149 অধ্যায়
 1 তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা।  
যিহোৱাৰ উদ্দেশ্যে এটি নতুন গীত গোৱা,  
ভক্তসকলৰ সমাজত তেওঁৰ প্ৰশংসাৰ গান কৰা,   
 2 ইস্ৰায়েলে নিজৰ সৃষ্টিকৰ্ত্তাক লৈ আনন্দ কৰক;  
চিয়োনৰ সন্তান সকলে নিজৰ ৰজাসকলক লৈ আনন্দ কৰক।   
 3 তেওঁলোকে নাচি নাচি তেওঁৰ নামৰ প্ৰশংসা কৰক,  
খঞ্জৰী আৰু বীণা লৈ তেওঁৰ উদ্দেশ্যে প্ৰশংসাৰ গান কৰক।   
 4 কিয়নো যিহোৱাই নিজৰ লোকসকলক লৈ আনন্দ পায়;  
তেওঁ নম্ৰসকলক উদ্ধাৰ কৰি সন্মানিত কৰে।   
 5 ভক্তসকলে বিজয়ত*গৌৰৱতে উল্লাসিত হওক;  
তেওঁলোকে নিজ নিজ শয্যাত আনন্দ গান কৰক।   
 6 তেওঁলোকৰ কন্ঠত ঈশ্বৰৰ উচ্চ প্ৰশংসা থাকক,  
তেওঁলোকৰ হাতত দুধৰীয়া তৰোৱাল থাকক;   
 7 যাতে তেওঁলোকে জাতিবোৰৰ ওপৰত প্ৰতিশোধ লব পাৰে,  
আৰু লোক সমূহক শাস্তি দিব পাৰে;   
 8 যেন তেওঁলোকৰ ৰজাসকলক শিকলিৰে বান্ধিব পাৰে,  
তেওঁলোকৰ মান্যৱন্ত লোকক লোহাৰ বেৰিৰে বান্ধিব পাৰে;   
 9 যেন তেওঁলোকৰ বিৰুদ্ধে লিখিত বিচাৰ নিষ্পত্তি কৰিব পাৰে,  
এয়েই তেওঁৰ সকলো ভক্তৰ গৌৰৱ।  
তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা।