130 অধ্যায়
যাত্ৰাৰ সঙ্গীত
হে যিহোৱা, মই গভীৰ কষ্টৰ মাজত থাকি তোমাক মাতিছো।
হে প্ৰভু, মোৰ স্বৰ শুনা!
মোৰ কাকুতিৰ স্বৰলৈ তুমি মনোযোগ দিয়া!
হে যিহোৱা, তুমি যদি অপৰাধ ধৰি ৰাখা,
তেন্তে প্রভু, কোন তিষ্ঠি থাকিব পাৰে?
কিন্তু তোমাৰ ওচৰত ক্ষমা আছে,
যেন মানুহে তোমাক ভয় কৰে।
মই যিহোৱালৈ অপেক্ষা কৰিছোঁ, মোৰ প্ৰাণে অপেক্ষা কৰিছে,
মই তেওঁৰ বাক্যত আশা কৰিছোঁ।
প্রহৰীসকলে যেনেকৈ ৰাতিপুৱালৈ অপেক্ষা কৰে,
হয়, তেওঁলোকে যেনেকৈ ৰাতিপুৱালৈ অপেক্ষা কৰি থাকে,
যিহোৱাৰ কাৰণে মোৰ প্রাণে তাতোকৈ অধিক বেচি অপেক্ষা কৰি আছে।
হে ইস্ৰায়েল, যিহোৱাৰ ওপৰত আশা ৰাখা, কিয়নো যিহোৱাৰ লগত সুস্থিৰ প্রেম আছে;
তেওঁৰ মুক্তি দিয়াৰ মহান ক্ষমতা আছে।
তেৱেঁ ইস্ৰায়েলক মুক্ত কৰিব,
সকলো অপৰাধৰ পৰা মুক্ত কৰিব।