121 অধ্যায়
যাত্ৰাৰ সঙ্গীত।
মই পৰ্ব্বতবোৰৰ ফালে মোৰ চকু তুলি কওঁ,
ক’ৰ পৰা মোৰ সহায় আহিব?
যি জনাই আকাশ-মণ্ডল আৰু পৃথিৱী সৃষ্টি কৰিলে, সেই যিহোৱাৰ পৰা মোৰ সহায় আহিব।
তেওঁ তোমাৰ ভৰি লৰচৰ হ’বলৈ নিদিব;
তোমাৰ ৰখীয়াজনা টোপনি নাযাব।
চোৱা, যি জনাই ইস্ৰায়েলক ৰক্ষা কৰে,
তেওঁ টোপনি নাযাব, নিদ্ৰিত নহ’ব।
যিহোৱা তোমাৰ ৰক্ষক;
যিহোৱা তোমাৰ সোঁ হাতে থকা তোমাৰ ছাঁস্বৰূপ।
দিনত সূৰ্যই তোমাক প্ৰহাৰ নকৰিব, আৰু ৰাতি চন্দ্ৰয়ো তোমাক নামাৰিব।
যিহোৱাই তোমাক সকলো অমঙ্গলৰ পৰা ৰক্ষা কৰিব;
তেওঁ তোমাৰ প্ৰাণ ৰক্ষা কৰিব।
যিহোৱাই এতিয়াৰ পৰা অনন্ত কাললৈকে তুমি ওলাওঁতে সোমাওঁতে তোমাক ৰক্ষা কৰিব।