ইয়োব
গ্রন্থ ৰচয়িতা
প্রকৃততে কোনেও নাজানে ইয়োবৰ পুস্তকৰ লিখক কোন। কোনো লিখকৰ পৰিচয় জনা নাযায়। সম্ভবত একাধিক লিখক আছিল। এইটো সম্ভব যে বাইবেলৰ সকলোবোৰ পুস্তকতকৈ ইয়োব প্রাচীনতম পুস্তক। ইয়োব আছিল এজন সৎ আৰু ধার্মিক মানুহ, যিজনে অসহনীয় এক ঘটনা ভোগ কৰিছিল আৰু তেওঁ আৰু তেওঁৰ বন্ধুসকলে জানিবলৈ চেষ্টা কৰে যে, কিয় এনে বিপর্যয় মানুহৰ জীৱনত ঘটে। এই পুস্তকৰ মূল ব্যক্তিত্ববোৰৰ ভিতৰত আছে, ইয়োব, তৈমনীয়া ইলীফজ, চপহীয়া বিলদাদ, নামাথীয়া চোফৰ আৰু বুজীয়া ইলীহু।
লিখাৰ স্থান আৰু সময়
অজ্ঞাত।
এই পুস্তকৰ বেছি ভাগ লক্ষণে দেখুৱাই যে, ই বহু পাছত লিখা, হয়তো ই নির্বাসিত সময়ত বা তাৰ পাছত আৰু ইয়াৰে ইলীহু অধ্যায়টো ইয়াতকৈও পাছত লিখা।
প্রাপক
প্রাচীন ইহুদিলোকসকল আৰু বাইবেলৰ ভবিষ্যত পাঠকসকল। এইটোও বিশ্বাস কৰা হয় যে, ইয়োব পুস্তকৰ মূল পাঠকসকল আছিল দাসত্বত থকা ইস্রায়েলৰ সন্তানসকল; এই কথাও বিশ্বাস কৰে যে, মোচিযে তেওঁলোকক সান্ত্বনা দিবলৈ বিচাৰিছিল, কাৰণ তেওঁলোক মিচৰৰ দাসত্বৰ অধীনত আছিল।
উদ্দেশ্য
“ইয়োবৰ পুস্তকে” আমাক নিম্নলিখিত বিষয় সমূহ বুজিবলৈ সহায় কৰে: চয়তানে আর্থিক আৰু শাৰীৰিক ধ্বংস আনিবলৈ কেতিয়াও নোৱাৰে, কিন্তু চয়তানে কি কৰিব পাৰে বা নোৱাৰে, তাৰ ওপৰত ঈশ্বৰৰ ক্ষমতা আছে। এই জগতত সকলো দুখভোগৰ আৰত থকা “কিয়”ৰ অর্থ বুজি পোৱা ক্ষমতা মানুহৰ সমর্থৰ বাহিৰত। দুষ্টই কেৱল তেওঁলোকৰ কর্মহে গ্রহন কৰিব পাৰে। দুখভোগে হয়তো কেতিয়াবা আমাৰ জীৱনটো শুদ্ধিকৰণ কৰিবলৈ, পৰীক্ষা কৰিবলৈ, শিক্ষা আৰু আত্মাত শক্তিশালী হ’বলৈ অনুমতি দিয়ে।
মূল বিষয়
কষ্টৰ মাজেদি আশীর্বাদ।
প্রান্তৰেখা
1. ভূমিকা আৰু চয়তানৰ আক্রমণ – 1:1-2:13
2. ইয়োবৰ তিনি বন্ধুৰ সৈতে তেওঁৰ দুখভোগ সম্পর্কে আলোচনা চাকৰিৰ তিন বন্ধুৰ সঙ্গে তাৰ কষ্টৰ কথা আলোচনা – 3:1-31:40
3. ইলীহুৰ ঈশ্বৰৰ সততা ঘোষণা – 32:1-37:24
4. ইয়োবৰ প্রতি ঈশ্বৰৰ সার্বভৌম প্রকাশ – 38:1-41:34
5. ঈশ্বৰে ইয়োবক পুনৰুদ্ধাৰ কৰা – 42:1-17
1 অধ্যায়
ইয়োবৰ সাধুতা আৰু তেওঁৰ উন্নতি
উচ দেশত ইয়োব নামেৰে এজন ব্যক্তি আছিল। সেই ব্যক্তি সিদ্ধ, সৰল, ঈশ্বৰলৈ ভয় ৰাখোঁতা, আৰু দুষ্টতাৰ পৰা আঁতৰি থকা লোক আছিল। তেওঁৰ সাত জন পুতেক আৰু তিনি জনী জীয়েক আছিল। তেওঁৰ সাত হাজাৰ মেৰ-ছাগ*মেৰ-ছাগ মেৰ-ছাগ আৰু ছাগলী, তিনি হাজাৰ উট, পাঁচ শ হাল বলদ, পাঁচ শ গাধী, আৰু অতি অধিক দাস-দাসী আছিল; এই কাৰণে সেই পুৰুষ পূব দেশৰ লোকসকলৰ মাজত সকলোতকৈ মহান আছিল।
তেওঁৰ পুতেকসকলে যিদিনা যাৰ ঘৰত পাল পৰে, সেইদিনা তাৰ ঘৰলৈ যায় আৰু ভোজ খায়, লগতে মানুহ পঠাই তেওঁলোকৰ তিনি জনী ভনীয়েককো তেওঁলোকৰ সৈতে ভোজন-পান কৰিবলৈ নিমন্ত্ৰণ কৰে। পাছত তেওঁলোকৰ ভোজনৰ দিন উকলি গ’লে, ইয়োবে মানুহ পঠিয়াই তেওঁলোকক পবিত্ৰ কৰায়, আৰু ৰাতিপুৱাতে উঠি তেওঁলোকৰ সকলোৰে সংখ্যা অনুসাৰে হোম-বলি দিয়ে; কাৰণ ইয়োবে কয়, “কিজানি মোৰ ল’ৰাহতে পাপ কৰি অন্তৰৰ পৰা ঈশ্বৰক বিদায় দিলে”! সেয়ে ইয়োবে সদায় এইদৰে কৰে।
ইয়োবৰ প্ৰথম পৰীক্ষা
এদিন ঈশ্বৰৰ সন্তান সকলে যিহোৱাৰ সম্মুখত থিয় হ’বলৈ উপস্থিত হোৱাত, তেওঁলোকৰ লগত চয়তানো উপস্থিত হ’ল। তাতে যিহোৱাই চয়তানক সুধিলে, “তুমি ক’ৰ পৰা আহিলা?” চয়তানে যিহোৱাক উত্তৰ দি ক’লে, “মই পৃথিৱী ভ্ৰমণ কৰিলোঁ, আৰু তাৰ মাজত ইফালে সিফালে ফুৰি আহিলোঁ।” তেতিয়া যিহোৱাই চয়তানক সুধিলে, “তুমি মোৰ দাস ইয়োবলৈ মন কৰা নাই নে? কিয়নো তেওঁৰ নিচিনা সিদ্ধ, সৰল, ঈশ্বৰলৈ ভয় ৰাখোঁতা, আৰু দুষ্টতাৰ পৰা আঁতৰি থাকোঁতা লোক পৃথিৱীত কোনো নাই।” তেতিয়া চয়তানে উত্তৰ দি যিহোৱাক ক’লে, “ইয়োবে জানো লাভ নোপোৱাকৈ ঈশ্বৰলৈ ভয় ৰাখিছে? 10 আপুনি তেওঁৰ চাৰিওফালে, আৰু তেওঁৰ ঘৰৰ লগতে সৰ্ব্বস্বৰ চাৰিওফালে জানো বেৰা দি ৰখা নাই? আপুনি তেওঁৰ হাতৰ কাৰ্যবোৰ আশীৰ্ব্বাদযুক্ত কৰিছে আৰু তেওঁৰ সম্পত্তিও দেশত বৃদ্ধি পাইছে। 11 কিন্তু আপুনি এবাৰ হাত মেলি তেওঁৰ সৰ্ব্বস্ব স্পৰ্শ কৰক; তেতিয়া অৱশ্যেই তেওঁ আপোনাৰ সাক্ষাততে আপোনাক বিদায় দিব।” 12 তেতিয়া যিহোৱাই চয়তানক ক’লে, “চোৱা, তেওঁৰ সৰ্ব্বস্বৰ ওপৰত তোমাৰ ক্ষমতা আছে; কেৱল তেওঁৰ ওপৰতহে হাত নিদিবা।” তাৰ পাছত চয়তান যিহোৱাৰ ওচৰৰ পৰা ওলাই গ’ল।
13 এদিন ইয়োবৰ পুতেক-জীয়েকসকলে বৰককায়েকৰ ঘৰত ভোজন আৰু দ্ৰাক্ষাৰস পান কৰি আছিল। 14 তেতিয়া ইয়োবৰ ওচৰলৈ এজন বাৰ্তাবাহক আহিল আৰু তেওঁক ক’লে, “গৰুবোৰে হাল বাই আছিল আৰু গাধীবোৰ সেইবোৰৰ ওচৰতে চৰি আছিল; 15 এনেতে চিবায়ীয়াহঁতে আক্ৰমণ কৰি সেই সকলোকে লৈ গ’ল। এনে কি, সিহঁতে তৰোৱালৰ ধাৰেৰে দাসবোৰক বধ কৰিলে। আপোনাক খবৰ দিবলৈ কেৱল মই অকলেহে ৰক্ষা পালোঁ।” 16 এইদৰে সি কৈ থাকোতেই আন এজনে আহি ক’লে, “আকাশৰ পৰা ঈশ্বৰৰ অগ্নি পৰি, দাসে সৈতে মেৰ-ছাগৰ জাকক দগ্ধ কৰিলে আৰু সেইবোৰক গ্ৰাহ কৰিলে। আপোনাক খবৰ দিবলৈ কেৱল মই অকলেহে ৰক্ষা পালোঁ।” 17 সি কৈ থাকোঁতে আকৌ আন এজনে আহি ক’লে, “কলদীয়াহঁতে তিনিটা দলত ভাগ হৈ আহি আমাৰ উটবোৰক আক্ৰমণ কৰিলে আৰু সেইবোৰক লৈ গ’ল। এনে কি, সিহঁতে তৰোৱালৰ ধাৰেৰে দাস সকলক বধ কৰিলে। আপোনাক সম্বাদ দিবলৈ কেৱল মই অকলেহে ৰক্ষা পালোঁ। 18 এইদৰে সি কৈ থাকোতেই আকৌ আন এজনে আহি ক’লে, “আপোনাৰ পুতেক-জীয়েক সকলে আপোনাৰ ডাঙৰ ককায়েকৰ ঘৰত ভোজন, আৰু দ্ৰাক্ষাৰস পান কৰি আছিল; 19 এনেতে চাওক, মৰুপ্ৰান্তৰ দিশৰ পৰা বৰ ধুমুহা আহি ঘৰটোৰ চাৰিওফালে লাগিল আৰু ঘৰটো ভাঙি ডেকাসকলৰ ওপৰতে পৰাত, তেওঁলোকে তাতে প্ৰাণত্যাগ কৰিলে। আপোনাক সম্বাদ দিবলৈ কেৱল মই অকলেহে ৰক্ষা পালোঁ। 20 তেতিয়া ইয়োব উঠিল আৰু নিজৰ চোলা ফালিলে। পাছত মুৰ খুৰাই, মাটিত পৰি প্ৰণিপাত কৰি ক’লে, 21 “মই মাতৃৰ গৰ্ভৰ পৰা উদঙে আহিলোঁ, আৰু উদঙে তালৈ উলটি যাম। যিহোৱাই দিছিল, আৰু যিহোৱাই লৈ গ’ল। যিহোৱাৰ নাম ধন্য হওক।” 22 এইদৰে এই সকলো ঘটিল, কিন্তু ইয়োবে পাপ নকৰিলে, আৰু মূৰ্খতাপূৰ্ণভাবে ঈশ্বৰক দোষাৰোপ নকৰিলে।

*1 অধ্যায়:3 মেৰ-ছাগ মেৰ-ছাগ