27 অধ্যায়
দায়ুদৰ ৰচিত গীত
1 যিহোৱা মোৰ দীপ্তি, মোৰ পৰিত্ৰাণ;
মই কাক ভয় কৰিম?
যিহোৱা মোৰ জীৱন ৰক্ষক কোঁঠ,
মই কাৰ বাবে ত্ৰাসযুক্ত হম?
2 দুষ্টবোৰে যেতিয়া মোৰ মাংস খাবলৈ ওচৰলৈ আহে,
তেতিয়া মোৰ সেই শত্রু আৰু বিৰোধীবোৰ উজুতি খাই পৰে।
3 সৈন্যৰ দলেও যদি মোৰ বিৰুদ্ধে ছাউনি পাতে,
মোৰ হৃদয়ে ভয় নকৰিব;
মোৰ বিৰুদ্ধে যদি যুদ্ধও আৰম্ভ হয়,
তেতিয়াও মই সাহসেৰে থাকিম।
4 যিহোৱাৰ ওচৰত মই এটা বিষয় যাচনা কৰিছোঁ,
মই তাকেই অন্বেষণ কৰিম:
মই যেন যিহোৱাৰ সৌন্দর্য দেখা পাবলৈ,
আৰু তেওঁৰ মন্দিৰত ধ্যান কৰিবলৈ
মোৰ গোটেই জীৱন কাল যিহোৱাৰ গৃহত বাস কৰিব পাৰোঁ।
5 আপদৰ কালত তেওঁ মোক নিজ আশ্রয়ত গুপুতে ৰাখিব,
নিজৰ তম্বুত মোক লুকুৱাই ৰাখিব;
তেওঁ মোক শিলৰ ওপৰত তুলি থব।
6 যি শত্রুবোৰে মোক চাৰিওফালে বেৰি ধৰিছে,
তেওঁলোকতকৈ মোৰ মূৰ উন্নত হব;
মই তেওঁৰ তম্বুত আনন্দ জয়ধ্বনিৰে বলি উৎসৰ্গ কৰিম।
মই যিহোৱাৰ উদ্দেশ্যে গীত-গান কৰিম!
7 হে যিহোৱা, মই মাতিলে, তুমি শুনা।
মোক কৃপা কৰা, মোক উত্তৰ দিয়া!
8 মোৰ হৃদয়ে তোমাৰ এই কথাকে ক’লে, “আহাঁ, তোমালোকে মোৰ সাক্ষাৎ পাবলৈ বিচাৰা।”
হে যিহোৱা, মই তোমাৰ সাক্ষাৎ পাবলৈ বিচাৰো।
9 তোমাৰ মুখ মোৰ পৰা লুকুৱাই নাৰাখিবা;
ক্ৰোধত তুমি তোমাৰ দাসক দূৰ নকৰিবা।
তুমিয়েই মোৰ সহায় হৈ আহিছা;
হে মোৰ পৰিত্ৰাণৰ ঈশ্বৰ, মোক নেৰিবা, মোক পৰিত্যাগ নকৰিবা!
10 মোৰ পিতৃ-মাতৃয়ে মোক ত্যাগ কৰিলেও, যিহোৱাই মোক তুলি লব।
11 হে যিহোৱা,
মোৰ শত্রুবোৰৰ কাৰণে,
তুমি মোক তোমাৰ পথ শিকোৱা;
তুমি মোক সমান পথত চলোৱা।
12 মোৰ বিৰোধীবোৰৰ ইচ্ছাত তুমি মোক সমর্পণ নকৰিবা;
কিয়নো মিছা সাক্ষীবোৰ মোৰ বিৰুদ্ধে উঠিছে;
তেওঁলোকৰ প্রশ্ৱাসত অত্যাচাৰ ওলাই আহে।
13 মই বিশ্বাস কৰোঁ যে,
জীৱিতসকলৰ দেশত মই যিহোৱাৰ মঙ্গল দেখা পাম!
14 তুমি যিহোৱালৈ অপেক্ষা কৰা;
সবল হোৱা;
তোমাৰ অন্তঃকৰণ সাহিয়াল হওঁক;
পুনৰায় কওঁ, যিহোৱালৈ অপেক্ষা কৰা।