প্ৰকাশিত বাক্য
গ্রন্থ ৰচয়িতা
পাঁচনি যোহনে নিজে এজন হিচাপে স্বর্গদূতৰ যোগেদি প্রভুৱে যি কৈছিল, সেয়া তেওঁ লিখি গৈছিল। মণ্ডলীত থকা পূর্বৰ লিখকসকল, যেনে শ্বহীদ জাষ্টিন, ইৰেনেউচ, হিপ্পোলিটাচ, টেৰতুলিয়ান, আৰু আলেকজেণ্ড্রিয়াৰ ক্লিমেন্ট আৰু মুৰিটোৰিয়ানৰ সকলোৱে কয় যে প্রকাশিত বাক্য পুস্তকৰ লিখক পাঁচনি যোহন। প্রকাশিত বাক্য লিখা হৈছে ‘ৰহস্যোদঘাটন’ পদ্ধতিত, এক ধৰণৰ ইহুদি সাহিত্যৰ দৰে, যি যোগাযোগৰ বাবে প্রতীকী চিত্রাৱলী ব্যৱহাৰ কৰে (মহান ঈশ্বৰৰ জয়জয়কাৰ) যিসকলে নির্যাতিত হৈছিল সেই সকলৰ বাবে।
লিখাৰ স্থান আৰু সময়
সম্ভাব্য সময় প্রায় 95-96 খ্রীষ্টাব্দৰ মাজভাগত।
যোহনে ইংগীত কৰিছিল যে তেওঁ আগিয়ান সাগৰৰ পাত্ম দ্বীপৰ এজন, য’ত তেওঁ এই ভাববাণী গ্রহন কৰিছিল (1:9).
প্রাপক
যোহনে কৈছিল যে, এচিয়াত থকা সাত মণ্ডলীৰ ওচৰলৈ এই ভবিষ্যত বাণীৰ নির্দেশনা আহিছিল (1:4)
উদ্দেশ্য
প্রকাশিত বাক্যৰ প্ৰাপ্ত উদ্দেশ্য আছিল যীচু খ্রীষ্টত প্রকাশিত হোৱা (1:1), তেওঁৰ ব্যক্তি, তেওঁৰ ক্ষমতা আৰু তেওঁৰ দাস সকলক দেখুৱাবৰ বাবে অতি সোনকালে অনুষ্ঠিত হ’ব। এইটো এটা চূড়ান্ত সতর্ক বাণী যে, বিশ্বৰ অৱশ্যেই শেষ হ’ব আৰু এয়া নিশ্চয়কৈ হ’ব। ইয়ে আমাক স্বর্গৰ এটা সংক্ষিপ্ত আভাস দিয়ে আৰু যিসকলে তেওঁলোকৰ পোচাক বগা কৰি ৰাখিব তেওঁলোকৰ বাবে ঐশ্বর্য ৰৈ আছে। প্রকাশিত বাক্যই লৈ আহে সকলো দুর্দশাৰ সৈতে মহা ক্লেশৰ যোগেদি সকলো অভিশাপ আৰু সকলো অবিশ্বাসীয়ে অনন্তকালৰ বাবে চূড়ান্ত অগ্নিৰ সন্মুখীন হ’ব। এই পুস্তকে চয়তানৰ পতন আৰু তাৰ সর্বনাশ ঘটাব আৰু তাৰ দূতগণ বন্ধনত পৰিব।
মূল বিষয়
উন্মোচন।
প্রান্তৰেখা
1. খ্রীষ্টৰ প্রতিভাস আৰু যীচুৰ সাক্ষ্য — 1:1-8
2. যি বিষয় সমূহ আপুনি দেখিছে — 1:9-20
3. সাত স্থানীয় মণ্ডলী — 2:1-3:22
4. যি বিষয় সমূহক স্থানলৈ অনা হৈছে — 4:1-22:5
5. প্রভুৰ অন্তিম সতৰর্কীকৰন আৰু পাঁচনিৰ শেষ প্রার্থনা — 22:6-21
1 অধ্যায়
মঙ্গলবাদ; স্বৰ্গনিবাসী যীচুৰ দৰ্শন
অলপতে যি যি ঘটিবলগীয়া আছে, সেই বিষয়ে যীচু খ্ৰীষ্টে তেওঁৰ দাস সকলক দেখুৱাবৰ কাৰণে, ঈশ্বৰে তেওঁত সমৰ্পণ কৰা তেওঁৰ প্ৰকাশিত বাক্য৷ এই বাক্য তেওঁ দূতৰ যোগেদি যোহনক জনালে৷ যোহনে ঈশ্বৰৰ বাক্য আৰু যীচু খ্ৰীষ্টৰ সাক্ষ্যৰ বিষয়ে, অৰ্থাৎ যি যি দৰ্শন পালে, সেই সকলোৰে বিষয়ে সাক্ষ্য দিলে। যি জনে এই ভাববাণীৰ বাক্যবোৰ পঢ়ে, তেওঁ ধন্য; আৰু যি সকলে শুনে আৰু ইয়াত লিখা কথাবোৰ পালন কৰে, তেওঁলোকো ধন্য; কিয়নো কাল ওচৰ।
যোহন, - এচিয়াত থকা সাত মণ্ডলীৰ প্ৰতি: যি জন হয়, যি জন আছিল, আৰু যি জন আহিব, তেওঁৰ পৰা আৰু তেওঁৰ সিংহাসনৰ সন্মুখত থকা সাত আত্মাৰ পৰা আপোনালোকলৈ অনুগ্রহ আৰু শান্তি হওক, আৰু যীচু খ্রীষ্টৰ পৰা, যি জন বিশ্বাসযোগ্য সাক্ষী, মৃত সকলৰ মাজত প্রথমে জন্ম পোৱা আৰু পৃথিৱীৰ ৰজা সকলৰ অধিকাৰী; যি জনে আমাক প্রেম কৰে আৰু নিজৰ তেজেৰে আমাক পাপৰ পৰা মুক্ত কৰিলে, * যো 8:14; 18:37; 1 তী 6:13 অৰ্থাৎ মৃত সকলৰ মাজৰ 1 কৰি 15:20; কল 1:18 প্ৰথমজাত আৰু পৃথিৱীৰ ৰজা সকলৰ অধিপতি, প্ৰ 17:14; 19:16 সেই জন যীচু খ্ৰীষ্টৰ পৰা আপোনালোকলৈ অনুগ্ৰহ আৰু শান্তি হওক, তেওঁ আমাক ৰাজ্য স্বৰূপ, ঈশ্বৰৰ উদ্দেশ্যে পুৰোহিত কৰিলে আৰু তেওঁৰ পিতৃৰ প্রতি, তেওঁৰ মহিমা আৰু পৰাক্রম সদা-সর্বদায় হওক।§ যা 19:64; 1 পি 2:5-9 তেওঁৰ মহিমা আৰু পৰাক্ৰম চিৰকাল হওক। আমেন।
চাওক, তেওঁ মেঘৰ সৈতে আহিছে;* মথি 24:30; 26:64
আটাই চকুৱে তেওঁক দেখিব,
যি সকলে তেওঁক বিন্ধিলে, জখ 12:10 তেওঁলোকেও তেওঁক দেখিব;
আৰু পৃথিৱীৰ সকলো ফৈদে তেওঁৰ কাৰণে হিয়া ভুকুৱাব;
হয়, আমেন।
প্ৰভু পৰমেশ্বৰে কৈছে - “মই আলফা আৰু ওমেগা”, “যি জন আছে, যি জন আছিল আৰু যি জন আহিব, সেই সৰ্বশক্তিমান৷” প্ৰ 21:6; 22:13
আপোনালোকৰ ভাই আৰু যীচুৰ সম্বন্ধীয় ক্লেশভোগ, ৰাজ্য আৰু ধৈৰ্যত আপোনালোকৰ সহভাগী মই যোহন, ঈশ্বৰৰ বাক্য আৰু যীচুৰ সাক্ষ্যৰ কাৰণে পাত্ম নামেৰে দ্বীপত আছিলোঁ। 10 মই প্ৰভুৰ দিনত আত্মাত আছিলোঁ; মোৰ পাছফালে তূৰীৰ মাতৰ দৰে বৰ মাত শুনিলোঁ। 11 তাতে তেওঁ ক’লে, “তুমি যি দৰ্শন পোৱা, সেইবোৰ পুথিৰ নুৰাত লিখি, ইফিচ, স্মুৰ্ণা, পৰ্গাম, থুয়াতীৰা, চাৰ্দ্দি, ফিলাদেলফিয়া আৰু লায়দিকেয়া, এই সাত মণ্ডলীলৈ পঠাই দিবা৷”
12 তাতে মোক কথা কোৱা সেই কণ্ঠস্বৰ চাবলৈ ঘুৰিলোঁ আৰু তাতে মই সোণৰ সাতটা দীপাধাৰ দেখিলোঁ। 13 আৰু সেই দীপাধাৰ কেইটাৰ মাজত মানুহৰ পুত্ৰৰ নিচিনা§ মথি 16:13; পাঁ 7:56 এজনক দেখা পালোঁ; তেওঁৰ বস্ত্ৰ ভৰিলৈকে পিন্ধা আৰু বুকু সোণৰ টঙালিৰে বন্ধা।
14 তেওঁৰ মুৰ আৰু চুলি, বগা মেষৰ নোম আৰু হিমৰ নিচিনা বগা; তেওঁৰ চকু অগ্নিশিখাৰ তুল্য; 15 তেওঁৰ চৰণ চক্‌চকীয়া পিতলৰ নিচিনা, একেবাৰে অগ্নিশালত মসৃণ কৰা পিতলৰ নিচিনা আৰু তেওঁৰ কণ্ঠ, ক্ষিপ্র গতিত বাগৰি থকা পানীৰ নিচিনা আছিল। 16 তেওঁৰ সোঁ হাতত সাতোটা তৰা আছিল; তেওঁৰ মুখৰ পৰা দুধৰীয়া চোকা তৰোৱাল এখন ওলাইছিল৷* ইব্ৰী 4:12 তেওঁৰ মুখ মণ্ডল জিলিকি আছিল, একেবাৰে সূর্যৰ পৰা নির্গত হোৱা পোহৰৰ দৰে শক্তিশালী আছিল।
17 যেতিয়া মই তেওঁক দেখিছিলোঁ, তেতিয়া মৰা মানুহৰ নিচিনা হৈ তেওঁৰ চৰণত পৰিলোঁ। তাতে তেওঁ নিজৰ সোঁ হাত মোৰ গাত দি ক’লে, “ভয় নকৰিবা৷ মই প্ৰথম আৰু শেষ, 18  আৰু জীয়াই থকা জন৷ মই মৃত হ’লো, কিন্তু চোৱা, চিৰকাললৈকে জীৱন্ত হৈ আছোঁ; মৃত্যু আৰু মৃত লোকৰ চাবিবোৰো মোৰ হাতত আছে।
19  গতিকে তুমি কি দেখিলা, এতিয়া কি আছে আৰু ইয়াৰ পাছত এই ঠাইত কি ঘটিব, এই সকলোবোৰ লিখা। 20  মোৰ সোঁ হাতত যি সাতোটা তৰা দেখিলা, তাৰ গুপুত অৰ্থ এই যে, সেই সাতোটা তৰাই হৈছে সাত মণ্ডলীৰ দূত আৰু সেই সাতোটা দীপাধাৰেই হৈছে সাত মণ্ডলী”।

*1 অধ্যায়:5 যো 8:14; 18:37; 1 তী 6:13

1 অধ্যায়:5 1 কৰি 15:20; কল 1:18

1 অধ্যায়:5 প্ৰ 17:14; 19:16

§1 অধ্যায়:6 যা 19:64; 1 পি 2:5-9

*1 অধ্যায়:7 মথি 24:30; 26:64

1 অধ্যায়:7 জখ 12:10

1 অধ্যায়:8 প্ৰ 21:6; 22:13

§1 অধ্যায়:13 মথি 16:13; পাঁ 7:56

*1 অধ্যায়:16 ইব্ৰী 4:12