1 থিচলনীকীয়া
গ্রন্থ ৰচয়িতা
এই পত্রৰ লিখক বুলি পৌলে নিজকে দুবাৰ দুবাৰ উল্লেখ কৰিছে (1:1; 2:18)। চীল আৰু তীমথিয় (3:2,6), যেতিয়া পৌলৰ দ্বিতীয় মিছনাৰী যাত্রাৰ সময়ত যাত্রাৰ সমভাগী আছিল, তেতিয়া মণ্ডলী স্থাপিত হৈছিল (পাঁচনিৰ কর্ম 17:1–9), তেওঁ এই পত্র লিখিছিল, যেতিয়া তেওঁ কেইমাহ মানৰ কাৰণে বিশ্বাসীসকলৰ ওচৰলৈ গৈছিল। পৌলৰ পৰিচর্যাই থিচলনীকীত অৱশ্যে একমাত্র যিহূদীসকলকে স্পর্শ কৰা নাছিল বৰং অনা-যিহূদীসকলকো স্পর্শ ক অনেক অনা-যিহূদীলোক মূর্তিপূজা কৰাৰ পৰা বাহিৰ হৈ মণ্ডলীলৈ আহিছিল, এয়া সেই সময়ৰ যিহূদীসকলৰ মাজত কোনো বিশেষ সমস্যা নাছিল (1 থিচলনীকীয়া 1:9)।
লিখাৰ স্থান আৰু সময়
সম্ভতঃ সময় প্ৰায় 51 খ্রীষ্টাব্দ।
পৌলে কৰিন্থ চহৰৰ পৰা থিচলনীকীয়া মণ্ডলীলৈ এই প্রথম পত্র লিখিছিল।
প্রাপক
1 থিচলনীকীয়া 1:1 পদে সদস্যসকলক চিহ্নিত কৰে “থিচলনীকীয়া মণ্ডলীৰ” সদস্যসকলক যদিও প্রথম পত্ৰৰ কাৰণে উদ্দীষ্ট পাঠক হিচাপে চিহ্নিত কৰে, তথাপিও এই পত্ৰখনে সকলোতে থকা সকলো খ্রীষ্টিয়ানসকলৰ কথা কয়।
উদ্দেশ্য
এই পত্ৰ লিখাৰ খেত্রত পৌলৰ উদ্দেশ্য আছিল তাত থকা নতুন ৰূপান্তৰিত খ্রীষ্টিয়ান সকলৰ কষ্টত উৎসাহ দিয়া (3:3–-5), ধার্মিকভাবে জীৱন-যাপন কৰা বিষয়ত নির্দেশনা দিয়া (4:1–-12) যিসকলে খ্রীষ্টৰ আগমণৰ আগত মৃত্যুবৰণ কৰিলে, সেই বিশ্বাসীসকলৰ ভৱিষ্যত সম্পর্কে নিশ্চয়তা প্রদান কৰা (4:13–-18), কিছুমান নৈতিক আৰু ব্যৱহাৰিক বিষয়ৰ সংশোধন।
মূল বিষয়
মণ্ডলীৰ বাবে উদ্বেগ।
প্রান্তৰেখা
1. ধন্যবাদ দিয়া — 1:1-10
2. পাঁচনিবাবৰ ক্রিয়া-কলাপৰ প্রতিৰক্ষা — 2:1-3:13
3. থিচলনীকীয়াবাসীলৈ উপদেশ — 4:1-5:22
4. সামৰণি প্রার্থনা আৰু আশীর্বাদ বাণী — 5:23-28
1 অধ্যায়
মই পৌল, চীল আৰু তীমথিয়, পিতৃ ঈশ্বৰ আৰু প্ৰভু যীচু খ্ৰীষ্টত থকা থিচলনীকীয়া সকলৰ মণ্ডলীৰ সমীপলৈ; অনুগ্ৰহ আৰু শান্তি আপোনালোকলৈ হওক।
আমি সদায় প্ৰাৰ্থনা কালত আপোনালোক সকলোৰে নাম সোঁৱৰণ কৰোঁ আৰু আপোনালোকৰ কাৰণে ঈশ্বৰক ধন্যবাদ দিওঁ। আপোনালোকৰ বিশ্বাসৰ কাৰ্য, প্ৰেমৰ পৰিশ্ৰম আৰু আমাৰ প্ৰভু যীচু খ্ৰীষ্টত যি আশা আছে, সেই আশাক দৃঢ়ভাবে আৰু সহনশীলতাৰে যে আপোনালোকে ধৰি ৰাখিছে, সেয়েহে এইবোৰ বিষয় সোঁৱৰণ কৰি নিৰন্তৰে আমি পিতৃ ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰি আছোঁ।
হে ঈশ্বৰৰ প্ৰিয় ভাইসকল, আপোনালোক যে মনোনীত লোক, সেই বিষয়ে আমি জানো; কাৰণ আমাৰ দ্বাৰা প্ৰচাৰিত শুভবাৰ্তা কেৱল কথাৰে আপোনালোকলৈ অহা নাছিল; কিন্তু পৰাক্ৰম, পবিত্ৰ আত্মা আৰু অধিক নিশ্চয়তাৰে আপোনালোকলৈ আহিছিল। তাতে আমি আপোনালোকৰ বাবে কেনে ধৰণে আছিলোঁ, সেই বিষয়ে আপোনালোকৰ লগত থকাৰ সময়ত আপোনালোকে নিজে জানিছিল। বহু ক্লেশৰ মাজত পবিত্ৰ আত্মাই দিয়া আনন্দৰ সৈতে আপোনালোকে সেই শুভবার্তা গ্ৰহণ কৰি আমাৰ আৰু প্ৰভুৰ অনুকাৰী হ’ল। তাৰ ফলত আপোনালোক মাকিদনিয়া আৰু আখায়াত থকা সকলো বিশ্বাসী লোকলৈ আৰ্হি হৈছে। মাত্র মাকিদনিয়া আৰু আখায়া* অঞ্চলতে যে আপোনালোকৰ পৰা প্ৰভুৰ বাক্য বিয়পি পৰিছে এনে নহয়, কিন্তু ঈশ্বৰৰ প্ৰতি আপোনালোকৰ যি বিশ্বাস, সেই বাৰ্তা সকলো ঠাইতে বিয়পি পৰিছে। এই বিষয়ে আমি একো কোৱাৰ প্ৰয়োজন নাই। কাৰণ লোক সকলে আমাক জনাইছে যে, আপোনালোকে কিদৰে আমাক গ্ৰহণ কৰিছিল আৰু কি ভাবে আপোনালোকে মূর্তি পূজাৰ পৰা ঘূৰি জীৱন্ত আৰু সত্য ঈশ্বৰৰ সেৱা কৰি আছে৷ 10 ঈশ্বৰে যি পুত্রক মৃত লোকৰ মাজৰ পৰা তুলিলে, তেওঁ স্বৰ্গৰ পৰা ঘূৰি অহালৈ আমি অপেক্ষাও কৰি আছোঁ। সেই পুত্র যীচুৱেই আমাক আহিব লগা ক্রোধৰ পৰা ৰক্ষা কৰিব।
* 1 অধ্যায়:8 প্ৰকৃততে গ্ৰীচ দেশৰ এক অঞ্চল