82 অধ্যায়
আচফৰ ৰচিত গীত।
ঈশ্বৰ তেওঁৰ স্বর্গীয় সভাৰ মাজত থিয় হৈছে;
দেৱতাবোৰৰ সেই সভাত তেৱেঁই বিচাৰ কৰে।
“কিমান কাললৈকে তোমালোকে অন্যায় বিচাৰ কৰিবা আৰু দুষ্টবোৰৰ পক্ষত থাকিবা? (চেলা)
তোমালোকে দৰিদ্ৰ আৰু অনাথসকলৰ প্রতি ন্যায় বিচাৰ কৰা;
দুখী আৰু দীনহীনৰ ন্যায্য অধিকাৰ ৰক্ষা কৰা।
দুখীয়া আৰু কঙালক বচোৱা;
দুষ্টবোৰৰ হাতৰ পৰা তেওঁলোকক মুক্ত কৰা।”
তেওঁলোকৰ জ্ঞান আৰু বিচাৰ-বুদ্ধি বুলি একো নাই;
চাৰিওফালে অন্ধকাৰতে তেওঁলোক ফুৰে;
পৃথিবীৰ আটাই ভিত্তিমূলবোৰ কঁপি উঠিছে।
মই ক’লো, “তোমালোকেই দেৱতাবোৰ;
তোমালোক সকলোৱেই সৰ্ব্বোপৰি জনাৰ সন্তান।
কিন্তু তথাপিও তোমালোক মনুষ্যৰ দৰে মৰিবা;
অধিপতিসকলৰ এজনৰ দৰেই তোমালোকৰ পতন হ’ব।”
হে ঈশ্বৰ, তুমি উঠা, পৃথিবীৰ বিচাৰ কৰা;
কিয়নো সমুদায় জাতি তোমাৰ অধিকাৰত আছে।