32 অধ্যায়
মচকীল নামেৰে দায়ুদৰ ৰচিত গীত
1 ধন্য সেই লোক, যি লোকৰ অপৰাধ ক্ষমা কৰা হয়;
যি লোকৰ পাপ ঢকা হয়।
2 ধন্য সেই ব্যক্তি, যি ব্যক্তিৰ অপৰাধ যিহোৱাই গণনা নকৰে,
আৰু যি ব্যক্তিৰ মনত কোনো ছলনা নাই।
3 মই যেতিয়া পাপ স্বীকাৰ নকৰি মনে মনে আছিলোঁ, তেতিয়া ওৰে দিনটো কেঁকাই থকাত মোৰ অস্থিবোৰ ক্ষয় পাইছিল।
4 কিয়নো তেতিয়া দিনে ৰাতিয়ে মোৰ ওপৰত তোমাৰ হাত গধুৰ হৈ আছিল,
মোৰ গাৰ শক্তি জহকালৰ তাপত যেনেকৈ হয়, তেনেকৈয়ে শুকাই গৈছিল। (চেলা)
5 তেতিয়া মই তোমাৰ আগত মোৰ পাপ সৈ কাঢ়িলোঁ;
মোৰ অপৰাধ মই আৰু লুকুৱাই নাৰাখিলোঁ;
মই ক’লো, “যিহোৱাৰ আগত মই মোৰ অপৰাধ সৈ কাঢ়িম”;
তাতে মোৰ পাপৰ দোষ তুমি ক্ষমা কৰিলা। (চেলা)
6 সেইবাবে প্রয়োজনৰ সময়ত প্রতিজন বিশ্বাসীয়ে তোমাৰ আগত প্রার্থনা কৰক*সেইবাবে তোমাক পাব পৰা সময়ত প্রতিজন বিশ্বাসীয়ে তোমাৰ আগত প্রার্থনা কৰক;
বিপদ মহা-জলপ্লাৱনৰ দৰে আহিলেও সেইজনৰ ওচৰ নাপাব।
7 তুমি মোৰ গুপ্তস্থান;
তুমি মোক সঙ্কটৰ পৰা উদ্ধাৰ কৰোঁতা;
মুক্তিৰ জয়ধ্বনিৰে তুমি মোক আৱৰি ৰাখোঁতা। (চেলা)
8 মই তোমাক বুদ্ধি দিম;
তুমি যাবলগীয়া পথ মই তোমাক শিকাম; তোমাৰ ওপৰত মই দৃষ্টি ৰাখি পৰামৰ্শ দিম।
9 তোমালোক ঘোঁৰা বা খছৰৰ নিচিনা নহবা,
সিহঁতৰ বুজন শক্তি নাই;
মুখত লাগাম আৰু দনা ভূষণৰূপে লগাই সিহঁতক বশ কৰা হয়,
নহলে, সিহঁত তোমালোকৰ ওচৰলৈ নাহিব।
10 দুষ্টলোকৰ যাতনা অধিক;
কিন্তু যিজনে যিহোৱাত নির্ভৰ কৰে, যিহোৱাৰ অসীম দয়াই তেওঁক আৱৰি ৰাখে।
11 হে ধাৰ্মিক লোকসকল, তোমালোকে যিহোৱাতে আনন্দ কৰা; উল্লাস কৰা;
যাৰ অন্তৰ শুদ্ধ, তোমালোক সকলোৱে আনন্দ-ধ্ৱনি কৰা।