14 অধ্যায়
প্ৰধান বাদ্যকৰৰ নিমিত্তে: দায়ুদৰ ৰচিত গীত।
এজন অজ্ঞানীয়ে, তেওঁৰ অন্তৰত কয়, “ঈশ্বৰ বুলি কোনো নাই।”
তেওঁলোক ভ্রষ্ট হৈছে, তেওঁলোকে জঘন্য কার্যবোৰ কৰে;
তেওঁলোকৰ মাজত সৎ কার্য কৰোঁতা কোনো নাই;
যিহোৱাই স্বর্গৰ পৰা তললৈ মানুহৰ ফালে লক্ষ্য কৰি থাকে;
তেওঁ চাব বিচাৰে, প্রকৃতার্থত কোনো জ্ঞানী আছে নে নাই;
তেওঁ চাব বিচাৰে, ঈশ্বৰক বিচাৰা কোনো জ্ঞানী আছে নে নাই।
তেওঁ দেখিলে, সকলোৱেই অপথে গ’ল;
সকলো উচ্ছৃঙ্খল হ’ল;
সৎকৰ্ম কৰোঁতা কোনো নাই, এজনো নাই।
যিসকলে দুষ্টতাৰ কার্য কৰে, তেওঁলোক কি ইমানেই জ্ঞানশূন্য যে,
মানুহে নিজৰ আহাৰ খোৱাৰ নিচিনাকৈ তেওঁলোকে মোৰ লোকসকলক খাই পেলায় আৰু
তেওঁলোকে যিহোৱাৰ ওচৰত প্ৰাৰ্থনাও নকৰে?”
ঈশ্বৰ তেওঁৰ ভক্তসকলৰ সঙ্গত থাকে।
সেয়ে সেই লোকসকল তাত ভীষণ ভয়ৰ মাজত থাকিব।
দুষ্টতাৰ কার্য কৰা যি তোমালোক,
তোমালোকে দুখীয়াৰ পৰিকল্পনা ব্যৰ্থ কৰিবা,
কিন্তু যিহোৱা তেওঁলোকৰ আশ্ৰয়।
অহ! ইস্রায়েলৰ উদ্ধাৰ চিয়োনৰ মাজৰ পৰা আহক!
যিহোৱাই যেতিয়া তেওঁৰ লোকসকলৰ অৱস্থা পুনৰ পৰিবর্তন কৰিব,
তেতিয়া যাকোবৰ বংশই আনন্দ কৰিব;
ইস্রায়েলীয়াসকল উল্লাসিত হ’ব।