122 অধ্যায়
দায়ুদৰ ৰচিত যাত্ৰাৰ সঙ্গীত।
1 মই আনন্দিত হ’লো, যেতিয়া লোকসকলে মোক ক’লে,
“ব’লা, আমি যিহোৱাৰ গৃহলৈ যাওঁ।”
2 হে যিৰূচালেম, আমি তোমাৰ দুৱাৰবোৰৰ ভিতৰত ভৰি থৈ থিয় হৈ আছোঁ।
3 সেই যিৰূচালেমক একেলগে সুদৃঢ়ভাৱে সংযুক্ত কৰা এটি নগৰ হিচাবে গঢ়ি তোলা হৈছে।
4 সকলো ফৈদ সেই ঠাইলৈ উঠি যায়,
তেওঁলোক যিহোৱাৰ লোকসকলৰ ফৈদ;
তেওঁলোকে ইস্ৰায়েল জাতিৰ বাবে দিয়া আজ্ঞা অনুসাৰে যিহোৱাৰ নামৰ ধন্যবাদ কৰিবলৈ উঠি যায়।
5 কিয়নো সেই ঠাইত বিচাৰৰ বাবে সিংহাসনবোৰ আছে,
দায়ুদৰ বংশৰ সিংহাসনবোৰ স্থাপিত আছে।
6 তোমালোকে যিৰূচালেমৰ শান্তিৰ অৰ্থে প্ৰাৰ্থনা কৰা;
“যিসকলে যিৰূচালেমক ভাল পায়, তেওঁলোক উন্নত হওঁক।
7 তোমালোকৰ প্রাচীৰবোৰৰ ভিতৰত শান্তি হওঁক,
আৰু তোমালোকৰ উচ্চ অট্টালিকাবোৰ নিৰাপদে থাকক।”
8 মোৰ কুটুম্ব আৰু বন্ধুসকলৰ অর্থে মই ক’ম, “যিৰূচালেমৰ মাজত শান্তি থাকক।”
9 আমাৰ ঈশ্বৰ যিহোৱাৰ গৃহ সেই ঠাইত আছে বাবেই মই তোমাৰ মঙ্গল বিচাৰি*বিচাৰিম। প্ৰার্থনা কৰিম।