26 অধ্যায়
দায়ুদৰ ৰচিত গীত।
হে যিহোৱা, মোৰ বিচাৰ কৰা,
কিয়নো মই নিজ সিদ্ধতাত চলিছোঁ,
অলৰভাৱে মই যিহোৱাত ভাৰসা কৰিছোঁ।
হে যিহোৱা, তুমি মোক পৰীক্ষা কৰি মোৰ শুদ্ধতাৰ প্রমাণ চোৱা;
মোৰ হৃদয় আৰু মনক খপি চোৱা।
কাৰণ তোমাৰ অসীম দয়া মোৰ চকুৰ আগত আছে,
মই তোমাৰ বিশ্বস্ততাত চলা-ফুৰা কৰোঁ।
প্রৱঞ্চক লোকসকলৰ লগত মই বহা নাই।
অসৎ লোকসকলৰ সৈতে মই মিলা-মিছা কৰা নাই।
মই দুষ্টবোৰৰ সমাজক ঘৃণা কৰোঁ;
দুষ্ট লোকৰ লগত নবহো।
হে যিহোৱা, মই মোৰ নিৰ্দোষীতাত হাত ধোওঁ,
আৰু তোমাৰ যজ্ঞবেদী প্রদক্ষিণ কৰোঁ,
যাতে মই উচ্চস্বৰে প্রশংসাৰ গীত গাই তোমাক ধন্যবাদ জনাব পাৰোঁ;
তোমাৰ আচৰিত কৰ্মবোৰ প্ৰচাৰ কৰিব পাৰোঁ।
হে যিহোৱা, যি গৃহত তুমি নিবাস কৰা,
তোমাৰ গৌৰৱ সেই ঠাইত থাকে,
মই তোমাৰ নিবাস গৃহক ভাল পাওঁ।
পাপীবোৰৰ লগত মোৰ প্ৰাণ লৈ নাযাবা;
ৰক্তপাতী মনুষ্যবোৰৰ লগত মোৰ জীৱন নিনিবা।
10 তেওঁলোকৰ হাতত দুষ্টতাৰ পৰিকল্পনা আছে;
তেওঁলোকৰ সোঁহাত উৎকোচেৰে ভৰা।
11 কিন্তু মই হলে নিজ সিদ্ধতাত চলোঁ;
মোক মুক্ত কৰা; মোক কৃপা কৰা।
12 মোৰ ভৰি সমান ঠাইত থিয় হৈ আছে;
মহা-সমাজবোৰৰ মাজত মই যিহোৱাৰ ধন্যবাদ কৰিম।