^
গননা পুস্তক
ইস্ৰায়েলৰ ফৈদ সমূহক গণনা কৰা।
ইস্ৰায়েলৰ সন্তান সকলে ছাউনি পতা আৰু প্ৰস্থান কৰা ক্ৰম।
লেবীয়াসকলক গণনা কৰা, তম্বুৰ সকলো বস্তু তেওঁলোকক গতাই দিয়া আৰু প্ৰথমে জন্ম পোৱা সকলক মুকলি কৰা।
লেবীয়াসকলৰ পুৰুষে কৰা কাৰ্য আৰু সেই কাৰ্য কৰা পুৰুষসকলৰ গণনা।
কুষ্ঠ আদি ৰোগীকে বাহিৰ কৰা। পৰপুৰুষে সৈতে ব্যভিচাৰ কৰা মহিলা, অন্তৰ্জ্বালা আদি বিষয়ৰ বিধি।
নাচৰীয়া লোকৰ, আৰু আশীৰ্ব্বাদৰ বিধি।
ইস্ৰায়েলৰ অধ্যক্ষসকলে দিয়া উপহাৰ।
লেবীয়াসকলক উৎসৰ্গ কৰা।
চীনয় অৰণ্যত নিস্তাৰ-পৰ্ব্ব পালন কৰা। যাত্ৰা কৰা নিয়ম।
ৰূপৰ দুটা তূৰীৰ বিষয়। চীনয় অৰণ্যৰ পৰা ইস্ৰায়েলৰ সন্তান সকলৰ প্ৰস্থান।
তবিয়েৰাত আৰু কিব্ৰোৎ-হত্তাবাত কৰা লোকসকলৰ বলকনি।
হাৰোণ আৰু মিৰিয়মে মোচিৰ অহিতে দোষ কৰা; আৰু তাৰ দণ্ড।
কনান দেশ চাবলৈ চোৰাং-চোৱা পঠোৱা; উভটি আহি কুসম্বাদ দিয়া।
ইস্ৰায়েলৰ সন্তান সকলে বিদ্ৰোহ-আচৰণ কৰা আৰু তাৰ দণ্ড।
ভক্ষ্য নৈবেদ্য আদি বিষয়ৰ বিধি। বিশ্ৰাম-বাৰ লঙ্ঘন কৰা লোকৰ প্ৰাণদণ্ড।
কোৰহৰ চক্ৰান্ত।
হাৰোণৰ পৌৰহিত্যৰ প্ৰমাণ দেখুউৱা।
লেবীয়াসকলে কৰিবলগীয়া কাৰ্য, আৰু পাবলগীয়া ভাগ।
অশুচিতা-নাশক জলৰ বিধি।
মিৰিয়মৰ মৃত্যু। শিলৰ পৰা পানী উলিওৱা। ইদোমৰ মাজেদি যাব নিদিয়া। হাৰোণৰ মৃত্যু।
লোকসকলক সাপে দংশা। চীহোন আৰু ওগক পৰাজয় কৰা।
পাছে ইস্ৰায়েলৰ সন্তান সকলে যাত্ৰা কৰি, যিৰীহোৰ সন্মুখত থকা যৰ্দ্দনৰ পূব পাৰত মোৱাবৰ সমথলত ছাউনি পাতিলে। বালাক আৰু বিলিয়মৰ বিৱৰণ।
ইস্ৰায়েলৰ সন্তান সকলৰ দেৱপূজা আৰু ব্যভিচাৰ।
ইস্ৰায়েলৰ সন্তান সকলক দ্বিতীয়বাৰ গণনা কৰা।
চলফাদৰ জীয়েকসকলক উত্তৰাধীকাৰ দিয়া, আৰু সেই বিষয়ৰ বিধি। মোচিৰ পদত যিহোচূৱাক নিযুক্ত কৰা।
নিৰূপিত সময়ত দিব লগা বলিদান-বিষয়ক বিধি।
সঙ্কল্প আৰু ব্ৰত-বিষয়ক বিধি।
মিদিয়নীয়াসকলৰ পৰাজয় আৰু বিনাশ।
যৰ্দ্দনৰ সিপাৰৰ দেশ ভাগ বাঁটি দিয়া।
ইস্ৰায়েলৰ সন্তানসকলে বাটে বাটে থাকি ৰাওনা হোৱা ঠাইবোৰৰ তালিকা।
কনান দেশৰ সীমা আৰু দেশ ভাগ কৰি দিয়া লোকৰ তালিকা।
লেবীয়াসকলৰ নগৰ আৰু আশ্ৰয়-নগৰ নিৰূপণ।
উত্তৰাধিকাৰিণীৰ বিষয়ে দিয়া বিধি।