জখৰিয়া
গ্রন্থ ৰচয়িতা
জখৰিয়া 1:1 পদে “জখৰিয়া পুস্তক”ৰ লিখক হিচাপে ইদ্দোৰ নাতি বেৰেখিয়াৰ পুত্র ভাববাদী জখৰিয়াক চিহ্নিত কৰে। ইদ্দো আছিল নির্বাসনৰ পৰা উভতি অহা পুৰোহিত পৰিয়াল সমূহৰ ভিতৰত এজন অন্যতম প্রধান লোক (নহিমিয়া 12:4,16)। যেতিয়া যিৰূচালেমলৈ তেওঁৰ পৰিয়াল উভতি আহিছিল, তেতিয়া জখৰিয়া হয়তো এজন যুৱক আছিল। কাৰণ তেওঁৰ পৰিয়ালৰ বংশগতভাবে জখৰিয়া আছিল এজন পুৰোহিত, লগতে এজন ভাববাদী। গতিকে যদিও তেওঁ সম্পূর্ণভাবে মন্দিৰৰ সেৱাকর্ম কৰা নাছিল, তথাপি তেওঁ ইহুদিসকলে উপাসনা কৰা অভ্যাসবোৰৰ সৈতে অতি ঘনিষ্ঠভাবে পৰিচিত আছিল।
লিখাৰ স্থান আৰু সময়
আনুমানিক লিখাৰ সময় প্রায় 520-480 খ্রীষ্টপূর্বৰ ভিতৰত।
বেবিলনৰ বন্দীত্বৰ পৰা উভতি অহাৰ পাছত লিখা হৈছিল। মন্দিৰ পুনৰ নির্মানৰ কাম সম্পূর্ণ হোৱাৰ আগতে ভাববাদী জখৰিয়াই 1-8 অধ্যায় লিখিছিল আৰু মন্দিৰৰ পুনৰ নির্মানৰ কাম সম্পূর্ণ হোৱাৰ পাছত 9-14 অধ্যায় লিখিছিল।
প্রাপক
যিৰূচালেমত বসবাস কৰা লোকসকল আৰু নির্বাসনৰ পৰা যিসকল লোক উভতি আহিছিল, সেই লোকসকল।
উদ্দেশ্য
জখৰিয়াৰ লিখাৰ উদ্দেশ্য আছিল অৱশিষ্টসকলৰ প্রতি আশা আৰু বোধশক্তি দিয়া আৰু যিজনা খ্রীষ্ট যীচু হয়, তেওঁলোকৰ সেই আহিবলগীয়া মছীহৰ প্রতি চোৱা। জখৰিয়াই বাখ্যা কৰিছিল যে ঈশ্বৰে ভাববাদীসকলক শিক্ষা দিবলৈ, সতর্ক কৰিবলৈ আৰু তেওঁৰ লোকসকলক সংশোধন কৰিবৰ বাবে ব্যৱহাৰ কৰিছিল। দুর্ভাগ্যবশত, তেওঁলোকে ইয়াক শুনিবলৈ অস্বীকাৰ কৰিছিল। তেওঁলোকৰ পাপে, তেওঁলোকলৈ ঈশ্বৰৰ শাস্তি কঢ়িয়াই আনিছিল। ইয়াৰ উপৰিও এই পুস্তকে প্রমাণ দিয়ে যে, আনকি ভবিষ্যত বাণীও বিকৃত হ’ব পাৰে।
মূল বিষয়
ঈশ্বৰৰ উদ্ধাৰ।
প্রান্তৰেখা
1. মনপালটনৰ বাবে আহ্বান - 1:1-6
2. জখৰিয়াৰ দর্শন — 1:7 - 6:15
3. উপবাস সম্পর্কীয় প্রশ্ন — 7:1-8:23
4. ভৱিষ্যত সম্পর্কত বোজা — 9:1-14:21
1 অধ্যায়
মন পালটাবলৈ আমন্ত্ৰণ। জখৰিয়াৰ প্ৰথম আৰু দ্বিতীয় দৰ্শন।
দাৰিয়াবচৰ ৰাজত্বৰ দ্বিতীয় বছৰৰ অষ্টম মাহত, ইদ্দোৰ নাতিয়েক বেৰেখিয়াৰ পুত্ৰ জখৰিয়া ভাববাদীৰ ওচৰলৈ যিহোৱাৰ বাক্য আহিল:
“যিহোৱাই তোমালোকৰ পূৰ্বপুৰুষসকলৰ ওপৰত অতিশয় অসন্তুষ্ট হৈছিল! সেই কাৰণে তুমি লোকসকলক কোৱা: ‘বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে,
“তোমালোকে মোলৈ ঘূৰা!” এয়ে বাহিনীসকলৰ যিহোৱাৰ বাক্য;
“তেতিয়া মই তোমালোকলৈ ঘূৰিম!” এই কথা বাহিনীসকলৰ যিহোৱাই কৈছে।
তোমালোকৰ পূৰ্ব-পুৰুষসকলৰ নিচিনা তোমালোক নহ’বা; যিসকলৰ আগত আগৰ কালৰ ভাববাদীসকলে কৈছিল, “বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: তোমালোকে নিজ নিজ কু-পথৰ, আৰু নিজ নিজ কু-কাৰ্যৰ পৰা ঘূৰা!” কিন্তু তেওঁলোকে সেই কথা নুশুনিলে, বা মোলৈ কাণ নিদিলে।” এয়ে যিহোৱাৰ ঘোষণা।
“তোমালোকৰ পূৰ্বপুৰুষসকল ক’ত? আৰু ভাববাদীসকল চিৰকাললৈকে জীয়াই আছে নে?
কিন্তু মোৰ দাস ভাববাদীসকলক মই আজ্ঞা কৰা মোৰ বাক্য আৰু নিয়মবোৰ
তোমালোকৰ পূৰ্বপুৰুষসকলৰ কাণত পৰা নাছিল নে?
তেতিয়া তেওঁলোকে মন পালটন কৰি ক’লে, ‘আমাৰ আচাৰ-ব্যৱহাৰ আৰু আমাৰ কাৰ্য অনুসাৰে আমালৈ কৰিবৰ কাৰণে বাহিনীসকলৰ যিহোৱাই থিৰ কৰাৰ দৰে তেওঁ আমালৈ কৰিলে’।”
দাৰিয়াবচৰ ৰাজত্বৰ দ্বিতীয় বছৰৰ একাদশ, অৰ্থাৎ চবাট মাহৰ চৌবিশ দিনৰ দিনা ইদ্দোৰ নাতিয়েক বেৰেখিয়াৰ পুত্ৰ জখৰিয়া ভাববাদীক যিহোৱাৰ দ্বাৰাই এই বাক্য জনোৱা হ’ল, “মই ৰাতি দৰ্শনত দেখিলোঁ যে, এজন লোকে এটা ৰঙা ঘোঁৰাত উঠি সমতলত থকা মেন্দি গছবোৰৰ মাজত থিয় হৈ আছিল; আৰু তেওঁৰ পাছত ৰঙা, মুগা আৰু বগা বৰণীয়া কেইবাটাও ঘোঁৰা আছিল। তেতিয়া মই সুধিলোঁ, “হে মোৰ প্ৰভু, এইবোৰ কি বস্তু?” তেতিয়া মোৰ লগত কথা হোৱা দূতজনে মোক ক’লে, “এইবোৰ কি বস্তু সেই বিষয়ে মই তোমাক দেখুৱাম।”
10 তেতিয়া মেন্দি গছবোৰৰ মাজত থিয় দি থকা সেই লোকজনে উত্তৰ দি ক’লে, “পৃথিৱীত চাৰিওফালে ফুৰিবলৈ যিহোৱাই পঠোৱা লোক এইসকল।” 11 তেতিয়া তেওঁলোকে মেন্দি গছবোৰৰ মাজত থিয় হৈ থকা যিহোৱাৰ দূতজনাক উত্তৰ দি ক’লে, “আমি পৃথিৱীৰ সকলো ফালে ফুৰিলোঁ আৰু চোৱা, গোটেই পৃথিৱী সুস্থিৰ আৰু বিশ্ৰামে আছে।”
12 তেতিয়া যিহোৱাৰ দূতজনে উত্তৰ দি ক’লে, “হে বাহিনীসকলৰ যিহোৱা, যি যিৰূচালেমৰ, আৰু যিহূদাৰ নগৰবোৰৰ অহিতে আপুনি এই সত্তৰ বছৰ ক্ৰোধ কৰিয়েই আছে, সেই যিৰূচালেম আৰু যিহূদাৰ সেই নগৰবোৰৰ ওপৰত আপুনি কিমান কাললৈ দয়া নকৰাকৈ থাকিব?” 13 তেতিয়া যিহোৱাই মোৰে সৈতে কথা হোৱা দূতজনক উত্তম বাক্য, এনে কি, শান্ত্বনাদায়ক বাক্যেৰে উত্তৰ দিলে।
14 তেতিয়া মোৰ লগত কথা হোৱা দূতজনে মোক ক’লে, “তুমি ঘোষণা কৰি কোৱা, ‘বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে:
“মই যিৰূচালেম আৰু চিয়োনৰ অৰ্থে মহা অন্তৰ্জ্বালাৰে জ্বলিছোঁ।
15 আৰু নিশ্চিন্তে থকা জাতি সমূহৰ ওপৰত মই অতিশয় অসন্তুষ্ট হৈছোঁ;
কিয়নো মই কেৱল অলপ অসন্তুষ্ট হোৱাত, তেওঁলোক অমঙ্গলৰ অৰ্থে সাহায্য কৰোঁতা হ’ল।”
16 এই হেতুকে যিহোৱাই এই কথা কৈছে:
“মই নানা দয়াৰে সৈতে যিৰূচালেমলৈ ঘূৰিলোঁ; তাত মোৰ গৃহ সজা হ’ব।”
বাহিনীসকলৰ যিহোৱাৰ এই বচন- “আৰু যিৰূচালেমৰ ওপৰত এডাল পৰিমাণ-জৰী বিস্তাৰ কৰা হ’ব!”
17 তুমি আকৌ ঘোষণা কৰি কোৱা,
‘বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: ‘মোৰ নগৰবোৰ পুনৰায় মঙ্গলেৰে উপচি পৰিব,
যিহোৱাই চিয়োনক পুনৰায় শান্ত্বনা কৰিব আৰু যিৰূচালেমক আকৌ মনোনীত কৰিব।”
18 পাছত চকু তুলি চাই মই চাৰিটা শিং দেখিলোঁ। 19 তেতিয়া মোৰ লগত কথা হোৱা দূতজনক মই সুধিলোঁ, “এইবোৰ কি?” তেতিয়া তেওঁ মোক উত্তৰ দি ক’লে, “যিহূদা, ইস্ৰায়েল আৰু যিৰূচালেমক ছিন্ন-ভিন্ন কৰা শিং এইবোৰ।”
20 তাৰ পাছত যিহোৱাই মোক চাৰিজন শিল্পকাৰ দেখুৱালে। 21 তেতিয়া মই সুধিলোঁ, “এওঁলোকে কি কৰিবলৈ আহিছে?” তেওঁ উত্তৰ দি ক’লে, “যি কোনো মানুহকে নিজৰ মূৰ দাঙিব নোৱাৰাকৈ যিহূদাক ছিন্ন-ভিন্ন কৰা শিং এইবোৰ; কিন্তু যি জাতিবোৰে যিহূদা দেশ ছিন্ন-ভিন্ন কৰিবলৈ নিজ নিজ শিং তুলিছিল, সেই জাতিবোৰক ত্ৰাসিত কৰিবলৈ আৰু তেওঁলোকৰ শিংবোৰ ভাঙি পেলাবলৈ, এওঁলোক আহিছে।