112 অধ্যায়
তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা!
ধন্য সেইজন, যিজনে যিহোৱালৈ ভয় ৰাখে আৰু তেওঁৰ আজ্ঞাবোৰত অতি আনন্দিত হয়।
তেওঁলোকৰ বংশধৰসকল পৃথিৱীত শক্তিশালী হ’ব;
ঈশ্বৰভক্তসকলৰ বংশ আশীৰ্ব্বাদপ্ৰাপ্ত হ’ব।
তেওঁলোকৰ ঘৰত ধন-সম্পদ থাকে;
তেওঁলোকৰ ধাৰ্মিকতা চিৰকাললৈকে থাকে।
ঈশ্বৰভক্তসকলৰ কাৰণে অন্ধকাৰতো দীপ্তি উদয় হয়;
তেওঁলোক* যিহোৱা কৃপাময়, স্নেহশীল আৰু ধাৰ্মিক।
যিসকলে কৃপা কৰে আৰু ঋণ দিয়ে, তেওঁলোকৰ মঙ্গল হয়;
তেওঁলোকে সকলো কার্যৰ বিচাৰ ন্যায়ভাৱে সম্পন্ন কৰে।
কাৰণ ধার্মিক লোক কেতিয়াও লৰচৰ নহ’ব;
ধাৰ্মিক লোকক মানুহে চিৰকাল সোঁৱৰণ কৰিব।
দুঃসংবাদ শুনিলেও তেওঁলোকে ভয় নকৰিব;
তেওঁলোকৰ হৃদয় দৃঢ় হৈ থাকে;
তেওঁলোকে যিহোৱাত ভাৰসা ৰাখে।
তেওঁলোকৰ হৃদয় সুস্থিৰ; তেওঁলোকে ভয় নকৰে;
শেষত তেওঁলোকে নিজৰ শত্ৰুবোৰৰ ওপৰত বিজয় দেখিব।
তেওঁলোকে মুক্তহস্তে দৰিদ্রসকলক দান কৰিলে;
তেওঁলোকৰ ধাৰ্মিকতা চিৰকাললৈকে থাকে;
তেওঁলোকৰ শিং তেওঁ মহান আৰু শক্তিশালী মৰ্য্যদাৰে উন্নত হয়।
10 দুষ্টলোকে তাকে দেখি ক্রোধিত হ’ব; তেওঁলোকে দাঁত কৰচিব আৰু গলি যাব;
দুষ্টবোৰৰ মনৰ কামনা নিস্ফল হ’ব।

*112 অধ্যায়:4 যিহোৱা

112 অধ্যায়:9 তেওঁ মহান আৰু শক্তিশালী