150 অধ্যায়
 1 তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা।  
ঈশ্বৰৰ পবিত্ৰ স্থানত তেওঁৰ প্ৰশংসা কৰা;  
তেওঁৰ শক্তিৰে গঢ়া আকাশমণ্ডলত তেওঁৰ প্ৰশংসা কৰা।   
 2 তেওঁৰ মহৎ কাৰ্যৰ নিমিত্তে তেওঁৰ প্ৰশংসা কৰা,  
তেওঁৰ প্ৰচুৰ মহিমাৰ কাৰণে তেওঁৰ প্ৰশংসা কৰা।   
 3 শিঙা-বাদ্যেৰে তেওঁৰ প্ৰশংসা কৰা;  
নেবল আৰু বীণাৰে তেওঁৰ প্ৰশংসা কৰা।   
 4 খঞ্জৰী লৈ নাচি নাচি তেওঁৰ প্ৰশংসা কৰা;  
তাঁৰযুক্ত বাদ্যযন্ত্ৰ আৰু বাঁহীৰে তেওঁৰ প্ৰশংসা কৰা।   
 5 কৰতালৰ উচ্চ ধ্বনিৰে সৈতে তেওঁৰ প্ৰশংসা কৰা;  
কাণ ফাটি যোৱা কৰতালৰ ধ্বনিৰে তেওঁৰ প্ৰশংসা কৰা।   
 6 শ্বাসযুক্ত সকলো প্রাণীয়েই যিহোৱাৰ প্ৰশংসা কৰক।  
তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা।