99 অধ্যায়
যিহোৱাই ৰজা; জাতি সমূহ কম্পিত হওঁক।
তেওঁ কৰূবৰ ওপৰত সিংহাসনত বহি আছে;
পৃথিৱী কঁপি উঠক।
চিয়োনত যিহোৱা মহান;
সমুদায় জাতিৰ উর্দ্ধত তেওঁক উন্নীত কৰা হ’ল।
জাতিবোৰে তেওঁৰ মহৎ আৰু ভয়াবহ নামৰ প্ৰশংসা কৰক;
তেওঁ পবিত্ৰ।
শক্তিশালী ৰজাই ন্যায় ভাল পায়* যদি ৰজা শক্তিশালী হয়, তেনেহলে তেওঁ ন্যায় ভাল পায়।;
তুমিয়েই ন্যায়বিচাৰ স্থাপন কৰিলা;
তুমিয়েই যাকোবৰ বংশৰ মাজত ন্যায় বিচাৰ আৰু ধাৰ্মিকতা সাধন কৰিলা।
আমাৰ ঈশ্বৰ যিহোৱাৰ উচ্চ প্রশংসা কীৰ্ত্তন কৰা,
তেওঁৰ ভৰিপীৰা সন্মুখত প্ৰণিপাত কৰা;
তেওঁ পবিত্ৰ।
তেওঁৰ পুৰোহিতসকলৰ মাজৰ মোচি আৰু হাৰোণ,
আৰু প্ৰার্থনা কৰা লোকসকলৰ মাজৰ চমূৱেলে
প্ৰাৰ্থনা কৰাৰ পাছত তেওঁ উত্তৰ দিছিল।
তেওঁ মেঘ স্তম্ভৰ মাজৰ পৰা তেওঁলোকক কথা কৈছিল;
তেওঁ দিয়া আজ্ঞা আৰু বিধিবোৰ তেওঁলোকে পালন কৰিছিল।
হে আমাৰ ঈশ্বৰ যিহোৱা, তুমি তেওঁলোকৰ প্রার্থনাৰ উত্তৰ দিছিলা;
তুমি তেওঁলোকলৈ এজন ক্ষমাৱান ঈশ্বৰ আছিলা,
তথাপিও তেওঁলোকৰ ভুল কর্মৰ প্রতিফল দিছিলা।
তোমালোকে আমাৰ ঈশ্বৰ যিহোৱাৰ গৌৰৱ কীৰ্ত্তন কৰা,
তেওঁৰ পবিত্ৰ পৰ্ব্বত অভিমুখে প্ৰণিপাত কৰা:
কিয়নো আমাৰ ঈশ্বৰ যিহোৱা পবিত্ৰ।

*99 অধ্যায়:4 যদি ৰজা শক্তিশালী হয়, তেনেহলে তেওঁ ন্যায় ভাল পায়।