:5, 8; 2:1-4

§1 অধ্যায়:11 মলা 3:1; যিচ 40:3

*1 অধ্যায়:15 গীত 32:5; হিতো 28:13; 1 যো 8:10

1 অধ্যায়:16 পাঁ 1:5, 8; 2:1-4

1 অধ্যায়:23 লূক 4:33-37

§1 অধ্যায়:38 গীত 40:7-9; যিচ 61:1

*1 অধ্যায়:40 মথি 8:2-4; লূক 5:12-15