117 অধ্যায়
হে সমুদায় জাতি, যিহোৱাৰ প্ৰশংসা কৰা;
হে সমুদায় লোক, তেওঁৰ মহিমা কীর্তন কৰা।
কিয়নো আমালৈ যিহোৱাৰ প্রেম অসীম,
যিহোৱাৰ বিশ্ৱস্ততা অনন্তকাল স্থায়ী।
তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা।