100 অধ্যায়
ধন্যবাদাৰ্থক গীত।
হে সমুদায় পৃথিৱী, তোমালোকে যিহোৱাৰ উদ্দেশ্যে আনন্দ ধ্বনি কৰা।
আনন্দ মনেৰে যিহোৱাৰ সেৱা কৰা;
আনন্দ গানেৰে সৈতে তেওঁৰ উপস্থিতিৰ সন্মুখলৈ আহাঁ;
তোমালোকে ইয়াকে জানা যে, যিহোৱাই ঈশ্বৰ;
তেঁৱেই আমাক নিৰ্ম্মাণ কৰিলে, আমি তেওঁৰেই;
আমি তেওঁৰ প্ৰজা আৰু তেওঁৰ চৰণীয়া পথাৰৰ মেৰ-ছাগ।
তেওঁৰ ধন্যবাদ কৰি তেওঁৰ দুৱাৰবোৰত প্রৱেশ কৰা,
তেওঁৰ প্ৰশংসা কৰি তেওঁৰ চোতাল কেইখনত সোমোৱা;
তেওঁৰ স্তুতি কৰা, তেওঁৰ নামৰ ধন্যবাদ কৰা।
কিয়নো যিহোৱা মঙ্গলময়, তেওঁৰ দয়া চিৰকাল স্থায়ী;
তেওঁৰ বিশ্বস্ততা পুৰুষে পুৰুষে স্থায়ী।