ফিলিপীয়া পত্ৰ
গ্রন্থ ৰচয়িতা
পৌলে এই পত্র লিখা বুলি দাবী কৰে (1:1) আৰু ভাষা, শৈলী আৰু ঐতিহাসিক তথ্য আদি সকলো আভ্যন্তৰীণ বিষয়ে ইয়াক নিশ্চিত কৰে। পৌলৰ লিখকত্ব আৰু কর্তৃত্বৰ বিষয়ে আদি মণ্ডলীয়ে ধাৰাবাহিকভাবে কৈ আহিছে। ফিলিপীয়া পত্রত খ্রীষ্টৰ মতক উদাক্তভাবে সংস্থাপিত কৰিছে (2:1-11)। যদিও পৌল জেলত বন্দী হৈ থকা সময়ত ফিলিপীয়া পত্র লিখিছিল, তথাপি তেওঁ আনন্দত পৰিপূর্ণ আছিল। ফিলিপীয়া পত্রই আমাক শিক্ষা দিয়ে যে, যদিও আমি কষ্ট পাওঁ আৰু কষ্টৰ মাজত থাকো, তথাপি খ্রীষ্টিয়ানসকল সুখী হ’ব পাৰে। খ্ৰীষ্টৰ বিষয়ত আমি যি আশা কৰিব পাৰোঁ, তাৰ কাৰণে আমি আনন্দিত।
লিখাৰ স্থান আৰু সময়
সম্ভাব্য সময় প্রায় 61 খ্রীষ্টাব্দ
পৌলে ৰোমত কাৰাবন্দী হৈ থকা সময়ত তাৰ পৰাই ফিলিপীয়া পত্র লিখিছিল। (পাঁচনিৰ কর্ম 28:30)। ইপাফ্রোদিটাচৰ যোগেদি এই পত্র ফিলিপীয়াসকললৈ পঠোৱা হৈছিল, তেঁৱে ফিলিপীৰ মণ্ডলীৰ পৰা আর্থিক সাহার্যৰ সৈতে ৰোমত থকা পৌলৰ ওচৰলৈ আহিছিল (ফিলিপীয়া 2:25; 4:18)। কিন্তু ৰোমত থকা সময়ত ইপাফ্রোদিটাচ অধিক অসুস্থ হৈ পৰিছিল, সেয়ে তেওঁৰ ঘৰলৈ উভতি যোৱাত পলম হৈছিল; পাছত তেওঁ ঘৰলৈ গৈ এই পত্র অর্পন কৰিছিল (2:26-27)।
প্রাপক
ফিলিপী চহৰত থকা খ্রীষ্টিয়ান মণ্ডলী, মাকিদনিয়া প্রদেশৰ আন প্রধান চহৰ সমূহৰ ভিতৰত ফিলিপী আছিল এখন অন্যতম প্রধান চহৰ।
উদ্দেশ্য
পৌলে মণ্ডলীক জনাব বিচাৰিছিল সেই বিষয় সমূহ, যি বিষয়ৰ বাবে তেওঁৰ কাৰাদণ্ড হৈছিল (1:12-26) আৰু তেওঁৰ যি পৰিকল্পনা আছিল, সেই বিষয় সমূহ প্রকাশ কৰা (ফিলিপীয়া 2:23-24)। মণ্ডলীত কিছুমান বিভেদ আৰু বিভক্তিয়ে দেখা দিছিল আৰু সেয়ে নম্রতাৰ সৈতে ঐক্যৰ বিষয়ে লক্ষ্য ৰাখি পাঁচনিয়ে উৎসাহ দি এই পত্র লিখিছিল (2:1-18; 4:2-3)। পৌল, এজন পালকীয় আধ্যাত্মিক তত্ববিদ আছিল, নেতিবাচক শিক্ষা আৰু অতি ভুৱা শিক্ষকৰ পৰিণতিৰ কথাক মনত ৰাখি তেওঁ ইয়াক লিখিছিল (3:2-3), ইপাফ্রোদিটাচৰ পৰিকল্পনা আৰু সাস্থ্যবিষয়ত মণ্ডলীক এক প্রতিবেদন হিচাপে পৌলে তীমথিয়ক আদেশ দি এই পত্র লিখিছিল (2:19-30) আৰু পৌলে তেওঁলোকৰ কাৰণে পঠোৱা উপহাৰ আৰু তেওঁলোকৰ সচেতনতাৰ বাবে ধন্যবাদ জনায় (4:10-20)।
মূল বিষয়
আনন্দই পূর্ণ কৰা জীৱন।
প্রান্তৰেখা
1. অভিবাদন 1:1, 2
2. মণ্ডলীৰ বাবে পৌলৰ পৰিস্থিতি আৰু উদ্দীপনা — 1:3-2:30
3. ভুৱা শিক্ষকৰ বাবে সতর্কবাণী — 3:1-4:1
4. চূড়ান্ত উপদেশ — 4:2-9
5. ধন্যবাদ বাণী — 4:10-20
6. চূড়ান্ত শুভেচ্ছা — 4:21-23
1 অধ্যায়
ফিলিপীয়া সকলৰ প্ৰতি পৌলৰ প্ৰেমৰ নমস্কাৰ
খ্ৰীষ্ট যীচুৰ দাস পৌল আৰু তীমথিয়, খ্ৰীষ্ট যীচুত থকা যি সকল পবিত্ৰ লোক ফিলিপীত আছে তেখেত সকলৰ সৈতে তেখেত সকলৰ অধ্যক্ষ আৰু পৰিচাৰক সকলৰ সমীপলৈ। আমাৰ পিতৃ ঈশ্বৰ আৰু প্ৰভু যীচু খ্ৰীষ্টৰ পৰা আপোনালোকলৈ অনুগ্ৰহ আৰু শান্তি হওক।
মই আপোনালোকৰ প্রতিটো ভাৱেৰে মোৰ ঈশ্ৱৰৰ ধন্যবাদ কৰোঁ৷ প্ৰতিবাৰে মই আপোনালোকৰ বাবে প্ৰাৰ্থনা কৰোঁ, এয়া সদায় এটা আনন্দৰ নিবেদন হয়৷ প্ৰথম দিনৰে পৰা এতিয়ালৈকে শুভবাৰ্তা ঘোষণাৰ কাৰ্যত আপোনালোকৰ সহভাগিতা থকাৰ বাবে মই ধন্যবাদ কৰোঁ৷ যি জনে আপোনালোকত সৎকৰ্ম আৰম্ভ কৰিলে, সেই জনে যীচু খ্ৰীষ্টৰ আগমণৰ দিনলৈকে* 1 কৰি 1:8; 2 পি 3:10 সিদ্ধ কৰি থাকিব বুলি দৃঢ় প্ৰত্যয় কৰিলোঁ৷
আপোনালোক সকলোৰে বিষয়ে এনে ন্যায় ভাব ৰখা মোৰ উচিত; কাৰণ আপোনালোক মোৰ হৃদয়ত আছে৷ কিয়নো মই বন্দী অৱস্হাত থাকোতে আৰু শুভবাৰ্তাৰ পক্ষত উত্তৰ আৰু প্ৰমাণ দিয়া কথাত যি অনুগ্ৰহ পালোঁ, তাৰে আপোনালোকো সহভাগী হৈছে। কাৰণ খ্ৰীষ্ট যীচুৰ স্নেহত মই আপোনালোকৰ কাৰণে কিমান হাবিয়াহ কৰোঁ, সেই বিষয়ে ঈশ্বৰ মোৰ সাক্ষী আছে।
আৰু মই প্ৰাৰ্থনা কৰি আছোঁ যাতে আপোনালোকে প্ৰেম, জ্ঞান আৰু সকলো বিবেচনাত অধিক অধিককৈ উপচি পৰে৷ 10 মই প্ৰাৰ্থনা কৰোঁ, আপোনালোকে যাতে যি যি শ্ৰেষ্ঠ, সেইবোৰ বিবেচনা কৰি, সেইদৰে নিৰ্ণয় কৰিব পাৰে আৰু এইদৰে খ্ৰীষ্টৰ দিনৰ অপেক্ষাৰে নিৰ্দোষী আৰু নিৰ্বিঘ্ন হওক৷ 11 নিবেদন কৰোঁ, আপোনালোক যেন ঈশ্বৰৰ মহিমা আৰু প্ৰশংসাৰ অৰ্থে মথি 5:16; যো 15:8, যীচু খ্ৰীষ্টৰ যোগেদি ধাৰ্মিকতাৰ ফলেৰে পৰিপূৰ্ণ হয়।
12 এতিয়া হে ভাই সকল, আপোনালোকে এই কথা জানি লোৱাতো মই ইচ্ছা কৰোঁ যে, মোলৈ যি যি ঘটিল, সেইবোৰ শুভবাৰ্তাৰ বাবে বাধা হোৱাৰ বিপৰীতে বৃদ্ধিৰ অৰ্থেহে ঘটিল। 13 কাৰণ খ্ৰীষ্টত মোৰ যি বন্ধন, সেয়ে গোটেই প্ৰিটৰিয়মত আৰু আন সকলোৰে আগত প্ৰকাশিত হ’ল৷ 14 আৰু সেয়ে খ্ৰীষ্টত থকা ভাই সকলৰ অধিক ভাগে মই বন্ধনত থকা অৱস্হাত প্ৰভুত দৃঢ় বিশ্বাস ৰাখিছে, আৰু ঈশ্বৰৰ বাক্য নিৰ্ভয়ৰূপে ক’বলৈ অধিক সাহস কৰিছে।
15 কোনো কোনোৱে ঈৰ্ষাৰে আৰু বিবাদেৰে আৰু কোনো কোনোৱে সদ্ভাৱেৰে খ্ৰীষ্টক ঘোষণা কৰে৷ 16 এভাগে প্ৰেমৰ কাৰণে ঘোষণা কৰে, ইয়াৰ চিন স্বৰূপে মই শুভবাৰ্তাৰ পক্ষত উত্তৰ দিবলৈ নিযুক্ত হৈছোঁ বুলি জানিছোঁ। 17 কিন্তু কিছুমানে স্বাৰ্থপৰতাৰে আৰু আন্তৰিকতাহীন ভাৱে খ্ৰীষ্টক প্ৰচাৰ কৰে, তেখেত সকলে শুদ্ধ ভাবেৰে নহয়, কিন্তু মোৰ বন্ধন ক্লেশযুক্ত কৰিবৰ আশয়েৰেহে তাকে কৰে।
18 তাতেই বা কি হ’ল? কপটেৰেই হওক বা সত্যেৰেই হওক, কোনো প্ৰকাৰে খ্ৰীষ্ট প্ৰচাৰিত হৈ আছে; ইয়াতে মই আনন্দহে কৰিছোঁ, আৰু আনন্দ কৰি থাকিম। 19 কিয়নো মই জানো যে, আপোনালোকৰ প্ৰাৰ্থনা আৰু যীচু খ্ৰীষ্টৰ আত্মাৰ উপকাৰৰ যোগেদি মোৰ পৰিত্রাণৰ অৰ্থে, সেয়ে মোলৈ ঘটিব৷
20 এয়ে মোৰ আকাংক্ষা আৰু আশা সিদ্ধ হ’ব যে, মই কোনোমতে লজ্জিত নহম৷ কিন্তু সাহসেৰে যেনেকৈ সদায়, তেনেকৈ এতিয়াও জীৱনৰ দ্বাৰাই হওক বা মৰণৰ দ্বাৰায়েই হওক ৰো 14:7-9, মোৰ শৰীৰত খ্ৰীষ্ট মহিমান্বিত হ’ব। 21 কিয়নো মোৰ পক্ষে জীয়াই থকা হৈছে খ্ৰীষ্ট, মৰাই হৈছে লাভ।
22 কিন্তু মাংসত জীয়াই থকাই যদি মোৰ পক্ষে কৰ্মৰ ফল উৎপন্ন কৰোঁতা হয়, তেনেহলে কোনটো মনোনীত কৰিম, সেই বিষয়ে মই নাজানো৷ 23 কিন্তু মই এই দুটাৰ চেপাৰ মাজত সোমাই আছোঁ৷ ইয়াৰ পৰা গৈ, খ্ৰীষ্টৰ লগত থাকিবলৈ মোৰ ইচ্ছা; কিয়নো সেয়ে অতি অধিক গুণে উত্তম!§ 2 কৰি 5:8; 2 তীম 4:6-8 24 কিন্তু এতিয়া আপোনালোকৰ কাৰণে শৰীৰত জীৱিত থকাই অধিক প্ৰয়োজন হৈছে।
25 আৰু ইয়াকে মই দৃঢ় প্ৰত্যয় কৰি থাকিম বুলি জানিছোঁ; হয়, আৰু বিশ্বাসত আপোনালোকৰ বৃদ্ধি আৰু আনন্দ হ’বৰ বাবে আপোনালোক সকলোৰে লগত থাকিবলৈ পাম৷ 26 মোৰ বাবে আপোনালোকৰ শ্লাঘাৰ কাৰণ খ্ৰীষ্ট যীচুত উপচি পৰা উচিত, যিহেতু মই আপোনালোকৰ সৈতে পুনৰাই উপস্থিত আছোঁ৷ 27 মই যদি আপোনালোকক চাবলৈ যাওঁ, নাইবা অনুপস্থিতো থাকো, তথাপি আপোনালোকে যে এক আত্মাৰে থিৰ হৈ আছে আৰু এক মনেৰে শুভবাৰ্তাৰ সমন্ধীয় বিশ্বাসৰ পক্ষে প্ৰাণপণ কৰিছে, সেই বিষয়ে যেন আপোনালোকৰ পৰা শুনিবলৈ পাম, ইয়াৰ বাবেই আপোনালোকে খ্ৰীষ্টৰ শুভবাৰ্তাৰ যোগ্য জীৱন-যাপন কৰক, এয়ে মাত্ৰ মোৰ নিবেদন।
28 আপোনালোকৰ বিৰুদ্ধী সকলৰ বাবে কোনো বিষয়ত ত্ৰাসযুক্ত নহ’ব; সেয়ে তেখেত সকলৰ অৰ্থে বিনাশ, কিন্তু আপোনালোকৰ অৰ্থে ঈশ্বৰৰ পৰাই পৰিত্রাণৰ প্ৰমাণ হয়। 29 কিয়নো, খ্ৰীষ্টত কেৱল বিশ্বাস কৰিবলৈ নহয়, কিন্তু খ্ৰীষ্টৰ কাৰণে দুখ ভোগ কৰিবলৈকো* মথি 5:11, 12; পাঁ 4:41, আপোনালোকক তেওঁৰ কাৰণে অনুগ্ৰহ দান কৰা হ’ল, 30 যিহেতু আপোনালোকে আগেয়ে মোক যি ৰূপত যুদ্ধ কৰা দেখিলে, আৰু এতিয়াও কৰি থকা শুনিছে, সেইদৰে আপোনালোকেও যুদ্ধ কৰক৷

*1 অধ্যায়:6 1 কৰি 1:8; 2 পি 3:10

1 অধ্যায়:11 মথি 5:16; যো 15:8

1 অধ্যায়:20 ৰো 14:7-9

§1 অধ্যায়:23 2 কৰি 5:8; 2 তীম 4:6-8

*1 অধ্যায়:29 মথি 5:11, 12; পাঁ 4:41