11 অধ্যায়
প্ৰধান বাদ্যকৰৰ নিমিত্তে: দায়ুদৰ ৰচিত গীত। 
  1 মই যিহোৱাতে আশ্ৰয় লৈছোঁ।  
তোমালোকে কেনেকৈ মোক ক’ব পাৰা,  
“পক্ষীৰ দৰে উৰি পৰ্ব্বতলৈ পলাই যোৱা?”   
 2 কিয়নো চোৱা! শুদ্ধ অন্তৰৰ লোকক আন্ধাৰৰ পৰা আহত কৰিবৰ কাৰণে  
দুষ্টবোৰে নিজৰ ধনু ভিৰাই লৈছে,  
তেওঁলোকে তাত কাঁড় লগাইছে।   
 3 যদি ভিত্তিমূলবোৰ ধ্বংস কৰা হয়,  
তেন্তে ধাৰ্মিকসকলে কি কৰিব পাৰিব?   
 4 কিন্তু যিহোৱা, তেওঁৰ পবিত্ৰ মন্দিৰত আছে;  
তেওঁৰ সিংহাসন স্বর্গতে আছে।  
তেওঁ মানুহলৈ চাই থাকে,  
তেওঁৰ চকুৱে মানুহক পৰীক্ষা কৰে।   
 5 যিহোৱাই ধাৰ্মিক আৰু দুষ্ট সকলোকে পৰীক্ষা কৰে;  
কিন্তু যিবোৰ দুষ্ট, অত্যাচাৰপ্রিয়, তেনেলোকক তেওঁ ঘৃণা কৰে।   
 6 তেওঁ দুষ্ট লোকৰ ওপৰত জ্বলন্ত অগ্নি আৰু গন্ধক বর্ষাব;  
তেওঁৰ পাত্রৰ পৰা দগ্ধ কৰি নিয়া বতাহ তেওঁলোকৰ ভাগত হ’ব।   
 7 যিহোৱা ধাৰ্মিক, আৰু ধার্মিকতা তেওঁ ভাল পায়;  
সৎ লোকে তেওঁৰ মুখ দেখা পাব।