7 অধ্যায়
পৃথিৱী জানো মানুহৰ ৰণ-ভুমি নহয়?
তাৰ দিনবোৰ জানো বেচ খাই বন কৰা লোকৰ দিনৰ নিচিনা নহয়?
সন্ধিয়াৰ ছাঁলৈ হাবিয়াহ কৰা বন্দীৰ নিচিনাকৈ,
আৰু নিজ বেচৰ বাবে অপেক্ষা কৰা চাকৰৰ নিচিনাকৈ,
অসাৰ মাহ কেইটা অধিকাৰ স্বৰূপে মোক ভোগ কৰোঁৱা হৈছে,
আৰু ক্লেশৰ ৰাতি কেইটা মোলৈ নিৰূপিত আছে।
শোওঁতে মই কওঁ, মই কেতিয়া উঠিম?
ৰাতি বৰ দীঘল; মই প্ৰভাতলৈকে চটফট কৰি আমনি পাওঁ।
পোক আৰু মাটিৰ দলিয়েই মোৰ গা ঢকা বস্ত্ৰস্বৰূপ;
মোৰ গাৰ ঘাঁবোৰ শুকনিমুৱা হয় আৰু পুনৰ পকে আৰু নতুন হয়।
মোৰ আয়ুস তাঁতীৰ হাতৰ মাকোতকৈয়ো বেগী,
আৰু বিনা আশাৰে ঢুকায় যায়।
তুমি ভাবি চোৱা, মোৰ প্ৰাণ নিশ্বাসমাত্ৰ;
মোৰ চকুৱে মঙ্গল আৰু দেখিবলৈ নাপাব।
মোক দৰ্শন কৰোঁতাৰ চকুৱে মোক পুনৰ নেদেখিব।
তুমি নিজ চকুৰে মোক চাবা, কিন্তু মই নাইকিয়া হম।
মেঘ যেনেকৈ কমি কমি নাইকিয়া হয়,
সেইদৰে চিয়োললৈ নামি যোৱা লোক নুঠিব।
10 তেওঁ নিজৰ ঘৰলৈ পুনৰ উলটি নাহিব,
আৰু তাৰ নিবাসৰ ঠায়ে তাক পুনৰ চিনি নাপাব।
11 এই হেতুকে মই মুখ জপাই নাথাকিম;
মই মনৰ সন্তাপত কথা কম আৰু হৃদয়ৰ বেজাৰত দুখৰ কথা কৈ থাকিম;
12 তুমি যে মোৰ ওপৰত পৰীয়া ৰাখা,
মই জানো সাগৰ, বা সাগৰৰ বৃহৎ জন্তু?
13 মই যেতিয়া কওঁ, যে, ‘মোৰ বিচনাই মোক শান্তনা কৰিব,
মোৰ শয্যাই মোক দুখ-সহন কৰিবলৈ সহায় কৰিব’,
14 তেতিয়া তুমি নানা সপোনেৰে মোক ভয় লগোৱা,
আৰু দৰ্শনেৰে মোক ত্ৰাসযুক্ত কৰা;
15 তেতিয়া মোৰ প্ৰাণে উশাহ লোৱা বন্ধ কৰি দিবলৈ বাঞ্ছা কৰে,
আৰু মোৰ এই হাড় কেইডালতকৈ মৃত্যুকে ইচ্ছা কৰে।
16 জীৱনক মোৰ ঘিণ লাগিছে, মই সদায় জীয়াই থাকিব নোখোজোঁ;
জীৱনৰ অৰ্থহীন দিনকেইটা মোক অকলশৰে থাকিবলৈ দিয়া।
17 মানুহনো কি, তুমি যে তালৈ লক্ষ্য কৰা,
আৰু তাত যে তুমি মন দিয়া,
18 তুমি যে প্ৰতিটো ৰাতিপুৱা তাৰ বুজ-বিচাৰ লোৱা,
আৰু নিমিষে নিমিষে তাক পৰীক্ষা কৰা, সি নো কি?
19 তুমিনো মোৰ পৰা চকু নাতৰোৱাকৈ কিমান কাল থাকিবা?
বা মই সেপ ঢোকা পৰ মানো মোক নেৰিবা নে?
20 হে মনুষ্যলৈ চকু দিওঁতা জনা, যদি মই পাপ কৰিলোঁ,
তেন্তে মোৰ কাৰ্যৰ দ্বাৰাই তোমাৰ কি হানি হ’ল?
কিয় তুমি মোক লক্ষ্যৰূপে গঢ়িলা, কিয়নো মই তোমালৈ বোজাস্বৰূপ হৈছোঁ?
21 তুমি মোৰ পাপ কিয় ক্ষমা নকৰা?
আৰু মোৰ অপৰাধ তুমি কিয় দূৰ নকৰা?
কিয়নো মই এতিয়া ধুলিতে শয়ন কৰিছোঁ; ইয়াতে তুমি মোক ভালকৈ বিচাৰিবা, কিন্তু মই ইয়াত বিদ্যমান হৈ নাথাকিম।”