69 অধ্যায়
প্ৰধান বাদ্যকৰৰ নিমিত্তে: চোচন্নীম সুৰত গাবলগীয়া দায়ূদৰ ৰচিত গীত।
হে ঈশ্বৰ, মোক পৰিত্ৰাণ কৰা;
কিয়নো মই জলপ্লাৱনত ডিঙিলৈ ডুবি যাব ধৰিছোঁ।
মই গভীৰ বোকাত তল গৈছো, তাত থিয় হবলৈ ঠাই নাই;
গভীৰ জলত আহি পৰিলোঁ, ধল পানী মোৰ ওপৰৰে বৈ গৈছে।
মই কান্দি কান্দি ভাগৰিলোঁ, মোৰ ডিঙি শুকাই গ’ল;
মই ঈশ্বৰলৈ বাট চাই থাকোঁতে থাকোঁতে, মোৰ চকু দুৰ্ব্বল হৈ পৰিল।
অকাৰণে মোক ঘিণাওঁতাসকল মোৰ মূৰৰ চুলিতকৈয়ো অধিক;
অকাৰণে মোৰ শত্ৰু হৈ মোক নষ্ট কৰিব খোজাসকল অতি শক্তিশালী;
মই যি চূৰ কৰা নাই, তাক মই ওলোটাই দিব লাগে।
হে ঈশ্বৰ, তুমিয়েই মোৰ মুৰ্খতা জানি আছা;
আৰু মোৰ দোষবোৰ তোমাৰ আগত লুকাই নাথাকে।
হে বাহিনীসকলৰ ঈশ্বৰ যিহোৱা, তোমালৈ অপেক্ষা কৰাসকল মোৰ দ্বাৰাই যেন লাজত নপৰে;
হে ইস্ৰায়েলৰ ঈশ্বৰ, তোমাক বিচাৰাসকল মোৰ দ্বাৰাই অপমানিত নহওক।
তোমাত মই আসক্ত হোৱাৰ কাৰণে লোকসকলে মোক অপমানিত কৰে;
তেওঁলোকে মোক সম্পূর্ণ ভাবে অপদস্থ কৰিলে।
মই মোৰ ভাইসকলৰ মাজত বিদেশী হলোঁ;
তেওঁলোকে মোক বিদেশীৰ দৰে ব্যৱহাৰ কৰে।
কিয়নো তোমাৰ গৃহৰ কাৰণে হোৱা মোৰ উৎসাহ-অগ্নিয়ে মোক গ্ৰাস কৰিলে;
আৰু তোমাক নিন্দা কৰাবিলাকৰ নিন্দা মোৰ ওপৰত পৰিল।
10 যেতিয়া মই কান্দি কান্দি লঘোনেৰে মোৰ প্ৰাণক দুখ দিছিলোঁ* উপবাসেৰে মই নিজকে নম্র কৰিছিলোঁ।;
তেতিয়া সেয়ে মোলৈ নিন্দাৰ কাৰণ হ’ল।
11 যেতিয়া মই চট কাপোৰ পিন্ধি দুখ প্রকাশ কৰিছিলোঁ;
তেতিয়া মই তেওঁলোকৰ দৃষ্টান্ত স্বৰূপ হলোঁ।
12 নগৰৰ দুৱাৰমুখত বহাসকলে মোৰ বিষয়ে কথা পাতে;
মই মতলীয়াবোৰৰ গানৰ বিষয় হলোঁ।
13 কিন্তু হে যিহোৱা, মই হলে সদায় তোমাৰ আগত প্ৰাৰ্থনা কৰোঁ তাক তুমি গ্রহণ কৰা;
তোমাৰ অধিক দয়াৰ গুণে তোমাৰ পৰিত্ৰাণৰ সত্যতাত মোক উত্তৰ দিয়া।
14 বোকাৰ পৰা মোক উদ্ধাৰ কৰা, ডুবি যাবলৈ নিদিবা;
মোক ঘিণাওঁতাবোৰৰ পৰা আৰু গভীৰ জলৰ পৰাও মোক উদ্ধাৰ কৰা।
15 ধল পানীয়ে মোক তল নিনিয়াওক, গভীৰ জলে মোক গ্ৰাস নকৰক;
আৰু মৈদামৰ মুখ মোৰ ওপৰত বন্ধ নহওক।
16 হে যিহোৱা, মোৰ প্রার্থনাৰ উত্তৰ দিয়া, কিয়নো তোমাৰ প্ৰতিজ্ঞা বিশ্বস্ততা উত্তম;
তোমাৰ প্ৰচুৰ দয়া অনুসাৰে মোলৈ মুখ ঘূৰুৱা।
17 তোমাৰ দাসৰ পৰা তোমাৰ মুখ লুকুৱাই নাৰাখিবা;
কাৰণ মই সঙ্কটত আছোঁ; শীঘ্ৰে মোক উত্তৰ দিয়া।
18 তুমি মোৰ ওচৰ চাপি মোৰ প্ৰাণ মুক্ত কৰা;
মোৰ মুক্তিপণ দি শত্ৰুবোৰৰ পৰা মোক উদ্ধাৰ কৰা।
19 মোৰ অপযশ, লাজ, আৰু অপমান তুমিয়েই জানি আছা;
মোৰ সকলো প্রতিদ্বন্দী তোমাৰ আগত আছে।
20 তীব্র তিৰস্কাৰত মোৰ মন ভগ্ন হৈ দুখেৰে ভৰি পৰিল;
কোনোবাই মোক কৃপা কৰিব বুলি মই বাট চালোঁ,
কিন্তু কোনো নাছিল; শান্ত্বনা কৰাসকললৈ অপেক্ষা কৰিলোঁ, কিন্তু এজনো নাপালোঁ।
21 তেওঁলোকে মোক আহাৰৰ বাবে বিহ দিলে;
মোৰ পিয়াহত তেওঁলোকে মোক টেঙা ৰস পান কৰালে।
22 তেওঁলোকৰ আগত থকা আহাৰেই তেওঁলোকৰ ফান্দৰ দৰে হ’ব;
আৰু তেওঁলোকৰ সম্পত্তিয়ে তেওঁলোকক জালত পেলাব তেওঁলোকৰ উৎসর্গিত আহাৰে তেওঁলোকৰ বন্ধুৰ কাৰণে ফান্দ স্বৰূপ হ’ব। কিছুমান অনুলিপিত আছে - তেওঁলোকে নিৰাপদে আছোঁ বুলি ভাবে, তেতিয়া তেওঁলোক জালত পৰিব।
23 তেওঁলোকে কেতিয়াও দেখা নাপাবলৈ তেওঁলোকৰ চকু অন্ধ হওক;
তুমি তেওঁলোকৰ কঁকাল সদায় কঁপি থকা কৰা।
24 তেওঁলোকৰ ওপৰত তোমাৰ অতিশয় ক্ৰোধ দেখুৱা;
তোমাৰ প্ৰচণ্ড ক্ৰোধে তেওঁলোকক আতঙ্কগ্রস্থ কৰক।
25 তেওঁলোকৰ বাসস্থান উচ্ছন্ন হওক;
তেওঁলোকৰ তম্বুত কোনেও বাস নকৰক।
26 কিয়নো তেওঁলোকক নির্যাতন কৰা জনকেই তুমি প্রহাৰ কৰা;
তেওঁলোকে তুমি শাস্তি দিয়া সকলৰ দুখৰ বিষয়ে কথা পাতে।
27 তুমি তেওঁলোকৰ অপৰাধৰ ওপৰত অপৰাধ যোগ দিয়া;
তেওঁলোকে তোমাৰ ধাৰ্মিকতাৰ ভাগী নহওক।
28 জীৱিতসকলৰ তালিকাৰ পৰা তেওঁলোকৰ নাম মচি পেলোৱা হওক;
আৰু ধাৰ্মিকসকলৰ লগত তেওঁলোকৰ নাম লিখা নহওক।
29 কিন্তু মই হলে, দুখ আৰু বেদনা পাইছো;
হে ঈশ্বৰ, তোমাৰ পৰিত্ৰাণে মোক উন্নত কৰক।
30 মই এটি গানেৰে ঈশ্বৰৰ নামৰ প্ৰশংসা কৰিম;
ধন্যবাদেৰে তেওঁক উল্লাসিত কৰিম।
31 তেওঁলোকৰ অনুগ্রহ যিহোৱালৈ ভতৰা গৰুতকৈ উত্তম;
নাইবা শিং আৰু খুৰা থকা ভতৰাতকৈয়ো, সেয়ে যিহোৱাক অধিক সন্তোষ দিব।
32 নম্ৰসকলে তাকে দেখি আনন্দিত হ’ব;
হে ঈশ্বৰক বিচাৰাসকল তোমালোকৰ হৃদয় পুনৰ্জীৱিত হওক।
33 কিয়নো যিহোৱাই দৰিদ্ৰসকললৈ কাণ পাতে;
আৰু তেওঁ নিজৰ বন্দীয়াৰসকলক হেয়জ্ঞান নকৰে।
34 আকাশ আৰু পৃথিবীয়ে তেওঁৰ প্ৰশংসা কৰক;
সাগৰ আৰু তাৰ মাজত চৰি ফুৰা সমুদায় প্ৰাণীয়ে তেওঁৰ স্তুতি কৰক।
35 কিয়নো ঈশ্বৰে চিয়োনক পৰিত্ৰাণ কৰিব আৰু যিহূদাৰ নগৰবোৰ পুনৰায় নিৰ্ম্মাণ কৰিব;
লোকসকলে তাত বাস কৰি তাক অধিকাৰ কৰিব।
36 তেওঁৰ দাসবোৰৰ বংশয়ো তাক অধিকাৰ কৰিব;
তেওঁৰ নাম প্ৰেম কৰোঁতাসকলে তাত বাস কৰিব।

*69 অধ্যায়:10 উপবাসেৰে মই নিজকে নম্র কৰিছিলোঁ।

69 অধ্যায়:22 তেওঁলোকৰ উৎসর্গিত আহাৰে তেওঁলোকৰ বন্ধুৰ কাৰণে ফান্দ স্বৰূপ হ’ব। কিছুমান অনুলিপিত আছে - তেওঁলোকে নিৰাপদে আছোঁ বুলি ভাবে, তেতিয়া তেওঁলোক জালত পৰিব।