101 অধ্যায়
দায়ুদৰ ৰচিত গীত।
মই দয়া আৰু ন্যায় বিচাৰৰ গীত গাম;
হে যিহোৱা, মই তোমাৰ উদ্দেশ্যে প্ৰশংসাৰ গান গাম।
মই সিদ্ধ পথত চলিবলৈ মনোযোগ দিম;
তুমি কেতিয়া মোৰ ওচৰলৈ আহিবা?
মোৰ ঘৰৰ ভিতৰত মই হৃদয়ৰ সিদ্ধতাত চলিম।
মই জঘন্য কোনো বিষয়কে মোৰ চকুৰ আগত নাৰাখিম;
বিপথে যোৱা লোকসকলৰ কার্যক মই ঘিণ কৰোঁ,
সেইবোৰে মোক খামুচি ধৰিব নোৱাৰিব।
কুটিল অন্তঃকৰণ মোৰ পৰা দূৰ হ’ব;
দুষ্টতাৰ লগত মোৰ সম্পৰ্ক নাথাকিব।
যি জনে গোপনে চুবুৰীয়াৰ অপবাদ চৰ্চ্চে,
তেওঁক মই উচ্ছন্ন কৰিম;
গর্বিত দৃষ্টি আৰু অহংকাৰী মনৰ লোকক মই সহ্য নকৰিম।
দেশৰ বিশ্বাসী লোকসকলৰ ওপৰত মোৰ কৃপা দৃষ্টি থাকিব;
তেওঁলোকে মোৰ সৈতে বাস কৰিব।
যিজন সিদ্ধ পথত চলে, তেওঁ মোৰ পৰিচাৰক হ’ব।
ছলনাকাৰীবোৰ মোৰ গৃহৰ ভিতৰত বাস কৰিব নোৱাৰিব;
মিথ্যাবাদীবোৰ মোৰ চকুৰ আগত থিৰে থাকিব নোৱাৰিব।
প্রতি ৰাতিপুৱাতে সকলো দুষ্ট লোকক মই বিনষ্ট কৰিম;
যিহোৱাৰ নগৰৰ পৰা সকলো অধর্মচাৰীকে উচ্ছন্ন কৰিম।