56 অধ্যায়
প্ৰধান বাদ্যকৰৰ নিমিত্তে যোনৎএলম ৰহোকীম সুৰত গাবলগীয়া মিকতাম নামে দায়ূদৰ ৰচিত গীত। পলেষ্টীয়াবিলাকে দায়ূদক গাতত ধৰা সময়ৰ গীত।
হে ঈশ্বৰ, মোক কৃপা কৰা;
কিয়নো মানুহে মোক গ্ৰাস কৰিবলৈ বিচাৰিছে;
সি ওৰে দিনটো যুদ্ধ কৰি মোক উপদ্ৰৱ কৰিছে।
মোৰ শত্ৰুবোৰে ওৰে দিনটো মোক গ্ৰাস কৰিবলৈ বিচাৰিছে;
কিয়নো মোৰ বিৰুদ্ধে অহংকাৰ কৰি যুদ্ধ কৰা লোক অনেক।
যেতিয়াই মোৰ ভয় লাগে;
তেতিয়াই মই তোমাত ভাৰসা কৰিম।
মই ঈশ্বৰত নিৰ্ভৰ কৰি তেওঁৰ বাক্যৰ প্ৰশংসা কৰিম;
মই ঈশ্বৰত ভাৰসা কৰিলোঁ, ভয় নকৰোঁ;
মাংসই মোক কি কৰিব পাৰে?
সিহঁতে ওৰে দিনটো মোৰ বাক্য অৰ্থান্তৰ কৰে;
সিহঁতৰ সকলো সঙ্কল্প মোৰ বিৰুদ্ধে অনিষ্টজনক।
সিহঁতে গোট খাই লুকাই থাকে;
সিহঁতে মোৰ প্ৰাণলৈ অপেক্ষা কৰি থকাৰ দৰে, মোৰ ভৰিৰ খোজলৈ লক্ষ্য কৰে।
অধৰ্মৰ দ্বাৰাই সিহঁতে ৰক্ষা পাব নে?
হে ঈশ্বৰ, ক্ৰোধেৰে জাতিবোৰক নিপাত কৰা।
তুমি মোৰ ভ্ৰমণৰ লেখ লৈছা;
তুমি মোৰ চকু-লো তোমাৰ কূপাত বন্ধ কৰি ৰাখা;
সেইবোৰ তোমাৰ বহিত নাই নে?
সেই দিনা, মই প্ৰাৰ্থনা কৰা কালত মোৰ শত্ৰুবোৰ বিমুখ হ’ব;
ঈশ্বৰ যে মোৰ ফলীয়া, তাক মই জানিছোঁ* মই ইটো জানো যে, ঈশ্বৰ মোৰ ফলীয়া।
10 মই ঈশ্বৰত নিৰ্ভৰ কৰি তেওঁৰ বাক্যৰ প্ৰশংসা কৰিম;
মই যিহোৱাত নিৰ্ভৰ কৰি তেওঁৰ বাক্যৰ প্ৰশংসা কৰিম।
11 মই ঈশ্বৰত ভাৰসা কৰিলোঁ, ভয় নকৰোঁ;
মানুহে মোক কি কৰিব পাৰে?
12 হে ঈশ্বৰ, তোমাৰ উদ্দেশে সিদ্ধ কৰিবলগীয়া সঙ্কল্পবোৰ মোৰ গাত আছে;
তোমাৰ উদ্দেশে মই ধন্যবাদাৰ্থক বলি উৎসৰ্গ কৰিম।
13 কিয়নো তুমি মোৰ প্ৰাণ মৃত্যুৰ পৰা উদ্ধাৰ কৰিলা;
জীৱিতবিলাকৰ দীপ্তিত ঈশ্বৰৰ সাক্ষাতে অহা-যোৱা কৰিবলৈ,
তুমি জানো পতনৰ পৰা মোৰ ভৰি ৰক্ষা নকৰিলা?

*56 অধ্যায়:9 মই ইটো জানো যে, ঈশ্বৰ মোৰ ফলীয়া।