87 অধ্যায়
কোৰহৰ বংশৰ ৰচিত গীত। এটি সঙ্গীত।
1 যিহোৱাই পবিত্ৰ পৰ্ব্বত শ্রেনীৰ ওপৰত তেওঁৰ নগৰ স্থাপন কৰিলে।
2 যাকোবৰ বংশৰ সকলো নিবাসতকৈ যিহোৱাই চিয়োনৰ দুৱাৰবোৰ ভাল পায়।
3 হে ঈশ্বৰৰ নগৰ, তোমাৰ বিষয়ে অনেক গৌৰৱৰ কথা কোৱা হৈছে। (চেলা)।
4 “মই মোৰ চিনাকিবোৰৰ মাজত ৰাহব আৰু বাবিলৰো চর্চা কৰিম;
পলেষ্টিয়া, তূৰ আৰু ইথিওপিয়াৰ*ইথিওপিয়াৰ কুচক কথাও চর্চা কৰিম,
তেওঁলোকে কয়, ‘এইসকল প্রত্যেকৰে জন্ম তাত হৈছে’।”
5 এনে কি, চিয়োনৰ বিষয়েও এই বুলি কোৱা হ’ব, “অমুক বা তমুক মানুহৰ তাত জন্ম হৈছিল;
সৰ্ব্বোপৰি জনাই নিজেই চিয়োনক স্থাপন কৰিব।”
6 যিহোৱাই জাতি সমূহৰ নাম লিখি তালিকা কৰাৰ সময়ত এই কথা ক’ব, “এইজনৰ চিয়োনত জন্ম হৈছিল।” (চেলা)।
7 গায়ক আৰু নাচনীবোৰে একেভাৱে ক’ব, “মোৰ সকলো ভুমুক তোমাৰ মাজতেই আছে।”