13 অধ্যায়
প্ৰধান বাদ্যকৰৰ নিমিত্তে: দায়ুদৰ ৰচিত গীত। 
  1 হে যিহোৱা, আৰু কিমান কাল?  
তুমি চিৰকালেই মোক পাহৰি থাকিবা নেকি?  
মোৰ পৰা কিমান দিনলৈ  
তুমি তোমাৰ মুখ লুকুৱাই ৰাখিবা?   
 2 কিমান দিনলৈনো মই মোৰ মনৰ মাজত দুখৰ বোজা বহন কৰি প্রতিদিনে অন্তৰত বেদনা লৈ থাকিব লাগিব?  
কিমান দিনলৈ তুমি মোৰ শত্রুক মোৰ ওপৰত উন্নত কৰি ৰাখিবা?   
 3 হে মোৰ ঈশ্বৰ যিহোৱা,  
মোলৈ দৃষ্টি কৰা, মোক উত্তৰ দিয়া!  
মোৰ দুচকু আলোকিত কৰা, নহলে মই মৃত্যুনিদ্ৰাত টোপনি যাম।   
 4 মোৰ শত্রুৱে তেতিয়া ক’ব, “মই জয়ী হলোঁ;”  
মই অস্থিৰ হোৱাত শত্রুবোৰে আনন্দ কৰিব।   
 5 কিন্তু মই তোমাৰ দৃঢ় প্রেমত ভাৰসা কৰিছোঁ;  
তুমি মোক পৰিত্রাণ কৰিবা আৰু মোৰ মন আনন্দিত হ’ব।   
 6 মই যিহোৱাৰ উদেশ্যে গান গাম,  
কিয়নো তেওঁ মোলৈ মঙ্গল আচৰণ কৰিছে।