53 অধ্যায়
প্ৰধান বাদ্যকৰৰ নিমিত্তে: সুৰ: মহলৎ। মচকীল নামে দায়ুদৰ ৰচিত গীত।
1 নির্বোধে নিজৰ মনতে ক’লে, “ঈশ্বৰ বুলি কোনো নাই।”
তেওঁলোকৰ স্বভাৱ দুর্নীতিগ্রস্ত; তেওঁলোকে জঘন্য কার্য কৰে;
তেওঁলোকৰ মাজত এজনো সৎকৰ্ম কৰা লোক নাই।
2 ঈশ্বৰে স্বর্গৰপৰা মানৱজাতিলৈ দৃষ্টি কৰে,
তেওঁ চাব বিচাৰে, জ্ঞানী লোক আছে নে নাই;
ঈশ্বৰক বিচাৰোতা কোনো আছে নে নাই।
3 তেওঁলোক সকলোৱেই আঁতৰি গ’ল, সকলোৱেই একেলগে অপবিত্র হ’ল;
সৎকৰ্ম কৰোঁতা কোনো নাই, এজনো নাই।
4 “যিসকলে অপৰাধ কার্যত লিপ্ত হয়, তেওঁলোক কি একোৱেই নুবুজে নেকি?
তেওঁলোকে মোৰ লোকসকলক লুটপাত কৰে।
তেওঁলোকে ঈশ্বৰৰ আগত প্ৰাৰ্থনা নকৰে।
5 আগতে যি ঠাইত তেওঁলোকৰ কোনো ভয় কৰাৰ কাৰণ নাছিল, তাত এতিয়া তেওঁলোকৰ অতিশয় ভয় হ’ল;
ঈশ্বৰে তেওঁলোকৰ বিৰুদ্ধে অহা সকলক সিচঁৰিত কৰিলে।
সেয়ে তেওঁলোকক লাজত পেলোৱা হ’ব, কিয়নো ঈশ্বৰে তেওঁলোকক অগ্ৰাহ্য কৰিলে।
6 ইস্রায়েলৰ পৰিত্ৰাণ চিয়োনৰ মাজৰ পৰাই আহঁক!
যিহোৱাই যেতিয়া নিজৰ প্ৰজাসকলৰ ভৱিষ্যত পুনৰ স্থাপন কৰিব,
তেতিয়া যাকোবৰ বংশই উল্লাস কৰিব আৰু ইস্ৰায়েল আনন্দিত হ’ব।