70 অধ্যায়
প্ৰধান বাদ্যকৰৰ নিমিত্তে: দায়ুদৰ ৰচিত স্মৰণাৰ্থক গীত।
হে ঈশ্বৰ, মোক ৰক্ষা কৰা!
হে যিহোৱা, শীঘ্রে মোক উদ্ধাৰ কৰিবলৈ আহা।
যিসকল লোকে মোৰ বিপদত সন্তুষ্ট হয়, তেওঁলোক অভিশপ্ত হৈ লাজ পাওক;
মোৰ প্ৰাণ বিচাৰোঁতাসকল বঞ্চিত হৈ বিভ্রান্ত হওক।
যিসকলে মোক আহা আহা বোলে;
তেওঁলোকে লাজ পাই উলটি যাওক।
তোমাক বিচাৰোতাসকল তোমাত আনন্দ কৰি উল্লাসিত হওক;
তোমাৰ পৰিত্ৰাণক প্ৰীতি কৰোঁতা সকলে “যিহোৱা মহিমান্বিত হওক” বুলি সদায় কওক।
কিন্তু মই হ’লে অভাবগ্রস্ত আৰু দৰিদ্ৰ;
হে ঈশ্বৰ, মোৰ ওচৰলৈ শীঘ্ৰে আহাঁ;
তুমি মোৰ সহায় আৰু মোৰ উদ্ধাৰকৰ্ত্তা;
হে যিহোৱা, পলম নকৰিবা।