53 অধ্যায়
প্ৰধান বাদ্যকৰৰ নিমিত্তে: সুৰ: মহলৎ। মচকীল নামে দায়ুদৰ ৰচিত গীত।
নির্বোধে নিজৰ মনতে ক’লে, “ঈশ্বৰ বুলি কোনো নাই।”
তেওঁলোকৰ স্বভাৱ দুর্নীতিগ্রস্ত; তেওঁলোকে জঘন্য কার্য কৰে;
তেওঁলোকৰ মাজত এজনো সৎকৰ্ম কৰা লোক নাই।
ঈশ্বৰে স্বর্গৰপৰা মানৱজাতিলৈ দৃষ্টি কৰে,
তেওঁ চাব বিচাৰে, জ্ঞানী লোক আছে নে নাই;
ঈশ্বৰক বিচাৰোতা কোনো আছে নে নাই।
তেওঁলোক সকলোৱেই আঁতৰি গ’ল, সকলোৱেই একেলগে অপবিত্র হ’ল;
সৎকৰ্ম কৰোঁতা কোনো নাই, এজনো নাই।
“যিসকলে অপৰাধ কার্যত লিপ্ত হয়, তেওঁলোক কি একোৱেই নুবুজে নেকি?
তেওঁলোকে মোৰ লোকসকলক লুটপাত কৰে* লোকসকলে আহাৰ খোৱাৰ দৰে মোৰ প্ৰজাসকলক খাই পেলায়
তেওঁলোকে ঈশ্বৰৰ আগত প্ৰাৰ্থনা নকৰে।
আগতে যি ঠাইত তেওঁলোকৰ কোনো ভয় কৰাৰ কাৰণ নাছিল, তাত এতিয়া তেওঁলোকৰ অতিশয় ভয় হ’ল;
ঈশ্বৰে তেওঁলোকৰ বিৰুদ্ধে অহা সকলক সিচঁৰিত কৰিলে কিয়নো তোমালোকৰ বিৰুদ্ধে ছাউনি পতাসকলৰ হাড়বোৰ ঈশ্বৰে সিচঁৰতি কৰিব।
সেয়ে তেওঁলোকক লাজত পেলোৱা হ’ব, কিয়নো ঈশ্বৰে তেওঁলোকক অগ্ৰাহ্য কৰিলে ঈশ্বৰে তেওঁলোকক অগ্ৰাহ্য কৰিলে, সেয়ে তুমি তেওঁলোকক লাজত পেলাবা।
ইস্রায়েলৰ পৰিত্ৰাণ চিয়োনৰ মাজৰ পৰাই আহঁক!
যিহোৱাই যেতিয়া নিজৰ প্ৰজাসকলৰ ভৱিষ্যত পুনৰ স্থাপন কৰিব,
তেতিয়া যাকোবৰ বংশই উল্লাস কৰিব আৰু ইস্ৰায়েল আনন্দিত হ’ব।

*53 অধ্যায়:4 লোকসকলে আহাৰ খোৱাৰ দৰে মোৰ প্ৰজাসকলক খাই পেলায়

53 অধ্যায়:5 কিয়নো তোমালোকৰ বিৰুদ্ধে ছাউনি পতাসকলৰ হাড়বোৰ ঈশ্বৰে সিচঁৰতি কৰিব।

53 অধ্যায়:5 ঈশ্বৰে তেওঁলোকক অগ্ৰাহ্য কৰিলে, সেয়ে তুমি তেওঁলোকক লাজত পেলাবা।