47 অধ্যায়
প্ৰধান বাদ্যকৰৰ নিমিত্তে:কোৰহৰ সন্তান সকলৰ ৰচিত গীত।
হে সমুদায় জাতি, তোমালোকে হাত তালি দিয়া;
আনন্দেৰে ঈশ্বৰৰ উদ্দেশ্যে জয়ধ্বনি কৰা।
সৰ্ব্বোপৰি যিহোৱা বিস্ময়জনক;
সমগ্র পৃথিবীৰ ওপৰত তেৱেঁই মহান ৰজা।
তেওঁ লোক সমূহক আমাৰ অধীন কৰিলে,
জাতিবোৰক আমাৰ ভৰিৰ তল কৰিলে।
তেৱেঁই আমাৰ আধিপত্য মনোনীত কৰিলে;
সেই অধিপত্য তেওঁৰ প্ৰেমৰ পাত্র যাকোবৰ গৌৰৱৰ বিষয়। (চেলা)
ঈশ্বৰে জয়-ধ্বনিৰ মাজেৰে উৰ্দ্ধগমন কৰিলে;
যিহোৱাই শিঙা-ধ্বনিৰ মাজেৰে উৰ্দ্ধগমন কৰিলে।
তোমালোকে ঈশ্বৰৰ উদ্দেশ্যে প্ৰশংসাৰ গান কৰা,
প্ৰশংসাৰ গান কৰা;
তোমালোকে আমাৰ ৰজাৰ উদ্দেশ্যে প্ৰশংসাৰ গান কৰা,
প্রশংসাৰ গান কৰা।
কিয়নো ঈশ্বৰ গোটই পৃথিবীৰ ৰজা;
তোমালোকে তেওঁৰ উদ্দেশ্যে এক বিশেষ উপলব্ধিৰে প্ৰশংসাৰ গান কৰা।
সকলো জাতিবোৰৰ ওপৰত ঈশ্বৰে ৰাজত্ব কৰে;
তেওঁৰ পবিত্ৰ সিংহাসনত তেওঁ বহি থাকে।
জাতি সমূহৰ ৰাজপুত্রসকল গোট খাইছে;
অব্ৰাহামৰ ঈশ্বৰৰ লোকৰ দৰেই গোট খাইছে;
কিয়নো পৃথিবীৰ ঢালবোৰ* ঢালবোৰ শাসনকর্তা ঈশ্বৰৰ;
তেৱেঁই সবাতোকৈ মহান।

*47 অধ্যায়:9 ঢালবোৰ শাসনকর্তা