2 থিচলনীকীয়া
গ্রন্থ ৰচয়িতা
1 থিচলনীকীয়াৰ দৰে, এই পত্ৰখনো পৌল, চীল আৰু তীমথিয়ৰ পৰা। 1 প্রথম থিচলনীকীয়া পত্ৰৰ দৰে এই পত্ৰখন লিখোতেও একে পদ্ধতি ব্যৱহাৰ কৰিছে আৰু পৌলে আন পত্রবোৰৰ দৰে এই পত্রখনো লিখিছে। ইয়ে দেখুৱাই যে পৌলে প্রধান লিখক আছিল। চীল আৰু তীমথিয়ৰ অভিবাদন অন্তর্ভুক্ত কৰা হয় (2 থিচলনীকীয়া 1:1). অনেক পদত আমি লিখা এইটোৱে দেখা পাওঁ যে এই তিনিজনৰ মাজত সকলোতে একমত আছিল। ইয়াত হস্তাক্ষৰ নাছিল যিহেতু পৌলে তেওঁৰ একমাত্ৰ চূড়ান্ত অভিবাদন আৰু প্রার্থনা লিখিছিল। (2 থিচলনীকীয়া 3:17). অনুভৱ হয় যে হয়তো চীল আৰু তীমথিয়ৰ ওচৰত পৌলে এই পত্র লিখিছিল।
লিখাৰ স্থান আৰু সময়
সম্ভাব্য সময় প্রায় 51-52 খ্রীষ্টাব্দৰ মাজভাগত।
পৌলে 2 থিচলনীকীয়া কৰিন্থত লিখিছিল, য’ত তেওঁ 1 থিচলনীকীয়া লিখিছিল।
প্রাপক
2 থিচলনীকীয়া 1:1 পদে চিহ্নিত কৰে যে “থিচলনীকীয়া মণ্ডলী”ৰ সদস্যসকল 2 থিচলনীকীয়াৰ উদ্দীষ্ট পাঠক আছিল।
উদ্দেশ্য
উদ্দেশ্য আছিল প্রভুৰ দিনৰ বিষয়ত বিধান সম্পর্কীয় ক্রুটি সমূহ শুধৰণি কৰা বিশ্বাসীসকলক প্রশংসা কৰা আৰু তেওঁলোকে বিশ্বাসত কৰা অধ্যৱসায়ৰ বাবে তেওঁলোকক উৎসাহ দিয়া আৰু সেই লোকসকলক বাধা দিয়া, কাৰণ তেওঁলোকৰ আত্মপ্রতাড়ণা কৰাৰ বাবে তেওঁলোকক তিৰস্কাৰ কৰিবলৈ বিশ্বাস কৰে যে প্রভুৰ দিন সোনকালে উভতি আহিব আৰু তেওঁলোকৰ নিজৰ লাভৰ কাৰণে এইদৰে মতবাদ অপব্যৱহাৰ কৰে।
মূল বিষয়
আশাত জীৱন যাপন কৰা।
প্রান্তৰেখা
1. অভিবাদন — 1:1, 2
2. বিপদত সান্ত্বনা — 1:3-12
3. প্রভুৰ দিন সম্বন্ধে সংশোধন — 2:1-12
4. তেওঁলোকৰ লক্ষ্যস্থান সম্পর্কে উপদেশ — 2:13-17
5. ব্যৱহাৰিক বিষয় সম্পর্কে উপদেশ — 3:1-15
6. চূড়ান্ত শুভেচ্ছা — 3:16-18
1 অধ্যায়
পৌল, চীল আৰু তীমথিয়, আমাৰ পিতৃ ঈশ্বৰ আৰু প্ৰভু যীচু খ্ৰীষ্টত থকা থিচলনীকীয়া সকলৰ মণ্ডলীৰ সমীপলৈ, পিতৃ ঈশ্বৰ আৰু প্ৰভু যীচু খ্ৰীষ্টৰ অনুগ্ৰহ আৰু শান্তি আপোনালোকৰ সহবর্তী হওক।
ভাইসকল, আপোনালোকৰ কাৰণে আমি সদায় ঈশ্বৰক ধন্যবাদ দিওঁ; আমি এনেদৰে ধন্যবাদ কৰা উচিত, কাৰণ আপোনালোকৰ বিশ্বাস অতিশয়ৰূপে বৃদ্ধি পাইছে আৰু আপোনালোক সকলোৱে প্রেমত পৰস্পৰৰ প্রতি উপচি পৰিছে; আপোনালোকে যি সকলৰ পৰা তাড়না আৰু ক্লেশ সহন কৰি আছে, সেই সকলৰ মাজতো আপোনালোকে যে বিশ্বাস আৰু সহনশীলতাত স্থিৰে আছে, তাৰ কাৰণে আমি ঈশ্বৰৰ বিভিন্ন মণ্ডলীত আপোনালোকৰ বিষয়ে কৈ গর্ব বোধ কৰোঁ।
ঈশ্বৰৰ বিচাৰৰ বিষয়ে পৌলৰ শিক্ষা
এইবোৰ বিষয় ঈশ্বৰৰ ন্যায় সোধ-বিচাৰৰ এক স্পষ্ট লক্ষণ, যাৰ ফলত ঈশ্বৰৰ যি ৰাজ্যৰ কাৰণে আপোনালোকে দুখভোগ কৰিছে, সেই ৰাজ্যৰ যোগ্যপাত্রৰূপে আপোনালোক গণিত হব। ঈশ্বৰৰ দৃষ্টিত ন্যায়-বিচাৰ এই, যি সকলে আপোনালোকক ক্লেশ দিয়ে, তেওঁ সেই সকলক ক্লেশ দিব, আৰু আপোনালোক যি সকলে এতিয়া ক্লেশ পাইছে, আপোনালোকক আমাৰ লগত ঈশ্বৰে বিশ্রাম দিব। যেতিয়া প্রভু যীচুৱে তেওঁৰ পৰাক্ৰমশালী দূত সকলৰ সৈতে জ্বলন্ত অগ্নিৰে স্বৰ্গৰ পৰা নামি আহি প্রকাশিত হ’ব, তেতিয়া এইবোৰ ঘটিব; তেতিয়া যি সকলে ঈশ্বৰক নাজানে আৰু আমাৰ প্রভু যীচুৰ শুভবার্তা পালন নকৰে, সেই লোক সকলক তেওঁ দণ্ড দিব। তেওঁলোক প্রভুৰ লগত থকাৰ পৰা আতৰ হৈ আৰু তেওঁৰ পৰাক্রমৰ প্ৰতাপৰ পৰা দূৰৈত থাকি, দণ্ডৰ সৈতে অনন্ত বিনাশ ভোগ কৰিব। 10 সেইদিনা যীচু যেতিয়া নিজৰ পবিত্ৰ লোক সকলৰ দ্বাৰা মহিমাম্বিত হবলৈ আহিব, তেতিয়া বিশ্বাস কৰা সকলোৱে আচৰিত হ’ব; আপোনালোকো সেই বিশ্বাসী সকলৰ মাজত আছে, কাৰণ আপোনালোকে আমাৰ সাক্ষ্য বিশ্বাস কৰিলে। 11 এই কাৰণে আমিও আপোনালোকৰ বাবে সদায় প্ৰাৰ্থনা কৰি থাকোঁ, যাতে আমাৰ ঈশ্বৰে আপোনালোকক তেওঁৰ আমন্ত্রণৰ যোগ্যপাত্র বুলি গণ্য কৰিব৷ তাতে তেওঁৰ শক্তিত আপোনালোকে যেন মঙ্গলভাৱেৰে সকলো ভাল কাম কৰাৰ ইচ্ছা আৰু বিশ্বাসৰ প্রতিটো কার্য যেন সম্পূর্ণ কৰে; 12 তাতে যেন আমাৰ ঈশ্বৰ আৰু প্রভু যীচু খ্রীষ্টৰ অনুগ্রহ অনুসাৰে আমাৰ প্রভু যীচুৰ নাম আপোনালোকৰ দ্বাৰাই মহিমাম্বিত হয় আৰু আপোনালোকো তেওঁত মহিমান্বিত হওক।