যাকোবৰ পত্ৰ
গ্রন্থ ৰচয়িতা
এই পত্ৰৰ লিখক আছিল যাকোব (1:1), এওঁ যিৰূচালেম মণ্ডলীৰ এজন প্রভাৱশালী নেতা আৰু যীচু খ্রীষ্টৰ ভাই আছিল। খ্ৰীষ্টৰ আন ভাই সকলৰ ভিতৰত যাকোব আছিল এজন, মথি 13:55 পদত উল্লেখিত মতে সম্ভৱতঃ তেওঁ আছিল জেষ্ঠ ভাই। প্রথমতে তেওঁ যীচুক বিশ্বাস কৰা নাছিল আৰু আনকি তেওঁক প্রত্যাহ্বানহে জনাইছিল আৰু তেওঁৰ মিছন সম্পর্কে ভুল বুজিছিল। (যোহন 7:25). পাছত তেওঁ মণ্ডলীৰ এজন বিশিষ্ট ব্যক্তি হৈ পৰিছিল। তেওঁ আছিল এজন নির্বাচিত ব্যক্তি, যাক খ্রীষ্টই তেওঁৰ পুনৰুত্থানৰ পাছত আৱির্ভুত হৈ দেখা দিছিল (1 কৰিন্থীয়া 15:7), পৌলে তেওঁক মণ্ডলীৰ এটা স্তম্ভ বুলি অভিহিত কৰিছিল (গালাতীয়া 2:9)।
লিখাৰ স্থান আৰু সময়
সম্ভাব্য সময় প্রায় 40-50 খ্রীষ্টাব্দৰ ভিতৰত।
50 খ্রীষ্টাব্দত বহা যিৰূচালেম কাউন্সিলৰ আগত আৰু 70 খ্রীষ্টাব্দত মন্দিৰ ধ্বংস হোৱাৰ আগত।
প্রাপক
এই পত্ৰৰ সকলোতকৈ বেছি প্রাপক আছিল ইহুদি বিশ্বাসীসকল, যিসকল যিহূদীয়া আৰু চমৰীয়াত সিচঁৰিত হৈ আছিল। এতিয়া, যাকোবৰ প্ৰাথমিক সম্ভাষণৰ অৱলম্বণ এই যে “বাৰ জনগোষ্ঠী দেশবোৰত বিক্ষিপ্ত হোৱা,” এই সকলো ঠাইবোৰতে যাকোবৰ মূল দর্শকসকলৰ অৱস্থানৰ কাৰণে শক্তিশালী সম্ভাবণা আছিল।
উদ্দেশ্য
যাকোবৰ এই সর্বোচ্চ উদ্দেশ্যই যাকোবৰ দিশে দেখুৱাই 1:2-4. তেওঁৰ আৰম্ভণি কথাতে, যাকোবে তেওঁৰ পাঠকসকলক এটা বিশুদ্ধ আনন্দৰ বিষয়ে জনায়, হে মোৰ ভাই আৰু ভনীসকল, যেতিয়াই তোমালোকে নানা বিচাৰৰ সন্মুখীন হোৱা, কাৰণ তেতিয়া তোমালোকে জানা যে বিশ্বাসৰ পৰীক্ষাই তোমালোকৰ অধ্যৱসায় উৎপন্ন কৰে, এই উত্তৰণতে যাকোবৰ দর্শকসকলে অনেক ধৰণৰ বিচাৰৰ মুখামুখি হৈছিল। যাকোবে তেওঁৰ দর্শকসকলক জ্ঞানৰ অম্বেষণ কৰিবলৈ আহ্বান জনাইছিল (1:5) তাতে ঈশ্বৰৰ ওচৰৰ পৰা যাতে কষ্টত উল্লাস পাব পাৰে। যাকোবৰ কিছুমান এনে শ্রোতা আছিল, যিসকলে বিশ্বাসৰ পৰা বহু দূৰলৈ আতৰি গৈছিল। আৰু জগতৰ সৈতে বন্ধুত্ব কৰাৰ ক্ষেত্রত যাকোবে তেওঁলোকক সতর্ক কৰিছিল (4:4), যাকোবে বিশ্বাসীসকলক নম্র (নিজকে) হ’বলৈ নির্দেশ দিছিল, তাতে ঈশ্বৰে তেওঁলোকক [নিজকে] উন্নত কৰিব। তেওঁ শিকাইছিল যে নম্রতা ঈশ্বৰৰ ওচৰলৈ যোৱা এটা জ্ঞানৰ পথ (4:8-10)।
মূল বিষয়
প্রকৃত বিশ্বাস
প্রান্তৰেখা
1. প্রকৃত ধর্মৰ ওপৰত যাকোবৰ নির্দেশাৱলী — 1:1-27
2. সত্য বিশ্বাস ভাল কর্মৰ দ্বাৰা প্রদর্শিত হয় — 2:1-3:12
3. প্রামানিক জ্ঞান ঈশ্বৰৰ ওচৰৰ পৰা আহে — 3:13-5:20
1 অধ্যায়
ধৈৰ্য ধৰিবৰ আৰু ঈশ্বৰৰ বাক্য পালন কৰিবৰ আৱশ্যকতা
মই যাকোব, ঈশ্বৰ আৰু প্ৰভু যীচু খ্ৰীষ্টৰ এজন দাস, সিঁচৰিত হৈ থকা বাৰ ফৈদৰ লোক সকলৰ ওচৰলৈ এই সম্ভাষণ। হে মোৰ ভাইসকল, আপোনালোকে যেতিয়া নানা বিধ পৰীক্ষাত পৰে, তেতিয়া সেই বিষয়ক অতি আনন্দৰ বিষয় বুলি মানিব;* মথি 5:11, 12; 1 পি 4:13-16৷ কিয়নো আপোনালোকৰ বিশ্বাসৰ পৰীক্ষাই যে সহন ক্ষমতা জন্মায়, ৰো 5:3-5৷ সেই বিষয়ে আপোনালোকে জানে।
এই কাৰণে সহনশীলতাক সিদ্ধ কাৰ্য-বিশিষ্ট কৰা হওক, যাতে আপোনালোকে একোতে অসম্পূৰ্ণ নহৈ সিদ্ধ আৰু সম্পূৰ্ণ হয়৷ কিন্তু আপোনালোকৰ কাৰোবাৰ যদি জ্ঞান বা প্ৰজ্ঞাৰ অভাৱ হয় তেনেহলে যি জন দিওঁতা ঈশ্ৱৰ, যি জনে গৰিহণা নকৰাকৈ মুক্তহস্তে সকলোকে দান কৰে, তেওঁক যাচনা কৰক§ মথি 21:22; মার্ক 11:24৷ আৰু তাতে আপোনালোকক দিয়া হ’ব।
কিন্তু বিশ্বাসেৰে নিঃসংশয় হৈ যাচনা কৰক; কিয়নো যি জনে সংশয় কৰে, তেওঁ বতাহে বলোৱা আৰু ওপৰলৈ উধুৱা সাগৰৰ ঢৌৰ নিচিনা হয়। এনে ধৰণৰ মানুহে যে প্ৰভুৰ পৰা কিবা পাব, ইয়াক তেওঁ নাভাবক; কিয়নো সেই মানুহ, দুই মনৰ; তেওঁ নিজৰ সকলো গতিতে অস্থিৰ।
যি ভাই আৰ্থিকভাবে দূৰ্বল বা নম্ৰ; তেওঁ নিজৰ * নিজৰ ঈশ্বৰৰ পৰা পোৱাউচ্চপদৰ বাবে গৌৰৱ কৰক; 10 যি জন ধনৱান, তেৱোঁ ঈশ্বৰে শিকোৱা নম্ৰতাত গৌৰৱ কৰক; কিয়নো বনৰীয়া ফুল এটাৰ নিচিনা তেৱোঁ লুপ্ত হৈ যাব। যিচ 40:6-8৷ 11 কাৰণ সূৰ্য অতি তাপৰ সৈতে উদয় হয় আৰু তৃণ শুকুৱায়, তাতে তাৰ ফুল সৰি পৰে আৰু তাৰ সৌন্দৰ্য্যও নষ্ট হয়৷ এনেদৰে ধনৱান মানুহো এদিন নিজৰ মাজতেই মলিন হৈ যাব।
12 যি মানুহে পৰীক্ষা সহন কৰে, তেওঁ ধন্য; কিয়নো পৰীক্ষা সাফল্য হ’লে, প্ৰভুক প্ৰেম কৰা সকলক জীৱনৰূপ কিৰীটি প্ৰ 2:10৷ দিবলৈ প্ৰভুৱে যি প্ৰতিজ্ঞা কৰিলে, সেয়া তেওঁ পাব। 13 কিন্তু যেতিয়া পৰীক্ষিত হয়, তেতিয়া কোনোৱে যেন এই বুলি নকওঁক “ঈশ্বৰৰ দ্বাৰাই মই পৰীক্ষিত হৈছোঁ”; কিয়নো মন্দ বিষয়ত ঈশ্বৰ নিজেও অপৰীক্ষিত আৰু কোনো লোকৰ পৰীক্ষাও তেওঁ নকৰে।
14 কিন্তু প্ৰত্যেক ব্যক্তি নিজৰ কু-অভিলাষৰ দ্বাৰাই প্ৰলোভিত হয় আৰু ফুচুলনিত পৰি পৰীক্ষিত হয়। 15 তাতে সেই কু-অভিলাষে গৰ্ভধাৰণ কৰি পাপ প্ৰসৱ কৰে; পাছত পাপ পূৰ্ণতাপ্ৰাপ্ত হ’লে, তাৰ ফলাফল হয় মৃত্যু৷ 16 হে মোৰ প্ৰিয় ভাইসকল, আপোনালোক ভ্ৰান্ত নহব।
17 সকলো উত্তম দান আৰু সকলো সিদ্ধ বৰ ওপৰৰ § ওপৰৰ স্বৰ্গপৰাহে আহে, আৰু আকাশৰ জ্যোতি* নক্ষত্ৰ, গ্ৰহ, অাদি৷বোৰ সেই পিতৃৰ পৰাই তললৈ নামি আহে৷ ছাঁ যি দৰে সলনি হয়, তেনেদৰে তেওঁৰ কোনো পৰিৱৰ্তন নহয়৷ 18 ঈশ্বৰে তেওঁৰ নিজ ইচ্ছাৰে সত্য বাক্যৰ দ্বাৰাই আমাক জীৱন দিলে যো 1:13; 1 পি 1:23৷ যাতে তেওঁৰ সৃষ্ট বস্তুবোৰৰ মাজত আমি যেন এবিধ প্ৰথম ফল হওঁ।
19 হে মোৰ প্ৰিয় ভাইসকল, অাপোনালোকে এই কথা জানিব যে, প্ৰত্যেক ব্যক্তি শুনিবলৈ প্ৰস্তুত থাকিব, ক’বলৈ ধীৰ আৰু ক্ৰোধলৈয়ো ধীৰ হওক, 20 কিয়নো মানুহৰ ক্ৰোধে ঈশ্বৰে বিচৰা ধাৰ্মিকতা সাধন নকৰে। 21 এতেকে আপোনালোকে সকলো অশুচিতা আৰু হিংসাৰ অধিকতা দূৰ কৰি, যি ৰোৱা বাক্য আপোনালোকৰ আত্মাৰ পৰিত্ৰাণ কৰিবৰ বাবে সমৰ্থ, 2 তী 3:15৷ তাক নম্ৰভাৱে গ্ৰহণ কৰক।
22 কেৱল শুনোতা হৈ নিজক নুভুলাব, কিন্তু বাক্য পালন কৰোঁতা হওক।§ মথি 7:21-72৷ 23 কিয়নো কোনোৱে যদি বাক্য পালন কৰোঁতা নহয়, কেৱল মাথোন শুনোতা হয়, তেনেহলে সেই লোক দৰ্পণত নিজৰ স্বাভাৱিক মুখ দেখা পোৱা মানুহৰ নিচিনা হয়; 24 কাৰণ তেওঁ নিজকে চাই গুচি যায়, তাতে তেওঁ কেনেকুৱা আছিল, সেই বিষয়ে তেতিয়াই পাহৰি যায়। 25 যি কোনোৱে স্বাধীনতা স্বৰূপ সিদ্ধ বিধানৰ বাবে চাপৰি দৃষ্টি কৰি চাই থাকে আৰু শুনি পাহৰি যোৱা নহয়, কিন্তু পালন কৰোঁতা হয়, তেওঁহে নিজ কাৰ্যত ধন্য হ’ব।
26 কোনোৱে যদি নিজকে ধাৰ্মিক বুলি মানে, কিন্তু নিজৰ জিভা দমন* 1 পি 3:9-11৷ নকৰি নিজৰ হৃদয়ক ভুলায়, তেনেহলে সেই মানুহৰ ধৰ্ম-কৰ্ম ব্যৰ্থ। 27 মাউৰা আৰু বিধৱা সকলক তেওঁলোকৰ ক্লেশৰ কালত চাবলৈ যোৱা আৰু সংসাৰৰ পৰা নিজকে নিষ্কলঙ্কৰূপে ৰাখা, এয়েই পিতৃ ঈশ্বৰৰ আগত শুদ্ধ আৰু নিৰ্মল ধৰ্ম-কৰ্ম।

*1 অধ্যায়:2 মথি 5:11, 12; 1 পি 4:13-16৷

1 অধ্যায়:3 ৰো 5:3-5৷

1 অধ্যায়:5 বা প্ৰজ্ঞা

§1 অধ্যায়:5 মথি 21:22; মার্ক 11:24৷

*1 অধ্যায়:9 নিজৰ ঈশ্বৰৰ পৰা পোৱা

1 অধ্যায়:10 যিচ 40:6-8৷

1 অধ্যায়:12 প্ৰ 2:10৷

§1 অধ্যায়:17 ওপৰৰ স্বৰ্গ

*1 অধ্যায়:17 নক্ষত্ৰ, গ্ৰহ, অাদি৷

1 অধ্যায়:18 যো 1:13; 1 পি 1:23৷

1 অধ্যায়:21 2 তী 3:15৷

§1 অধ্যায়:22 মথি 7:21-72৷

*1 অধ্যায়:26 1 পি 3:9-11৷