ৰোমীয়াসকলৰ প্ৰতি পত্ৰ
গ্রন্থ ৰচয়িতা
ৰোমীয় 1:1 নির্দেশ কৰে যে, পৌলে ৰোমীয়সকলৰ ওচৰলৈ যিখন চিঠি লিখিছিল, সেইখন চিঠি তেওঁ নিৰো ৰোমৰ সম্রাট হোৱাৰ তিনি বছৰ পাছত কৰিন্থ আৰু গ্ৰীক চহৰত থকাৰ পাছত তাৰ পৰা ৰোমীয়সকললৈ লিখিছিল। তেতিয়া 16 বছৰ বয়সীয়া নিৰোৱে ৰোমৰ সম্রাট হিচাপে সিংহাসনত আৰোহণ কৰিছিল। প্রখ্যাত গ্রীক নগৰীও আছিল যৌন অনৈতিকতা আৰু মূর্তি পূজাৰ এক উর্বৰ ভুমি। গতিকে যেতিয়া পৌলে ৰোমীয়সকললৈ মানৱতাৰ পাপৰ কথা লিখিছিল অথবা অলৌকিকভাবে জীয়াই থকা আৰু সম্পূর্ণৰূপে পৰিৱর্তন কৰাৰ কাৰণে ঈশ্বৰৰ অনুগ্রহৰ শক্তিক তেওঁ যে কৈছিল, সেই কথা তেওঁ জানিছিল। পৌলৰ মূল প্রান্তৰেখাবোৰে প্রাথমিক খ্রীষ্টিয়ান শুভবার্তাৰ সমূহৰ মূল বিষয়বোৰক স্পর্শ কৰে: ঈশ্বৰৰ পবিত্রতা, মানুহৰ পাপ, আৰু যীচু খ্রীষ্টৰ দ্বাৰা সঞ্চিত অনুগ্রহৰ দান।
লিখাৰ স্থান আৰু সময়
লিখাৰ সম্ভাব্য সময় প্রায় 57 খ্রীষ্টাব্দত কৰিন্থৰ পৰা।
লিখাৰ বাবে মূল স্থান হয়তো ৰোম হ’ব পাৰে।
প্রাপক
সমগ্র ৰোমত যিসকলে ঈশ্বৰক ভাল পায় আৰু সেই লিখকসকলকে পবিত্র লোক বুলি কোৱা হয়, অর্থাৎ এই লোকসকল ৰোম নগৰৰ মণ্ডলীৰ সদস্য আছিল (ৰোমীয় 1:7), ই আছিল ৰোমান সাম্রাজ্যৰ ৰাজধানী।
উদ্দেশ্য
ৰোমীয়সকললৈ লিখা এই চিঠিখন এক পৰিষ্কাৰ মতবাদ আৰু সকলোতকৈ পদ্ধতিগতভাবে ইয়াত খ্রীষ্টিয়ান বিধান উপস্থাপন কৰা হৈছে। পৌলৰ দ্বাৰা আৰম্ভণিতে ইয়াত সমস্ত মানৱজাতিৰ পাপৰ কথা আলোচনা কৰা হৈছে। ঈশ্বৰৰ বিৰুদ্ধে কৰা বিদ্রোহে আমাক দণ্ডিত কৰিছে। যি হওক, ঈশ্বৰে তেওঁৰ অনুগ্রহ তেওঁৰ পুত্র যীচুত বিশ্বাস কৰাৰ দ্বাৰা আমালৈ প্রকাশ কৰে। যেতিয়া আমি ঈশ্বৰৰ দ্বাৰা সমর্থনযোগ্য হওঁ, তেতিয়া আমি উদ্ধাৰ, অথবা মুক্তি পাওঁ, কাৰণ খ্রীষ্টৰ তেজে আমাৰ পাপ ঢাকে। এই বিষয় সমূহৰ ভিতৰত পৌলৰ উপস্থাপন এক যুক্তিগত উপস্থাপন আৰু ই হ’ল কিদৰে এজন ব্যক্তিয়ে শাস্তিৰ পৰা আৰু তেওঁৰ পাপৰ শক্তিৰ পৰা ৰক্ষা পায়, সেই সম্পর্কে এক সম্পূর্ণ উপস্থাপনা।
মূল বিষয়
ঈশ্বৰৰ ধার্মিকতা।
প্রান্তৰেখা
1. পাপৰ দণ্ড আৰু ধার্মিকতাৰ প্রয়োজনীয়তাৰ দলিল — 1:18-3:20
2. ধার্মিকতাই আৰোপিত কৰে, ন্যায় — 3:21-5:21
3. ধার্মিকতাই প্রদান কৰে শুদ্ধিকৰণ — 6:1-8:39
4. ইস্রায়েলৰ বাবে স্বর্গীয় ব্যৱস্থা — 9:1-11:36
5. পবিত্রতা সম্পাদনৰ অনুশীলন — 12:1-15:13
6. উপসংহাৰ: ব্যক্তিগত বার্তা — 15:14-16:27
1 অধ্যায়
মঙ্গলাচৰণ আৰু আভাস
মই পৌল, যীচু খ্ৰীষ্টৰ এজন দাস আৰু ঈশ্বৰৰ শুভবাৰ্তাৰ কাৰণে পৃথক হোৱা আমন্ত্ৰিত পাঁচনি; যি শুভবাৰ্তাৰ বিষয়ে ঈশ্বৰে পূৰ্বতে তেওঁৰ ভাববাদী সকলৰ যোগেদি পবিত্ৰ বিধান-শাস্ত্ৰত প্ৰতিজ্ঞা কৰিছিল, সেয়ে তেওঁৰ পুত্ৰ যীচু খ্ৰীষ্টৰ বিষয়ৰ শুভবাৰ্তা; যি জনে মানৱ ৰূপে দায়ুদৰ বংশত জন্মিছিল৷
তেওঁ পবিত্ৰ আত্মাৰ শক্তিৰ যোগেদি ঈশ্বৰৰ পুত্ৰৰূপে ঘোষণা কৰা হৈ পবিত্ৰতাৰ দ্বাৰা মৃত্যুৰ পৰা পুনৰুত্থিত হ’ল, তেৱেঁই আমাৰ প্ৰভু যীচু খ্ৰীষ্ট৷ তেওঁৰেই দ্বাৰাই আমি তেওঁৰ নামৰ কাৰণে, সকলো জাতিৰ মাজত বিশ্বাসৰূপ আজ্ঞাধীনতাৰ অৰ্থে অনুগ্ৰহ আৰু পাঁচনি পদ পালোঁ;* 1 কৰি 15:10; ইফি 3:8৷ সেই জাতিবোৰৰ মাজত আপোনালোকো যীচু খ্ৰীষ্টৰ আমন্ত্ৰিত ৰো 8:30; প্ৰ 17:14৷ লোক৷
ৰোমত থকা ঈশ্ৱৰৰ যি প্ৰিয় লোক আৰু তেওঁক বিশ্ৱাস কৰা সেই পবিত্ৰ লোক সকল; আমাৰ পিতৃ ঈশ্বৰৰ আৰু প্ৰভু যীচু খ্ৰীষ্টৰ পৰা অাপোনালোকলৈ অনুগ্ৰহ আৰু শান্তি হওক।
প্ৰথমতে, যীচু খ্ৰীষ্টৰ যোগেদি অাপোনালোক সকলোৰে বিষয়ে মই ঈশ্বৰৰ ধন্যবাদ কৰিছোঁ, কাৰণ গোটেই জগতত অাপোনালোকৰ বিশ্বাস প্ৰচাৰিত হ’ল৷ কিয়নো ঈশ্ৱৰ মোৰ সাক্ষ্য, যি জনক মই নিজ আত্মাৰে সৈতে তেওঁৰ পুত্ৰৰ শুভবার্তাৰ সেৱা কৰোঁ আৰু সেই জনৰ ওচৰত মই নিৰন্তৰে আপোনালোকৰ নাম উল্লেখ কৰি, 10 মোৰ প্ৰাৰ্থনা কালত সদায় অনুৰোধ কৰোঁ, আৰু শেষত মই যেন কোনো প্ৰকাৰে ঈশ্ৱৰৰ ইচ্ছাৰ দ্ৱাৰাই আপোনালোকৰ ওচৰত আহিবলৈ সফল হওঁ৷
11 কিয়নো মই আপোনালোকক চাবলৈ অতিশয় হাবিয়াহ কৰি আছোঁ, যাতে মই আপোনালোকক কোনো আত্মিক বৰৰ ভাগী কৰিব পাৰোঁ, আৰু তাতে আপোনালোকেও যেন সুস্থিৰ থাকিব পাৰে৷ 12 আপোনালোকৰ আৰু মোৰ, উভয় পক্ষৰ আন্তৰিক বিশ্বাসৰ দ্বাৰাই আপোনালোকৰ মাজত নিজেও আশ্বাস পাবলৈ, মই ইচ্ছা কৰিছোঁ।
13 হে ভাই সকল, মই নিবিচাৰোঁ যে, আপোনালোকে এই কথা নজনাকৈ থাকক; মই বাৰে বাৰে আপোনালোকৰ ওচৰলৈ আহিব বিচাৰিছিলোঁ৷ যেনেকৈ মই আৰু অনা-ইহুদী লোক সকলে ফল পাইছোঁ, তেনেকৈ আপোনালোকেও পাওক; কিন্তু এতিয়ালৈকে বাধা পাই আছোঁ৷ 14 গ্ৰীক, বিদেশী, জ্ঞানী আৰু অজ্ঞানী, এই সকলোৰে ওচৰত মই ধৰুৱা হৈ আছোঁ৷ 15 এই হেতুকে ৰোমত থকা যি আপোনালোক, অাপোনালোকৰ আগতো মই সাধ্য অনুসাৰে শুভবাৰ্তা প্ৰচাৰ কৰিবলৈ ইচ্ছুক আছোঁ।
16 কিয়নো শুভবাৰ্তাত মই লাজ নাপাও; কাৰণ প্ৰথমে ইহুদী, পাছত গ্ৰীক লোকলৈ আৰু বিশ্বাস কৰা প্ৰত্যেক জনলৈ, এয়া পৰিত্রাণৰ অৰ্থে ঈশ্বৰৰ শক্তি। 1 কৰি 1:18৷ 17 কিয়নো ইয়াত ঈশ্বৰৰ ধাৰ্মিকতা§ ৰো 10:3, 4; ফিলি 3:9৷ বিশ্বাসৰ পৰা বিশ্বাসলৈ প্ৰকাশিত হৈ আছে; এই বিষয়ে লিখাও আছে, “ধাৰ্মিক জন বিশ্বাসৰ দ্বাৰাই জীৱ।”* হব 2:4; গাল 3:11; ইব্ৰী 10:38৷
দেৱপুজক সকলৰ পাপ-অৱস্থা
18 যি সকলে অধাৰ্মিকতাৰ দ্বাৰাই সত্যক নিবাৰণ কৰে, ঈশ্ৱৰৰ ক্ৰোধ সেই অধর্মি আৰু ভক্তিহীন লোক সকললৈ স্বৰ্গৰ পৰা প্ৰকট হয়; 19 কাৰণ ঈশ্বৰৰ বিষয়ে যি জানিব পৰা যায়, সেয়ে প্ৰকাশিত হৈ আছে৷ কিয়নো ঈশ্বৰে সেই বিষয়ে সিহঁতক শিক্ষিত কৰিলে।
20 কিয়নো ঈশ্ৱৰৰ সেই অদৃশ্য গুণবোৰৰ বিষয়ে, জগত সৃষ্টিৰ কালৰে পৰা তেওঁ সৃষ্টি কৰা সকলোকে বোধগম্য গীত 19:1-3৷ হৈ স্পষ্টকৈ দেখা গৈছে, যাতে তেওঁৰ অনাদি অনন্ত পৰাক্ৰম আৰু ঐশ্বৰিক স্বভাৱৰ বিষয়ে আপোনালোকৰ একো নজনাৰ কাৰণ নাথাকে; 21 কিয়নো ঈশ্বৰৰ বিষয়ে জানিও, তেওঁক ঈশ্বৰ বুলি তেওঁলোকে স্তুতি বা ধন্যবাদো নকৰিলে; কিন্তু নিজৰ তৰ্ক-বিতৰ্কত অজ্ঞানী হ’ল আৰু তেওঁলোকৰ অবোধ হৃদয় অন্ধকাৰময় হ’ল।
22 নিজক জ্ঞানী দাবীদাৰ কৰি, তেওঁলোক মূৰ্খ হ’ল; 23 আৰু ক্ষয়শীল মানুহ, চৰাই, চাৰিঠেঙীয়া জন্তু আৰু উৰগ আদিৰ আকাৰযুক্ত প্ৰতিমূৰ্তিৰে সৈতে তেওঁলোকে চিৰস্থায়ী ঈশ্বৰৰ মহিমাক সলনা-সলনি কৰিলে।
24 এই কাৰণে তেওঁলোকৰ শৰীৰক অমৰ্য্যদা কৰিবলৈ, ঈশ্বৰে তেওঁলোকৰ হৃদয়ৰ অভিলাষেৰে তেওঁলোকক অশুচিতালৈ শোধাই দিলে। গীত 81:12; ইফি 4:18, 19৷ 25 তেওঁলোকে ঈশ্বৰৰ সত্যতাক মিছাৰ সৈতে সাল-সলনি কৰি সৃষ্টিকৰ্ত্তাৰ সলনি সৃষ্ট বস্তুবোৰৰ আৰাধনা আৰু সেৱা কৰিলে; সেই জন সৃষ্টিকৰ্ত্তা চিৰকাল ধন্য। আমেন।
26 এই কাৰণে, ঈশ্বৰে তেওঁলোকক অনাদৰযুক্ত কামাভিলাষলৈ শোধাই দিলে; কিয়নো তেওঁলোকৰ স্ত্ৰী লোক সকলে স্বাভাৱিক সঙ্গ এৰি, স্বভাৱৰ বিপৰীত সঙ্গ কৰিলে; 27 সেইদৰে পুৰুষ সকলেও স্বাভাৱিক স্ত্ৰী সঙ্গ এৰি, পৰস্পৰে কামাগ্নিৰে দগ্ধ হৈ পুৰুষে সৈতে পুৰুষে লাজৰ কৰ্ম সাধন কৰি নিজকে নিজলৈ ভ্ৰান্তিৰ উচিত প্ৰতিফল আনিলে।§ 1 কৰি 6:9, 10; যিহূ 7 পদ৷
28 তেওঁলোকে ঈশ্ৱৰৰ অৱগত হবলৈ নিবিচাৰিলে, সেই কাৰণে ঈশ্ৱৰে তেওঁলোকক লম্পট মন দি, অনু্চিত কর্মবোৰ কৰিবলৈ তেওঁলোকক এৰি দিলে৷
29 তেওঁলোক সকলো অধাৰ্মিকতা, দুষ্টতা, লোভ আৰু ঈর্ষাৰে ভৰি থকা৷ তেওঁলোক নৰবধী, বিবাদ, ছল আৰু শত্ৰুতাৰে পৰিপূৰ্ণ; 30 তেওঁলোক পৰচর্চা, পৰনিন্দা কৰোঁতা, ঈশ্বৰৰ ঘৃণাৰ পাত্ৰ; হিংসাত্মক, উদ্ধত, অহংকাৰী, কুকল্পনা জন্মোৱা, পিতৃ-মাতৃক নমনা লোক৷ 31 তেওঁলোক অজ্ঞানী, অনির্ভৰযোগ্য, স্নেহহীন আৰু নিৰ্দয় লোক৷
32 আৰু এইদৰে আচৰণ কৰা সকল যে মৃত্যুৰ যোগ্য, ঈশ্বৰৰ এই বিচাৰ জানিও, তেওঁলোকে সেইদৰে আচৰণ কৰে; কেৱল সেয়ে নহয়, কিন্তু তেনেকুৱা আচৰণ কৰা সকলক সন্মতিও দিয়ে।

*1 অধ্যায়:5 1 কৰি 15:10; ইফি 3:8৷

1 অধ্যায়:6 ৰো 8:30; প্ৰ 17:14৷

1 অধ্যায়:16 1 কৰি 1:18৷

§1 অধ্যায়:17 ৰো 10:3, 4; ফিলি 3:9৷

*1 অধ্যায়:17 হব 2:4; গাল 3:11; ইব্ৰী 10:38৷

1 অধ্যায়:20 গীত 19:1-3৷

1 অধ্যায়:24 গীত 81:12; ইফি 4:18, 19৷

§1 অধ্যায়:27 1 কৰি 6:9, 10; যিহূ 7 পদ৷