উপদেশক
গ্রন্থ ৰচয়িতা
উপদেশক পুস্তকৰ কোনো নির্দিষ্ট লিখকক চিহ্নিত কৰি কোনো উল্লেখ নাই। ইব্রী শব্দ ‘কুওহেলেথ’ৰ দ্বৰা উপদেশক পুস্তকৰ 1:1 পদে নিজে এই পুস্তকৰ লিখকৰ চিনাকি দিছে; এই শব্দটোৰ অনুবাদ ক’ব “ধর্ম প্রচাৰক” এই প্রচাৰকে নিজেকে আহ্বান কৰিছে, “যিৰূচালেমত থকা ৰজা দায়ুদৰ পুত্র বুলি, এজন, যিজন বৃদ্ধি হৈছিল, জ্ঞানত যিৰূচালেমত সকলোতকৈ আগত, আৰু যিজনে বহু হিতোপদেশ সংগ্রহ কৰিছিল’’ (উপদেশক 1:1, 16; 12:9)। এই চহৰৰ পৰা সমগ্র ইস্রায়েল দেশত ৰাজত্ব কৰাৰ কাৰণে চলোমনে দায়ূদৰ সিংহাসনৰ পৰা যিৰূচালেমলৈ উভতি আহিল (1:12)। চলোমনে এই পুস্তকত এনে কিছুমান পদ লিখিছে। চলোমনৰ মৃত্যুৰ পাছত বিভিন্ন লিখকে এই পুস্তকত লিখা বুলি এই প্রসংগত কিছুমান চিনাক্ত কৰা সংকেত থকাৰ ইংগিত দিয়ে, সম্ভৱতঃ এয়া বহু শত শত বছৰৰ পাছত হৈছে।
লিখাৰ স্থান আৰু সময়
লিখাৰ সম্ভাব্য সময় প্রায় 940-931
খ্রীষ্টপূর্বৰ ভিতৰত। চলোমনৰ ৰাজত্বকালৰ শেষৰফালে সম্ভৱতঃ উপদেশক পুস্তক খন লিখা হৈছিল, এয়া হয়তো যিৰূচালেমত লিখিছিল।
প্রাপক
প্রাচীন ইস্রায়েলী লোকসকলৰ কাৰণে উপদেশক পুস্তক লিখা হৈছিল আৰু পাছত বাইবেলৰ সমস্ত পাঠকসকল।
উদ্দেশ্য
এই পুস্তক খন আমাৰ ওচৰত এটা কঠোৰ সতর্কবাণী হিচাপে থিয় হৈ আছে। ঈশ্বৰৰ প্রতি ভয় আৰু লক্ষ্য নথকা জীৱন যাপন হ’ল এটা অকার্যকৰ, ব্যর্থ, আৰু এটা বতাহ আহিলেই সিঁচৰিত হোৱাৰ দৰে। আমি যিমানেই সুখ, ঐশ্বর্য, সৃজনশীল কার্যকলাপ, জ্ঞান, বা সাধাৰণ সুখ কামনা নকৰোঁ কিয়, আমি জীবনৰ শেষ প্রান্তলৈ আহি দেখা পাম যে আমাৰ জীৱন বৃথা হৈ গৈছে। জীবনৰ অর্থ মাত্র ঈশ্বৰৰ ওপৰত নিবদ্ধ এটা জীবনৰ যোগেদিহে আহে।
মূল বিষয়
ঈশ্বৰৰ পৰা অহা বিষয়বোৰৰ বাহিৰে আন সকলো বৃথা।
প্রান্তৰেখা
1. ভূমিকা — 1:1-11
2. জীবনৰ পৰিপ্রেক্ষিতত বিভিন্ন বৃথা আছে — 1:12-5:7
3. ঈশ্বৰৰ প্রতি ভয় — 5:8-12:8
4. সিদ্ধান্ত — 12:9-14
1 অধ্যায়
এজন দার্শনিক ৰজাৰ গভীৰ চিন্তা
1 দায়ুদৰ পুত্ৰ, যিৰূচালেমত থাকি ৰাজত্ব কৰা উপদেশকৰ কথা।
সকলো অসাৰ
2 উপদেশকে কৈছে,
“অসাৰৰ অসাৰ!
সকলোৱেই অসাৰ।
3 সূৰ্যৰ তলত*অর্থাৎ এই পৃথিৱীত মানুহে যি যি পৰিশ্ৰম কৰে, সেই সকলো পৰিশ্ৰমত তেওঁৰ কি লাভ?
4 এক পুৰুষ যায় আৰু এক পুৰুষ আহে; কিন্তু পৃথিৱী চিৰকাল থাকে।
5 সূৰ্য উদয় হয়, সূর্য অস্ত যায়; বেগেৰে নিজৰ উদয় স্থানলৈ ঘূৰি গৈ পুনৰ উদয় হয়।
6 বতাহ দক্ষিণ দিশলৈ বয়, আৰু চৌপাশে ঘূৰি উত্তৰলৈ যায়;
এইদৰে বতাহ নিজৰ পথত ঘূৰি থাকে,
আৰু পুনৰ নিজ চক্ৰলৈ উলটি আহে।
7 সকলো নদী গৈ সমুদ্ৰত পৰে; তথাপি সমুদ্ৰ কেতিয়াও পূর্ণ নহয়;
নদীবোৰ যি ঠাইলৈ যায়, সেই ঠাইলৈকে পুনৰায় একেৰাহে গৈ থাকে।
8 সকলোবোৰ বিষয়েই বিৰক্তিকৰ, তাৰ ব্যাখ্যা দিব পৰা মানুহৰ পক্ষে অসাধ্য।
চকুৱে যিমানেই দৰ্শন নকৰক, চকু তৃপ্ত নহয়;
কাণে যিমানেই শ্ৰৱণ নকৰক, কাণ তৃপ্ত নহয়।
9 যি হৈ গ’ল, সেয়ে পুনৰ হ’ব;
যি কৰা হ’ল, তাক পুনৰ কৰা হ’ব;
সূৰ্যৰ তলত নতুন একোৱেই নাই।
10 এনে কিবা আছেনে, যাৰ বিষয়ে মানুহে ক’ব পাৰে যে,
‘চোৱা এইটো নতুন’?
যি যি বিদ্যমান, ইতিমধ্যে বহু দিন ধৰি আছিল,
আমাৰ যুগৰ আগতেও বিদ্যমান আছিল।
11 অতীতত ঘটা বিষয়বোৰৰ কথা কাৰো মনত নাই;
অনেক পাছত যি ঘটিছিল,
আৰু ভৱিষ্যতেও যি যি হ’ব, সেই বিষয়েও মানুহে সোঁৱৰণ নকৰিব।”
জ্ঞান অসাৰ
12 মই উপদেশক; মই যিৰূচালেমত ইস্ৰায়েলৰ ওপৰত ৰজা আছিলোঁ। 13 আকাশৰ তলত যি যি কৰা হয়, তাক জ্ঞানৰ দ্বাৰা পৰীক্ষা আৰু অনুসন্ধান কৰিবৰ কাৰণে মই মনতে স্থিৰ কৰিলোঁ। মই দেখিলোঁ, ঈশ্বৰে মনুষ্যক ব্যস্ত ৰাখিবলৈ ই এক দুর্বহ কার্যভাৰ। 14 সূর্যৰ তলত যি যি কৰা হয়, সেই সকলোকে মই চালোঁ; দেখিলোঁ, এই সকলো অসাৰ আৰু কেৱল বতাহক ধৰিবলৈ†অর্থাৎ বতাহক খোৱাৰ দৰে চেষ্টা কৰাৰ নিচিনা।
15 যি বেঁকা তাক পোন কৰিব নোৱাৰি!
যি অনুপস্থিত, তাক গণনা কৰা অসাধ্য!
16 মই মনে মনে ক’লো, “মোৰ আগেয়ে যিসকল যিৰূচালেমত আছিল, সেইসকল লোকতকৈ মই অধিক প্ৰজ্ঞা অর্জন কৰিলোঁ; মোৰ মনে প্ৰজ্ঞা আৰু জ্ঞানৰ মহান অভিজ্ঞতা পালে।” 17 তাৰ পাছত মই প্রজ্ঞা, উন্মত্ততা আৰু মুৰ্খতা জানিবলৈ মনোযোগ কৰিলোঁ; তাতে মই বুজিলো যে, ইও বতাহক ধৰিবলৈ চেষ্টা কৰা মাত্ৰ। 18 কিয়নো প্ৰজ্ঞাৰ বাহুল্যতাত অধিক নৈৰাশ্যতা বাঢ়ে আৰু যিজনে জ্ঞান বৃদ্ধি কৰে, তেওঁ দুখো বৃদ্ধি কৰে।