বিলাপ
গ্রন্থ ৰচয়িতা
বিলাপ পুস্তকৰ লিখকৰ নাম পুস্তক খনত উল্লেখ নকৰাকৈ ৰৈ গৈছে। কিন্তু ইহুদি আৰু খ্রীষ্টিয়ান উভয় ঐতিহ্যই এই পুস্তক খনৰ লিখক হিচাপে যিৰিমিয়াকে স্বীকৃতি দিয়ে। এই পুস্তক খনৰ লিখক যিৰূচালেম ধ্বংসৰ ফলাফলৰ চাক্ষুচ সাক্ষী আছিল, ধাৰণা হয় তেওঁ তেওঁ নিজে যিৰূচালেম আক্রমণৰ সাক্ষী আছিল। (বিলাপ 1:13-15)। উভয় ঘটনাৰ বাবে যিৰিমিয়া উপস্থিত আছিল। যিহূদাই ঈশ্বৰৰ বিৰুদ্ধে বিদ্রোহ কৰিলে আৰু তেওঁৰ সৈতে থকা বিধান ভংগ কৰিছিল। ঈশ্বৰে তেওঁৰ লোকসকলক নিয়মানুবর্তীতালৈ আনিবৰ বাবে বেবিলনীয় লোকসকলক নগণ্য সহকাৰী হিচাপে ব্যৱহাৰ কৰাৰ যোগেদি সহাৰি দিছিল। এই পুস্তক খনত গভীৰ দুখভোগৰ বাখ্যা আছে, তিনিটা অধ্যায়ত সাময়িক বিৰতিৰ সৈতে এটা আশাৰ প্রতিজ্ঞা আছে। যিৰিমিয়াই ঈশ্বৰৰ মঙ্গলময়তা স্মৰণ কৰে। তেওঁ ঈশ্বৰৰ বিশ্বাসযোগ্য সত্যৰ যোগেদি সান্ত্বনা নিবেদন কৰে, তেওঁৰ পাঠকসকলক ঈশ্বৰৰ দয়া আৰু অব্যর্থ প্রেমৰ বিষয়ে কয়।
লিখাৰ স্থান আৰু সময়
সম্ভাব্য সময় প্রায় 586-584 খ্রীষ্টপূর্বৰ ভিতৰত।
ভাববাদী যিৰিমিয়াই বেবিলনীয়সকলে এই যিৰূচালেম নগৰ ঘেৰাও কৰা আৰু ধ্বংস কৰাৰ পাছত ইয়াৰ দুর্দশাৰ এজন চাক্ষুচ সাক্ষী আছিল।
প্রাপক
ইব্রীয় লোকসকল, যিসকল নির্বাসনত বর্তি আছিল আৰু ইস্রায়েললৈ উভতি আহিছিল, আৰু বাইবেলৰ পাঠকসকল।
উদ্দেশ্য
পাপ,জাতীয় আৰু ব্যক্তিগত উভয় ক্ষেত্রৰ প্রভাৱ, ঈশ্বৰে তেওঁৰ অনুসৰণকাৰীসকলক তেওঁলৈ উভতাই আনিবৰ বাবে আহিলা হিচাপে লোকসকলক আৰু পৰিস্থিতিক ব্যৱহাৰ কৰে; একমাত্র ঈশ্বৰত আশা মিছা, এইদৰে ঈশ্বৰ নির্বাসনত ইহুদিসকলৰ অৱশেষ লোকসকলৰ ওপৰত ক্ষমাপৰায়ণ হয়। সেয়ে তেওঁ একমাত্র তেওঁৰ পুত্র যীচুক উদ্ধাৰকর্তাৰূপে পঠিয়াই। পাপে অনন্ত মৃত্যু লৈ আহিছে, কিন্তু ঈশ্বৰে পৰিত্রাণৰ পৰিকল্পনাৰ যোগেদি অনন্ত জীৱন প্রদান কৰিছে। বিলাপ পুস্তকে এটা বিষয় স্পষ্ট কৰি দিয়ে যে পাপ আৰু বিদ্রোহৰ কাৰণে ঈশ্বৰে ক্রোধ ঢালি দিয়ে (1:8-9; 4:13; 5:16)।
মূল বিষয়
খেদোক্তি
প্রান্তৰেখা
1. যিৰূচালেমৰ বাবে যিৰিমিয়াৰ শোক — 1:1-22
2. পাপে ঈশ্বৰৰ ক্রোধ লৈ আহে — 2:1-22
3. ঈশ্বৰে তেওঁৰ লোকসকলক কেতিয়াও বর্জন নকৰে — 3:1-66
4. যিৰূচালেমে মহিমা হেৰুৱাই পেলোৱা — 4:1-22
5. লোকসকলৰ বাবে যিৰিমিয়াই মধ্যস্থতা কৰা — 5:1-22
1 অধ্যায়
যিৰূচালেমৰ দুখভোগ।
যি যিৰূচালেম নগৰ এসময়ত প্ৰজাৰে পৰিপূৰ্ণ আছিল, সেই নগৰ এতিয়া কেনে অকলশৰীয়া হৈ ৰৈ আছে!
যদিও তাই জাতি সমূহৰ মাজত ক্ষমতাশালী আছিল, তথাপি তাই বিধৱাৰ দৰে হ’ল!
প্ৰদেশবোৰৰ মাজত তাই ৰাণী আছিল, কিন্তু এতিয়া দাসত্বৰ অধীন হ’ল!
তাই ৰাতি উচুপি বিলাপ কৰে আৰু তাইৰ চকুৰ পানী গালেৰে বৈ যায়।
তাইৰ প্ৰেমিক সকলৰ মাজত তাইক শান্ত্বনা দিবলৈ কোনো নাই।
তাইৰ সকলো বন্ধুৱে তাইক বিশ্বাস-ঘাতকতা কৰিলে। তেওঁলোক তাইৰ শত্ৰু হ’ল।
দৰিদ্রতা আৰু ক্লেশ-ভোগ কৰাৰ পাছত যিহূদা বন্দীত্বত গ’ল।
তাই কোনো বিশ্ৰাম নোপোৱাকৈ সকলো জাতিৰ মাজত বাস কৰি আছে।
তাই হতাশ হোৱাত তাইৰ শত্রু সকলে তাইক আক্রান্ত কৰিলে।
নিৰ্ধাৰিত পৰ্ব্বলৈ কোনো নোযোৱাত, চিয়োনৰ পথবোৰে শোক কৰিছে।
তাইৰ আটাই দুৱাৰ অৱহেলিত হ’ল। তাইৰ পুৰোহিতসকলে দুখত কেঁকাই আছে।
তাইৰ কুমাৰীসকল শোকত আছে আৰু নিজেও অতি বেজাৰত আছে।
তাইৰ শত্ৰুবোৰ, তাইৰ প্রভু হ’ল; আৰু তেওঁলোকৰ উন্নতি হ’ল।
কিয়নো তাইৰ অপৰাধ অধিক হোৱা কাৰণে যিহোৱাই তাইক ক্লেশ দিলে।
তাইৰ শিশুসকল শত্ৰুৰ হাতত বন্দী-অৱস্থালৈ গ’ল।
আৰু চিয়োন-জীয়াৰীৰ সৌন্দৰ্য্যই তাইক ত্যাগ কৰিলে।
তাইৰ ৰাজকুমাৰসকল চৰণীয়া ঠাই নোপোৱা হৰিণৰ দৰে হ’ল,
আৰু শক্তিহীন হৈ খেদি নিয়া শত্রুৰ আগে আগে গ’ল।
যিৰূচালেমে নিজৰ দুখ আৰু কষ্টৰ দিনত,
পূৰ্বকালৰ নিজৰ সকলো মনোহৰ বস্তুবোৰৰ বিষয়ে সোঁৱৰণ কৰিছে।
যেতিয়া তাইৰ প্ৰজাসকল শত্ৰুৰ হাতত পৰিল, তেতিয়া কোনেও তাইক সহায় নকৰিলে।
শত্ৰুবোৰে তাইৰ ধ্বংস হোৱা অৱস্থা দেখি উপহাস কৰিলে।
যিৰূচালেমে অতিশয় পাপ কৰিলে; এই কাৰণে তাই অশুচি বস্তু যেন হ’ল।
তাইৰ সন্মানকাৰীসকলে তাইৰ উলঙ্গতা দেখি তাইক তুচ্ছ জ্ঞান কৰিলে।
তাই দুখেৰে কেঁকাই পাছফালে মুখ ঘূৰায়।
তাইৰ চুৱা, তাইৰ কাপোৰৰ আঁচলত লাগি আছে। তাই নিজৰ শেষ গতিলৈ মন নকৰিলে।
এই কাৰণে আচৰিতৰূপে তাইৰ অধোগতি হ’ল। তাইক শান্ত্বনা দিওঁতা কোনো নাই।
হে যিহোৱা, মোৰ ক্লেশলৈ দৃষ্টি কৰক, কাৰণ শত্ৰু অতি মহান হ’ল!
10 শত্ৰুৱে তাইৰ আটাই মনোহৰ বস্তুবোৰৰ ওপৰত হাত দিলে।
যি জাতিবোৰক আপোনাৰ সমাজত সোমাবলৈ আপুনি নিষেধ কৰিছিল,
তাই সেই জাতিবোৰক তাইৰ পবিত্ৰ স্থানত প্ৰৱেশ কৰা দেখিলে।
11 তাইৰ সকলো প্ৰজাই অন্ন বিচাৰি দুখত কেঁকাই আছে।
তেওঁলোকে আহাৰ খাই পুনৰ জীৱন প্রতিষ্ঠা কৰিবলৈ নিজ নিজ মনোহৰ বস্তুবোৰ দিলে।
হে যিহোৱা, চাওঁক আৰু মোৰ বিষয়ে বিবেচনা কৰক, কিয়নো মই অযোগ্য হ’লো।
12 হে বাটৰুৱাসকল, এয়ে তোমালোকৰ দৃষ্টিত একোকে নহয় নে?
বিচাৰ কৰা আৰু চোৱা, মোলৈ কৰা মোৰ এই দুখৰ নিচিনা আৰু দুখ হ’ব পাৰেনে?
কিয়নো যিহোৱাই নিজৰ প্ৰচণ্ড ক্ৰোধৰ দিনা মোক যন্ত্ৰণা দিলে।
13 তেওঁ ওপৰৰ পৰা মোৰ হাড়বোৰৰ মাজলৈ অগ্নি পঠিয়ালে আৰু সেয়ে হাড়বোৰক জ্ৱলাই পেলালে।
তেওঁ মোৰ ভৰিত জাল পাতিলে আৰু মোক ঘূৰাই আনিলে।
তেওঁ মোক সঘনাই পৰিত্যক্ত আৰু শক্তিহীন কৰিলে।
14 মোৰ অপৰাধৰূপ যুৱলি, তেওঁৰ হাতেৰে বন্ধা হ’ল।
সেইবোৰক একেলগে গোঁঠি মোৰ ডিঙিত পিন্ধাই দিয়া হ’ল। তেওঁ মোক শক্তিহীন কৰিলে।
যি সকলৰ বিৰুদ্ধে মই থিয় হ’ব নোৱাৰোঁ, তেওঁলোকৰ হাতত যিহোৱাই মোক সমৰ্পণ কৰিলে।
15 মোক ৰক্ষা কৰা মোৰ আটাই বীৰকে প্ৰভুৱে তুচ্ছ কৰিলে।
তেওঁ মোৰ বলৱান লোকসকলক গুৰি কৰিবলৈ মোৰ অহিতে এখন সভা আহ্বান কৰিলে।
প্ৰভুৱে মোৰ যিহূদা-জীয়াৰীক দ্ৰাক্ষাকুণ্ডত গচকা দি গচকিলে।
16 এইবোৰ কথাৰ কাৰণে মই কান্দিছোঁ। মোৰ চকুৰ পৰা পানী বৈ গৈছে;
কিয়নো মোৰ প্ৰাণ জুৰাব পৰা শান্ত্বনাকাৰীজন মোৰ পৰা আঁতৰত আছে।
শত্ৰু জয়ী হোৱাত মোৰ সন্তান সকল অৱহেলিত হ’ল।
17 চিয়োনে সহায়ৰ বাবে বহলকৈ হাত মেলিছে; তাইক শান্তনা দিবলৈ কোনো নাই।
যাকোবৰ চাৰিওফালে থকা লোকসকলক, তাইৰ শত্ৰু হ’বলৈ যিহোৱাই আজ্ঞা দিছে।
তেওঁলোকৰ মাজত যিৰূচালেম অশুচি বস্তু যেন হ’ল।
18 যিহোৱা ধাৰ্মিক, কিয়নো মই তেওঁৰ আজ্ঞাৰ বিৰুদ্ধে বিদ্ৰোহ কৰিলোঁ।
হে জাতি সমূহ শুনা, মই তোমালোকক বিনয় কৰোঁ আৰু মোৰ দুখলৈ মন কৰা।
মোৰ যুৱতী আৰু বীৰসকল বন্দী অৱস্থালৈ গ’ল।
19 মই মোৰ প্ৰেমকাৰীসকলক মাতিলোঁ, কিন্তু তেওঁলোক মোৰ প্রতি বিশ্বাসঘাতক হ’ল।
যেতিয়া নিজ প্ৰাণ ৰক্ষা কৰিবৰ বাবে তেওঁলোকে আহাৰ বিচাৰিছিল;
তেতিয়া মোৰ পুৰোহিত আৰু পৰিচাৰক সমূহে নগৰত প্ৰাণ ত্যাগ কৰিলে।
20 হে যিহোৱা, চাওঁক, মই সঙ্কটত পৰিলোঁ; মোৰ হৃদয় অত্যন্ত দুখিত হৈছে।
মোৰ অন্তৰত মোৰ হৃদয় বিকৃত হ’ল, কাৰণ মই অত্যন্ত বিদ্ৰোহ কৰিলোঁ।
বাহিৰত আমাক তৰোৱালেৰে নিঃসন্তান কৰিছে; আৰু ঘৰত যেন মৃত্যুহে উপস্থিত হৈছে।
21 মোৰ কেঁকনি শুনক। মোক শান্ত্বনা দিবলৈ কোনো নাই।
মোৰ আটাই শত্রুৱে মোৰ দুৰৱস্থাৰ বিষয়ে শুনিলে, আৰু আপুনি যে এনে অৱস্থা কৰিলে, সেই কাৰণে তেওঁলোক আনন্দিত হৈছে।
আপুনি যি দিনৰ বিষয়ে ঘোষণা কৰিলে, সেই দিন উপস্থিত কৰক, তেতিয়া তেওঁলোকো মোৰ দৰে হ’ব।
22 তেওঁলোকৰ সকলো দুষ্টতা আপোনাৰ আগত উপস্থিত হওঁক,
মোৰ সকলো অপৰাধৰ কাৰণে আপুনি মোলৈ কৰা নিচিনাকৈ তেওঁলোকলৈকো কৰক;
কিয়নো মোৰ দুখৰ কেঁকনি অনেক আৰু মোৰ অন্তৰ দু্ৰ্বল।