110 অধ্যায়
দায়ুদৰ ৰচিত গীত।
1 যিহোৱাই মোৰ প্ৰভুক ক’লে,
“যেতিয়ালৈকে মই তোমাৰ শত্রুবোৰক তোমাৰ ভৰি-পীৰা নকৰোঁ,
তেতিয়ালৈকে তুমি মোৰ সোঁহাতে বহি থাকা।”
2 যিহোৱাই চিয়োনৰ পৰা তোমাৰ শক্তিশালী ৰাজদণ্ড প্রেৰণ কৰিব,
তেওঁ ক’ব, “তোমাৰ শত্ৰুবোৰৰ মাজত ৰাজত্ব কৰা।”
3 যুদ্ধৰ দিনত তোমাৰ সৈন্য-সামন্তবোৰক তুমি লৈ যাওঁতে,
পবিত্র পর্বতবোৰৰ ওপৰত তোমাৰ লোকসকলে স্ব-ইচ্ছাৰে নিজকে উৎসর্গ কৰিব;
ৰাতিপুৱাৰ গৰ্ভস্থলৰ পৰা ওলোৱা নিয়ৰৰ নিচিনা তোমাৰ যুবকসকল তোমাৰ কাষলৈ আহিব।
4 “তুমি মল্কীচেদকৰ দৰে চিৰকালৰ কাৰণে এজন পুৰোহিত হ’বা।”
যিহোৱাই এই শপত খালে;
তেওঁ নিজৰ মন সলনি নকৰিব।
5 যিহোৱা তোমাৰ সোঁহাতে আছে;
ক্ৰোধৰ দিনত তেওঁ ৰজাসকলক চূর্ণ কৰিব।
6 তেওঁ জাতি সমূহৰ মাজত বিচাৰ নিষ্পত্তি কৰিব,
তেওঁ মৰা শৱেৰে দেশ পৰিপূৰ্ণ কৰিব;
তেওঁ বিশাল পৃথিৱীত ৰজাসকলৰ মূৰ গুড়ি কৰিব।
7 তেওঁ পথৰ দাঁতিত থকা জুৰিৰ জল পান কৰিব;
তাতে সতেজ হৈ শেষত বিজয়ৰ শিৰ তুলি ধৰিব।