46 অধ্যায়
প্ৰধান বাদ্যকৰৰ নিমিত্তে: কোৰহৰ বংশৰ ৰচিত গীত। অলামোৎ সুৰত গাবলগীয়া সঙ্গীত।
ঈশ্বৰ আমাৰ আশ্ৰয় আৰু বল,
সঙ্কটৰ সময়ত বিচাৰা মাত্ৰে পাব পৰা ঈশ্বৰ।
এই বাবেই মই ভয় নকৰিম - যদিও পৃথিবীৰ পৰিবৰ্ত্তন হয়, পৰ্ব্বতবোৰ কঁপি উঠি সাগৰৰ বুকুত পৰে,
যদিও জল সমূহে তৰ্জ্জন-গৰ্জ্জন কৰে আৰু ফেনে-ফুটুকাৰে ভৰি পৰে,
যদিও পৰ্ব্বতবোৰে আলোড়ন কৰি কঁপি উঠে। (চেলা)
এখন নদী আছে; তাৰ সুঁতিবোৰে ঈশ্বৰৰ নগৰক আনন্দময় কৰি তোলে,
আনন্দময় কৰি তোলে সৰ্ব্বোপৰি জনা থকা সেই পবিত্ৰ স্থান।
ঈশ্বৰ সেই নগৰৰ মাজত থাকে; সেয়ে তাই বিচলিত নহ’ব।
অতি পুৱাতেই ঈশ্বৰে তাইক সহায় কৰিব।
জাতিবোৰে হৈ চৈ কৰিছে; আৰু ৰাজ্যবোৰ উচ্ছন্ন হৈছে;
তেওঁ গর্জন কৰি উঠিছে আৰু পৃথিৱী দ্রৱীভূত হ’ল।
বাহিনীসকলৰ সর্বশক্তিমান যিহোৱা আমাৰ সঙ্গত আছে;
যাকোবৰ ঈশ্বৰ আমাৰ আশ্রয়স্থান। (চেলা)
আহাঁ, যিহোৱাৰ কার্য-কলাপ চোৱা,
তেওঁ পৃথিবীত ধ্বংস আনিছে।
তেওঁ পৃথিবীৰ সকলো যুদ্ধ বন্ধ কৰে,
তেওঁ ধনু ভাঙে, বৰছা ডোখৰ ডোখৰ কৰে,
ৰথবোৰ জুইত পোৰে।
10 যিহোৱাই কৈছে, “তোমালোক ক্ষান্ত* যুদ্ধবোৰ বন্ধ কৰা হোৱা, মই যে ঈশ্বৰ, ইয়াকে জানা!
সকলো জাতিয়ে মোকেই গৌৰৱান্বিত কৰিব,
পৃথিৱীয়ে মোকেই গৌৰৱান্বিত কৰিব।”
11 বাহিনীসকলৰ সর্বশক্তিমান যিহোৱা আমাৰ সঙ্গত আছে;
যাকোবৰ ঈশ্বৰ আমাৰ আশ্রয়স্থান। (চেলা)

*46 অধ্যায়:10 যুদ্ধবোৰ বন্ধ কৰা