75 অধ্যায়
প্ৰধান বাদ্যকৰৰ নিমিত্তে: অলতচেৎ সুৰত গাবলগীয়া আচফৰ ৰচিত গীত, সঙ্গীত।
হে ঈশ্বৰ, আমি তোমাৰ ধন্যবাদ কৰিম;
আমি তোমাৰ ধন্যবাদ কৰিম, কিয়নো তুমি তোমাৰ উপস্থিতি প্রকাশ কৰিলা;
লোকসকলে তোমাৰ আচৰিত কাৰ্যবোৰ বৰ্ণনা কৰি আছে।
যেতিয়া নিৰুপিত সময় উপস্থিত হব;
তেতিয়া মই ন্যায়েৰে বিচাৰ কৰিম।
যদিও পৃথিৱী আৰু তাৰ বাসিন্দাসকল ভয়াতুৰ আৰু দুর্বল;
তথাপি ময়েই তাৰ স্তম্ভবোৰ দৃঢ়কৈ স্থাপন কৰিলোঁ। [চেলা]
মই অহঙ্কাৰীবোৰক কলোঁ, “তোমালোকে অহঙ্কাৰেৰে কাৰ্য নকৰিবা;”
দুষ্টবোৰক ক’লো, “পৰিত্রাণ পাবলৈ নি:সংশয় নহবা;
দুষ্টবোৰ জয়ী হ’বলৈ অত্যন্ত নিশ্চিন্ত নহওক।
তোমালোক জয়ী হ’বলৈ অত্যন্ত নিশ্চিন্ত নহবা;
তোমালোকে গর্ব কৰি কথা নকবা।”
কিয়নো পূব বা পশ্চিম দিশৰ পৰা জয় লাভ নহয়।
কিন্তু ঈশ্বৰ ন্যায় বিচাৰক;
কোনোক তললৈ নমায়, কোনোক ওপৰলৈ তোলে।
কিয়নো যিহোৱাৰ হাতত এক পান-পাত্ৰ আছে,
তাত মিশ্ৰিত দ্ৰব্যেৰে সৈতে পৰিপূৰ্ণ ফেনাই উঠা দ্রাক্ষাৰস আছে;
আৰু তেওঁ সেই পাত্রৰ কিছু ঢালি দিয়ে;
পৃথিৱীৰ দুষ্ট লোকবোৰে অৱশ্যেই তাৰ তলিলৈকে থকা গেদবোৰ খাব লাগিব।
কিন্তু মই হ’লে, চিৰকাললৈ তেওঁ কৰা কার্যৰ প্ৰচাৰ কৰিম;
মই যাকোবৰ ঈশ্বৰৰ উদ্দেশ্যে স্তুতি গান কৰিম।
10 তেওঁ ক’লে, “মই দুষ্ট লোকবোৰৰ আটাই শিং* শক্তি কাটি পেলাম;
কিন্তু ধাৰ্মিক লোকসকলৰ শিং শক্তি উচ্চ কৰিম।”

*75 অধ্যায়:10 শক্তি

75 অধ্যায়:10 শক্তি