12 অধ্যায়
যি জনে অনুশাসন ভাল পায়, তেওঁ জ্ঞানকো ভাল পায়;
কিন্তু যি জনে অনুযোগ ঘিণ কৰে, তেওঁ নিৰ্বোধ।
শুদ্ধ লোকে যিহোৱাৰ পৰা অনুগ্ৰহ পায়;
কিন্তু যিজনে দুষ্ট কৰ্মৰ পৰিকল্পনা কৰে, তেওঁক দোষাৰোপ কৰা হয়।
কোনো লোক দুষ্টতাৰ দ্বাৰাই সংস্থাপিত নহয়;
কিন্তু সত্যতাত চলা জনৰ মূল লৰচৰ নহব।
গুণৱতী ভাৰ্যা স্বামীৰ মুকুটৰ দৰে;
কিন্তু লাজ দিওঁতা মহিলাৰ অস্থি ক্ষয়কাৰী ৰোগ যেন হয়।
সত্যতাত চলা জনৰ পৰিকল্পনা ন্যায় হয়;
কিন্তু দুষ্টলোকৰ উপদেশ প্ৰতাৰণাপূৰ্ণ।
দুষ্টলোকৰ কথাবোৰ ৰক্তপাত কৰিবলৈ খাপ দিয়াৰ দৰে হয়;
কিন্তু ন্যায় কৰাসকলৰ কথাই তেওঁলোকক সুৰক্ষিত কৰে।
দুষ্টলোকক বিনষ্ট কৰা হয় আৰু তেওঁলোক নাইকিয়া হয়;
কিন্তু যিসকল লোকে সত্যতাত চলে, তেওঁলোকৰ ঘৰ থিৰে থাকে।
মানুহে নিজৰ প্রজ্ঞা অনুসাৰে প্ৰশংসা পায়;
কিন্তু কুটিল কাৰ্য কৰা লোক ঘৃণনীয় হয়।
গুৰুত্বহীন পদত থকাতকৈ কেৱল দাস হোৱাই ভাল;
খাবলৈ নাই কিন্তু নিজৰ গুৰুত্বকলৈ অহংকাৰ কৰে।
10 যিজনে সত্যতাত চলে, তেওঁ নিজৰ পশুৰ প্রয়োজনীয়তালৈ যত্ন কৰে;
কিন্তু দুষ্টলোকৰ সহানুভুতি নিষ্ঠুৰতাযুক্ত।
11 যিজনে নিজৰ মাটিত চহায়, তেওঁ জোৰাওকৈ আহাৰ পায়;
কিন্তু যিজনে মূল্যহীন অভিপ্রায়ৰ অনুগামী হয়, তেওঁ জ্ঞানশূন্য।
12 দুষ্টলোকে আনৰ পৰা চুৰ কৰা বস্তুৰ প্রতি পাপীলোকে আকাংক্ষা কৰে;
কিন্তু সত্যতাত চলা জনৰ ফল নিজৰ পৰাই আহে।
13 পাপী জনক তেওঁৰ কুকথাই ফান্দত পেলাই;
কিন্তু সত্যতাত চলাজন সঙ্কটৰ পৰা ৰক্ষা পায়।
14 মানুহে নিজৰ কথাৰ ফলৰ দ্বাৰাই ভাল বিষয়ত পৰিপূৰ্ণ হয়;
তেওঁ নিজৰ হাতেৰে কৰা কামৰ দ্বাৰাই পুৰস্কাৰ পায়।
15 অজ্ঞানীৰ পথ তেওঁৰ নিজৰ দৃষ্টিত শুদ্ধ;
কিন্তু জ্ঞানীজনে পৰামৰ্শ শুনে।
16 অজ্ঞানীয়ে খন্তেকতে খং দেখুৱাই;
কিন্তু যিজনে অপমান অবজ্ঞা কৰে, তেওঁ দূৰদৰ্শী হয়।
17 যিজন সত্যবাদী, তেওঁ ন্যায় কথা কয়;
কিন্তু মিছা সাক্ষীয়ে মিছা কথাহে কয়।
18 যিজনে বিবেচনা নকৰি তৎক্ষণাত কথা কয়, তেওঁ তৰোৱালৰ আঘাতৰ দৰে;
কিন্তু জ্ঞানী লোকৰ জিভাই সুস্থতা আনে।
19 সত্যবাদী ওঁঠ চিৰকাললৈকে থাকে;
কিন্তু মিছা কোৱা জিভা ক্ষন্তেকীয়া।
20 কুকল্পনা কৰা সকলৰ মনত প্ৰতাৰণা থাকে;
কিন্তু শান্তিৰ পৰামৰ্শ দিয়া সকলৰ আনন্দ হয়।
21 সত্যতাত চলা জনলৈ কোনো ৰোগ নাহে;
কিন্তু দুষ্টলোক সমস্যাৰে পৰিপূৰ্ণ হয়।
22 মিছা কোৱা ওঁঠ যিহোৱাৰ ঘিণলগীয়া;
কিন্তু সত্য আচৰণ কৰাসকলে তেওঁক আনন্দিত কৰে।
23 দূৰদৰ্শী লোকে জ্ঞান গুপুতে ৰাখে;
কিন্তু অজ্ঞানীৰ মনে নিৰ্বুদ্ধিতা প্ৰকাশ কৰে।
24 পৰিশ্ৰমীসকলৰ হাতে শাসন কৰিবলৈ পাব;
কিন্তু এলেহুৱা লোকক বাধ্যতাৰে পৰিশ্রম কৰিব দিয়া হ’ব।
25 মানুহৰ মনৰ দুচিন্তাই তেওঁৰ মূল্য কম কৰে;
কিন্তু ভাল কথাই তেওঁক আনন্দিত কৰে।
26 সত্যতাত চলা জন তেওঁৰ বন্ধুৰ পথ দৰ্শক হয়;
কিন্তু দুষ্টলোকৰ পথে তেওঁলোকক বিপথে নিয়ে।
27 এলেহুৱাই নিজে ধৰা চিকাৰ নাৰান্ধে;
কিন্তু পৰিশ্ৰমী লোকে মূল্যবান সম্পত্তি লাভ কৰে।
28 যিসকলে সজ পথত চলে, তেওঁলোকে জীৱন পায়;
আৰু এই পথত মৃত্যু নাই।