93 অধ্যায়
যিহোৱাই ৰাজত্ব কৰে, তেওঁ মহিমাৰে সজ্জিত;
যিহোৱা সুসজ্জিত; তেওঁ পৰাক্ৰমেৰে নিজৰ কঁকাল বান্ধিলে;
জগতখনো তেওঁ লৰচৰ হ’ব নোৱাৰাকৈ স্থাপন কৰিলে।
তোমাৰ সিংহাসন পূৰ্বৰে পৰা স্থাপন কৰা হ’ল;
তুমি অনাদি কালৰে পৰা বিদ্যমান।
হে যিহোৱা, নদীৰ পানী ওফন্দি উঠিছে,
নদীবোৰ নিজ নিজ তৰঙ্গ ধ্বনিৰে ওফন্দি উঠিছে;
নদীবোৰে নিজ নিজ গর্জনৰ ঢৌ তুলিছে।
মহা জল সমূহৰ কল্লোল ধ্বনিতকৈয়ো,
সমুদ্ৰৰ প্ৰচণ্ড তৰঙ্গবোৰতকৈয়ো সৰ্ব্বোপৰি যিহোৱা বলৱান।
তোমাৰ আজ্ঞাবোৰ অতি বিশ্বাসযোগ্য;
হে যিহোৱা চিৰদিনৰ কাৰণে পবিত্ৰতা তোমাৰ গৃহৰ শোভা।